• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 12, 2026 7:52 am
দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত।

দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত।

20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত সোমবাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰিবলগীয়া বিৰোধী মিত্ৰজোঁটৰ ‘INDIA Bloc’ৰ প্ৰস্তাৱিত পদযাত্ৰা আৰু স্মাৰক পত্ৰৰ ঠিক পূৰ্বেই বিৰোধী শিবিৰে বাধাৰ সন্মুখীন হ’বলগীয়া হয়। বিৰোধী দলসমূহৰ বৈঠকৰ আবেদন পোনপটীয়াকৈ নাকচ কৰিছে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে। আদালতৰ প্ৰশাসনিক পৰ্যায়ত ৰাজনৈতিক দলৰ সৈতে এনে বৈঠক সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিয়া হৈছে। বৰঞ্চ ইণ্ডিয়া মিত্ৰজোঁটক আবেদন দাখিল কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

বিৰোধীয়ে ইমেইলযোগে প্ৰেৰণ কৰা পত্ৰৰ উত্তৰত মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ে জনাইছে যে বিৰোধীয়ে আলোচনা কৰিব বিচৰা সকলো বিষয়ৰ সৈতে জড়িত গোচৰ ইতিমধ্যে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে।

আদালতৰ সূত্ৰ অনুসৰি মুখ্য ন্যায়াধীশে স্পষ্টকৈ উল্লেখ কৰিছে যে প্ৰশাসনিক পৰ্যায়ত কোনো ৰাজনৈতিক দলৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰাৰ কৰ্তৃত্ব আদালতৰ নাই। আদালতৰ কাম হ’ল যথাযথ আইনী প্ৰক্ৰিয়াৰ জৰিয়তে পিটিছন বা আবেদনৰ শুনানি লৈ তাৰ ওপৰত ৰায়দান কৰা।

Apply Now

মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে উল্লেখ কৰে যে দেশৰ সৰ্বোচ্চ ন্যায়ালয় হিচাপে উচ্চতম ন্যায়ালয়ৰ দুৱাৰ “সকলোৰে বাবে ২৪ ঘণ্টাই খোলা” আৰু আদালতে প্ৰতিজন নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ।

মুখ্য ন্যায়াধীশৰ এই বাৰ্তা সত্ত্বেও পূৰ্বতে ঘোষিত কাৰ্যসূচী অনুসৰি সোমবাৰে বিৰোধী দলসমূহে উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰা কৰাৰ প্ৰবল সম্ভাৱনা আছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিতৰ্কিত নেতৃত্ব আৰু ভোটাৰ তালিকা পুনৰীক্ষণৰ নামত বৃহৎ অনিয়মৰ অভিযোগ উত্থাপন কৰি ককৰোচ জনতা পাৰ্টি আৰু বিৰোধী দলসমূহে সাধাৰণ জনতা আৰু যুৱক-যুৱতীসকলৰ লগতে অহৰহ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিছে যে সোমবাৰৰ এই পদযাত্ৰা কোনো বিশেষ ৰাজনৈতিক দলৰ নহয়, সমগ্ৰ ভাৰতবাসীৰ প্ৰতিবাদ। মোডী চৰকাৰৰ নীতি আৰু নিৰ্বাচন আয়োগৰ বিতৰ্কিত ভূমিকা আৰু ‘ভোট চুৰি’ৰ বিৰুদ্ধে দেশৰ চুকে-কোণে চাপ বৃদ্ধি কৰিব বিচাৰিছে বিৰোধী মিত্ৰজোঁটে।

শুকুৰবাৰে ‘ইণ্ডিয়া’ মিত্ৰজোঁটে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক দাখিল কৰা চাৰি দফীয়া স্মাৰকপত্ৰত তলত উল্লেখ কৰা মূল দাবীসমূহ সন্নিবিষ্ট কৰা হৈছে।

  • মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু অন্যান্য আয়ুক্তৰ পদত্যাগ আৰু আইনী সুৰক্ষা বা ৰক্ষাকৱচ প্ৰদান কৰা ২০২০ আইন বাতিল কৰা।
  • ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR) তৎকালীনভাৱে স্থগিত ৰখা আৰু ডিলিট বা বাদ পৰা সকলো ১.৩ কোটি ভোটাৰৰ নাম ঘুৰাই অনা।
  • পুনৰ বেলট কাকত ব্যৱহাৰ কৰি সকলো নিৰ্বাচনতে ভোটদান প্ৰৱৰ্তন কৰা।
  • যোৱা দুবছৰত অনুষ্ঠিত হোৱা সকলো বিধানসভা নিৰ্বাচন বাতিল কৰা, য’ত ‘ভোট চুৰি’ৰ নিৰ্দিষ্ট আৰু শক্তিশালী প্ৰমাণ দাখিল কৰা হৈছে।

মুখ্য ন্যায়াধীশৰ এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত বিৰোধীৰ পৰৱৰ্তী ৰাজনৈতিক কৌশলে কোন দিশে গতি কৰে আৰু সোমবাৰে উচ্চতম ন্যায়ালয়ৰ চৌহদত আৰক্ষী আৰু প্ৰশাসনৰ ভূমিকা কি হ’ব সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

October 12, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

October 12, 2026 7:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd