• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

যন্তৰ-মন্তৰত অনধিকাৰ প্ৰৱেশ আৰু চৰকাৰী কামত বাধা দিয়াৰ অভিযোগত দিল্লী আৰক্ষীয়ে ককৰোচ জনতা পাৰ্টীৰ নেতা সৌৰভ দাস, আশুতোষ ৰাংকা আৰু অজিংক্য সিন্ধেক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা নেতাত্ৰয়ক আজি বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2026 7:52 am
ফটো - সংগৃহীত

ফটো - সংগৃহীত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজধানী দিল্লীৰ যন্তৰ-মন্তৰত অনধিকাৰ প্ৰৱেশ আৰু চৰকাৰী বিষয়াৰ কৰ্তব্যত বাধা প্ৰদান কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে ককৰোচ জনতা পাৰ্টীৰ তিনিগৰাকী শীৰ্ষ নেতা ক্ৰমে সৌৰভ দাস, আশুতোষ ৰাংকা আৰু অজিংক্য সিন্ধেক গ্ৰেপ্তাৰ কৰিছে। এছআইআৰ প্ৰক্ৰিয়াত হোৱা অনিয়মৰ বিৰুদ্ধে আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চলি থকা ধাৰাবাহিক আন্দোলনৰ মাজতে এই ঘটনা সংঘটিত হয়। যন্তৰ-মন্তৰক প্ৰতিবাদস্থলী হিচাপে নিষিদ্ধ কৰাৰ চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি মঙলবাৰে দিনৰ ভাগত  চিজেপিৰ নেতা কেইগৰাকীয়ে হাতত ত্ৰিৰংগা লৈ আৰক্ষীৰ বেৰিকেড ভাঙি তথা লোহাৰ গেট বগাই অঞ্চলটোত প্ৰৱেশ কৰিছিল। আৰক্ষীয়ে তেওঁলোকক তাৎক্ষণিকভাৱে আটক কৰাৰ পাছত নিশা চৰ্ত ভংগকে ধৰি একাধিক জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰি সংসদ মাৰ্গ আৰক্ষী থানাত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে।

 

Apply Now

উল্লেখ্য যে যোৱা সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দিল্লীৰ ঐতিহাসিক যন্তৰ-মন্তৰক আনুষ্ঠানিক প্ৰতিবাদস্থলীৰ তালিকাৰ পৰা আঁতৰাই (‘ডি-ন’টিফাই’ কৰি) ইয়াৰ পৰিৱৰ্তে ৰামলীলা ময়দান, বুৰাৰী ময়দান আৰু চিবিডি খেলপথাৰক প্ৰতিবাদৰ বাবে নিৰ্দিষ্ট কৰি দিছিল। ইয়াৰ পূৰ্বে চিজেপিয়ে যন্তৰ-মন্তৰত শান্তিপূৰ্ণ প্ৰতিবাদৰ অনুমতি বিচাৰি দিল্লী আৰক্ষীক ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছিল। কিন্তু আৰক্ষীৰ সঁহাৰি নোপোৱাত আৰু যন্তৰ-মন্তৰৰ মৰ্যাদা কৰ্তন কৰাত মঙলবাৰে পুৱা নেতাসকলে “ভাৰত মাতা কী জয়” আৰু “ইনকিলাব জিন্দাবাদ” শ্লোগান দি বলপূৰ্বকভাৱে যন্তৰ-মন্তৰত প্ৰৱেশ কৰে। চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকে সামাজিক মাধ্যমত এই প্ৰতিবাদৰ ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে চৰকাৰে যন্তৰ-মন্তৰৰ মৰ্যাদা কাঢ়ি নিলেও নাগৰিকৰ প্ৰতিবাদৰ অধিকাৰ বন্ধ কৰিব নোৱাৰে আৰু এতিয়াৰে পৰা সমগ্ৰ দেশেই যন্তৰ-মন্তৰলৈ ৰূপান্তৰিত হ’ব।

 

ইপিনে, চিজেপিৰ আইনী শাখাৰ মুৰব্বী ৰত্না সিঙে সামাজিক মাধ্যম এক্সযোগে (X) জানিবলৈ দিয়ে যে দিনত আটক হোৱা সৌৰভ দাস, আশুতোষ ৰাংকা আৰু অজিংক্য সিন্ধেক নিশা গ্ৰেপ্তাৰ কৰা হৈছে। সিঙে অভিযোগ কৰা অনুসৰি, মাজনিশালৈকে আটক হোৱা নেতাসকলক তেওঁলোকৰ অধিবক্তাক সাক্ষাৎ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল আৰু পুৱতি নিশা প্ৰায় ৩ বজাত এখন ব্যক্তিগত ভানযোগে তেওঁলোকক সংসদ মাৰ্গ আৰক্ষী থানালৈ অনা হয়। উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ১০ অক্টোবৰত মুম্বাইৰ পৰা দিল্লীত উপস্থিত হোৱাৰ পাছতো অভিজিৎ ডিপকে, আশুতোষ ৰাংকা আৰু সৌৰভ দাসক আৰক্ষীয়ে আটক কৰি পৰৱৰ্তী সময়ত মুকলি কৰি দিছিল।

 

#BREAKING: Delhi Police arrests Saurav Das, Ashutosh Ranka, and Ajinkya Shinde at Parliament Street Police Station in today’s Jantar Mantar case.

Trespass, bond violation, obstruction of public official’s duty, etc.

They’ll be produced before the SCM Court in the morning. A possibility of Judicial Custody (JC) in the Tihar Jail is possible.

They were not allowed to meet their lawyers till late at night. They were brought to Parliament Street PS at 3 AM in a private van.

Despite these illegal actions, their spirits are high.

@Cockroachisback

— Ratna Singh (@whattalawyer) October 13, 2026


গ্ৰেপ্তাৰ হোৱা এই তিনিওগৰাকী নেতাক আজি বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ কথা আছে আৰু তেওঁলোকক তিহাৰ কাৰাগাৰলৈ ন্যায়িক জিম্মাত প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে বুলি দলটোৰ আইনী শাখাই জানিবলৈ দিছে। আৰক্ষীৰ এই পদক্ষেপক অবৈধ আখ্যা দিলেও নেতাসকলৰ মনোবল অটুট আছে বুলি ৰত্না সিঙে উল্লেখ কৰিছে। যন্তৰ-মন্তৰত প্ৰতিবাদ নিষিদ্ধ কৰা চৰকাৰী সিদ্ধান্ত আৰু চিজেপিৰ শীৰ্ষ নেতৃত্বৰ গ্ৰেপ্তাৰে দেশৰ ৰাজনীতিত পৰৱৰ্তী সময়ত কি প্ৰভাৱ পেলায়, সেয়া লক্ষণীয় হ’ব।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd