জামিন আৱেদন আৰু অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত ন্যায়াধীশসকলক ব্যক্তিগত নৈতিকতা তথা দৃষ্টিভংগীৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ বুধবাৰে উচ্চতম ন্যায়ালয়ে এক তাৎপৰ্যপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে।ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ এ এছ চান্দুৰকাৰক লৈ গঠিত বিচাৰপীঠে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশ খাৰিজ কৰি এই মন্তব্য কৰে। এগৰাকী যৌন নিৰ্যাতনৰ অভিযুক্তক জামিন প্ৰদান কৰিলে সমাজ ব্যৱস্থা আৰু ভুক্তভোগীৰ পৰিয়ালৰ নৈতিকতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে বুলি উল্লেখ কৰি উচ্চ ন্যায়ালয়খনে অভিযুক্তৰ জামিন আৱেদন নাকচ কৰিছিল। উচ্চতম ন্যায়ালয়ে যোৱা ২৩ ছেপ্টেম্বৰত প্ৰদান কৰা নিৰ্দেশত স্পষ্ট কৰি দিয়ে যে ন্যায়াধীশসকলে নিজৰ ব্যক্তিগত নৈতিকতাৰ মাপকাঠীৰে এনে স্পৰ্শকাতৰ গোচৰৰ বিচাৰ কৰিব নালাগে।
বিচাৰপীঠখনে উল্লেখ কৰে যে যোৱা ২০ মাৰ্চত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশটোত অভিযুক্তগৰাকীক জামিন দিলে সামাজিক শৃংখলা বিঘ্নিত হোৱাৰ যি যুক্তি দৰ্শাইছিল, সেয়া গ্ৰহণযোগ্য নহয়। তথ্য অনুসৰি, মধ্যপ্ৰদেশৰ ৰতলাম জিলাত অভিযুক্তগৰাকীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ), শিশু যৌন অপৰাধ প্ৰতিৰোধ আইন, ২০১২ (পকচো আইন) আৰু অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ নিবাৰণ) আইন, ১৯৮৯ ৰ বিভিন্ন ধাৰাৰ অধীনত এখন এজাহাৰ ৰুজু কৰা হৈছিল। অভিযুক্তগৰাকী ভুক্তভোগীৰ চুবুৰীয়া এগৰাকী ভাড়াতীয়া আছিল আৰু বিবাহিত হোৱা সত্ত্বেও তেওঁ ভুক্তভোগীৰ বায়েকক অপহৰণ কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগত প্ৰথমটো গোচৰ ৰুজু হৈছিল। ইয়াৰ পাছতেই ভুক্তভোগীয়ে তেওঁৰ মাতৃক অভিযুক্তগৰাকীয়ে প্ৰায় এমাহ ধৰি তেওঁক যৌন শোষণ কৰা বুলি অৱগত কৰে, যাৰ ভিত্তিত বৰ্তমানৰ গোচৰটো ৰুজু কৰা হৈছিল।
আনহাতে, অভিযুক্তগৰাকীৰ অধিবক্তাই আদালতত যুক্তি দৰ্শাইছিল যে ভুক্তভোগীৰ বায়েকৰ সৈতে অভিযুক্তৰ থকা সম্পৰ্কৰ পৰিণতিতেই এই দ্বিতীয়টো গোচৰ ৰুজু কৰা হৈছে। অধিবক্তাগৰাকীৰ দাবী অনুসৰি, বায়েকৰ সৈতে থকা সম্পৰ্কৰ আখেজ পূৰণ কৰিবলৈকে অভিযুক্তক হাৰাশাস্তি কৰাৰ উদ্দেশ্যে এই মিছা অভিযোগ উত্থাপন কৰা হৈছে। দুয়োপক্ষৰ যুক্তি শুনাৰ পাছত উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে অভিযুক্তগৰাকী ইতিমধ্যে এবছৰতকৈ অধিক সময় ধৰি ন্যায়িক জিম্মাত আছে। বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বলৈ আৰু অধিক সময়ৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰি বিচাৰপীঠে কয় যে এনে পৰিস্থিতিত অভিযুক্তগৰাকীয়ে জামিন লাভ কৰাৰ যোগ্য।
এই পৰ্যবেক্ষণৰ ভিত্তিতে সৰ্বোচ্চ ন্যায়ালয়ে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশটো খাৰিজ কৰে। লগতে, অভিযুক্তগৰাকীক সৰ্বাধিক সাত দিনৰ ভিতৰত সংশ্লিষ্ট ক্ষেত্ৰাধিকাৰ থকা বিশেষ আদালতত হাজিৰ কৰাবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পাছতে বিশেষ আদালতখনে উপযুক্ত বুলি ভবা চৰ্তসাপেক্ষে অভিযুক্তগৰাকীক জামিনত মুকলি কৰি দিব লাগিব বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশনাত স্পষ্ট কৰি দিছে।


