• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2026 11:38 am
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰালাৰ গৃহমন্ত্ৰী ৰমেশ চেন্নিথালাই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে এক ভিজিলেন্স তদন্তৰ নিৰ্দেশ দিছে। ২০০৬ চনত ৰাজ্যখনৰ গড়কাপ্তানি বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত সংঘটিত হোৱা অনিয়মৰ অভিযোগৰ ভিত্তিত এই তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰিছে।

বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ বিৰুদ্ধে হঠাৎ উত্থাপিত হোৱা এই পুৰণি গোচৰটোৱে এতিয়া সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Apply Now

এই সমগ্ৰ গোচৰটো মালয়েছিয়াৰ অসামৰিক অভিযন্তা লী চি বীনৰ আত্মহত্যাৰ সৈতে জড়িত। কেৰালা ৰাজ্যিক পৰিবহণ প্ৰকল্পৰ অধীনত এম চি ৰোডৰ উন্নীতকৰণৰ সৈতে জড়িত পাটি-বেল কনচৰ্টিয়ামৰ সৈতে তেওঁ যুক্ত আছিল। উল্লেখযোগ্য যে আত্মহত্যা কৰা অভিযন্তাগৰাকীৰ ছুইচাইড নোটত জ্ঞানেশ কুমাৰৰ নাম স্পষ্টভাৱে উল্লেখ আছিল। হেঁচা প্ৰয়োগ কৰা আৰু গোচৰটোৰ মূল তদন্ত বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই এই নতুন তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

গৃহমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে, চেন্নিথালাই পোনপটীয়াকৈ ভিজিলেন্স সঞ্চালকক এই গোচৰত বাহিৰা প্ৰভাৱৰ অভিযোগৰ পুংখানুপুংখ তদন্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ কৰ্মী মালায়িনকিঝু বেণুগোপালে তেওঁক জ্ঞানেশ কুমাৰৰ দুৰ্নীতি সন্দৰ্ভত এখন আবেদন দিছিল, য’ত কেইবাটাও গুৰুতৰ বিষয় উন্মোচিত হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ছুইচাইড নোটত গড়কাপ্তানি বিভাগৰ সচিবৰ নাম থকাৰ পিছত চৰকাৰে নীৰৱে বহি থাকিব নোৱাৰে। সেয়েহে ন্যায় প্ৰদানৰ বাবে আইনী ব্যৱস্থা ল’বলৈ তেওঁ ভিজিলেন্স সঞ্চালকক নিৰ্দেশ দিছে আৰু দুৰ্নীতি নিবাৰক শাখাই এই অভিযোগসমূহৰ তদন্ত কৰিব।

ইপিনে, ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী আৰু ব্যাপক হাৰত ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ তুলি শুকুৰবাৰে দিল্লী আৰু মুম্বাইত বিৰোধী দল, ছাত্ৰ সংগঠন আৰু যুৱ গোটসমূহে প্ৰতিবাদ সাব্যস্ত কৰি জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী জনায়। আৰক্ষীয়ে অনুমতি নিদিয়াৰ পিছতো মুম্বাইৰ শিৱাজী পাৰ্কত হাজাৰ হাজাৰ লোক গোট খায় আৰু দিল্লীত প্ৰায় সাতশ লোকক আটক কৰা হয়। দিল্লীত আটক হোৱাসকলৰ ভিতৰত আপ নেত্ৰী আতিশী, সৌৰভ ভৰদ্বাজ, চিপিআই(এম) নেতা এম এ বেবী, বৃন্দা কাৰাট, আৰজেডি নেতা মনোজ ঝা আৰু সমাজকৰ্মী যোগেন্দ্ৰ যাদৱকে ধৰি বহুকেইজন বিশিষ্ট নেতা আছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে দহ মাহৰ ভিতৰত কমেও চৈধ্যবাৰ ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়া আৰু অন্যান্য নিৰ্বাচনী বিষয়ক লৈ আপত্তি দৰ্শাইছিল। ভোটাৰৰ নাম কৰ্তন আৰু ভোটাৰ তালিকাৰ ডাটাবেছৰ প্ৰৱেশাধিকাৰ আদি বিষয়সমূহ এই আপত্তিসমূহৰ অন্তৰ্ভুক্ত আছিল। অৱশ্যে নিৰ্বাচন আয়োগে এই আপত্তিসমূহক প্ৰাতিষ্ঠানিক মতানৈক্য বুলি মানি ল’বলৈ অস্বীকাৰ কৰিছে। আয়োগৰ মতে, খচৰা পৰ্যায়ত উত্থাপিত হোৱা প্ৰশ্ন আৰু পৰামৰ্শসমূহ নিয়মীয়া প্ৰশাসনিক প্ৰক্ৰিয়াৰ এক অংশহে মাত্ৰ। নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিছে যে তিনিজনীয়া আয়োগে সকলো সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

October 4, 2026 11:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd