• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

ট্ৰাম্পৰ এই ঘোষণাৰ কেই ঘণ্টামানৰ ভিতৰতে জেলেনস্কিয়ে ৰাছিয়াই ইউক্ৰেইনৰ শক্তি আন্তঃগাঁথনিত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2026 9:29 am
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যেই ইউক্ৰেইনত নতুন ৰাষ্ট্ৰপতিৰ প্ৰয়োজন বুলি কৈ তোলপাৰ লগাই দিছিল। ইপিনে দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰে যে, ‘ৰাছিয়া আৰু ইউক্ৰেইনে শক্তি যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে।’ সহজ ভাষাত ক’বলৈ গ’লে তেওঁলোকে তেল আৰু বিদ্যুৎ কেন্দ্ৰত আক্ৰমণ নকৰে।

অৱশ্যে ট্ৰাম্পৰ এই ঘোষণাত আচৰিত হৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে মন্তব্য কৰিছে, ‘এই খবৰটো মোৰ বাবে নতুন। ভাল লাগিল।’ প্ৰশ্ন উত্থাপন হৈছে, পুটিন-জেলেনস্কিৰ সৈতে আলোচনা নকৰাকৈয়ে তেওঁ এই ঘোষণা কৰিলে নেকি?

ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে, ‘ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শক্তি যুদ্ধবিৰতি তৎক্ষণাত কাৰ্যকৰী হৈছে।’ তেওঁ দাবী কৰে যে দুয়োপক্ষই এই যুদ্ধবিৰতিত সন্মতি প্ৰকাশ কৰিছে। একে সময়তে তেওঁ এই কথাও সকীয়াই দিয়ে যে, ‘এইটো নাভাঙিব!’

Apply Now

অৱশ্যে যুদ্ধবিৰতি কিমান দিনলৈ চলিব বা কেনেকৈ কাৰ্যকৰী হ’ব সেই সন্দৰ্ভত ট্ৰাম্পে সবিশেষ প্ৰকাশ কৰা নাই। এই সন্দৰ্ভত এতিয়ালৈকে ক্ৰেমলিন বা হোৱাইট হাউছৰ কোনো বিবৃতি পোৱা হোৱা নাই।

পিছত জেলেনস্কিয়ে সংবাদ মাধ্যমৰ আগত কয় যে এই খবৰটো মোৰ বাবে নতুন। তেওঁৰ ভাষাত, “যদি ৰাছিয়াই শক্তি খণ্ডত যুদ্ধবিৰতিৰ বাবে সন্মতি দিয়ে, তেন্তে ইউক্ৰেইনেও সন্মতি দিব। অনুগ্ৰহ কৰি আমাক কওক যে যুদ্ধবিৰতি কেতিয়া আৰম্ভ হ’ব। আমি সাজু, আমি ইয়াক গ্ৰহণ কৰিম।”

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি, নাটোৰ মহাসচিব মাৰ্ক ৰুট আৰু ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবছৰ সৈতেও এই বিষয়ে কথা পাতিছে বুলি তেওঁ কয়।

ট্ৰাম্পৰ এই ঘোষণাৰ কেই ঘণ্টামানৰ ভিতৰতে জেলেনস্কিয়ে ৰাছিয়াই ইউক্ৰেইনৰ শক্তি আন্তঃগাঁথনিত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে ৰাছিয়াই কিয়েভৰ এটা বিদ্যুৎ কেন্দ্ৰত ড্ৰ’ন আক্ৰমণ চলাইছে। ইয়াৰ পিছতে তেওঁ অভিযোগ কৰে যে খাৰকিভৰ কেইবাটাও শক্তি কেন্দ্ৰতো আক্ৰমণ কৰা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে শক্তি যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছতে এই আক্ৰমণ সংঘটিত হোৱা বুলি দাবী কৰে জেলেনস্কিয়ে। ফলত ট্ৰাম্পে ঘোষণা কৰা যুদ্ধবিৰতি প্ৰকৃততে কাৰ্যকৰী হৈছে নে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

ইপিনে, আমেৰিকাই ৰাছিয়াৰ সৈতে শক্তিৰ চুক্তিত স্বাক্ষৰ কৰিছে। সেই চুক্তি অনুসৰি নিষেধাজ্ঞা শিথিল কৰাৰ বিনিময়ত ৰাছিয়াই আন্তঃৰাষ্ট্ৰীয় বজাৰত ডিজেল যোগান ধৰিব। জেলেনস্কিয়ে এই চুক্তিক “দুৰ্বল সিদ্ধান্ত” বুলি সমালোচনা কৰিছে। ইয়াৰ ফলত ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰাৰ অধিক সুযোগ পাব বুলি তেওঁ আশংকা কৰিছে। ইয়াৰ উত্তৰত ট্ৰাম্পে ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে ইউক্ৰেইনেই দায়ী বুলি অভিযোগ উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am
‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

October 12, 2026 9:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd