• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

ইন্ধন, শক্তি, খাদ্য আৰু উৎপাদিত সামগ্ৰীৰ দ্ৰুত মূল্যবৃদ্ধিৰ ফলত যোৱা ছেপ্টেম্বৰ মাহত দেশৰ পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি পাইছে। বুধবাৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা চৰকাৰী তথ্যত এই কথা পোহৰলৈ আহিছে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2026 2:41 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইন্ধন আৰু শক্তি, খাদ্য তথা উৎপাদিত সামগ্ৰীৰ দ্ৰুত মূল্যবৃদ্ধিৰ ফলত যোৱা ছেপ্টেম্বৰ মাহত দেশৰ পাইকাৰী মূল্য সূচকাংক (ডব্লিউপিআই) ভিত্তিক মুদ্ৰাস্ফীতিৰ হাৰ বাৰ্ষিক ভিত্তিত ১১.৩৯ শতাংশলৈ বৃদ্ধি পাইছে। বুধবাৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা চৰকাৰী তথ্য অনুসৰি, যোৱা আগষ্ট মাহত এই পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৯.৯২ শতাংশ। চলিত মাহৰ আৰম্ভণিতে সংবাদ সংস্থা ৰয়টাৰ্ছে অৰ্থনীতিবিদসকলৰ মাজত চলোৱা এক সমীক্ষাত ছেপ্টেম্বৰ মাহত পাইকাৰী মুদ্ৰাস্ফীতি ১০.১৮ শতাংশ হ’ব বুলি অনুমান কৰা হৈছিল যদিও প্ৰকৃত সংখ্যা ইয়াতকৈ যথেষ্ট অধিক হয়। ইয়াৰ সমান্তৰালভাৱে এই সপ্তাহৰ আৰম্ভণিতে প্ৰকাশ পোৱা তথ্য অনুসৰি, শাক-পাচলিকে ধৰি খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে ছেপ্টেম্বৰত দেশৰ খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰো আগষ্টৰ ৪.৮৩ শতাংশৰ পৰা ৫.৫৪ শতাংশলৈ বৃদ্ধি পাইছে।

 

Apply Now

মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ছেপ্টেম্বৰ মাহত ইন্ধন আৰু শক্তি খণ্ডৰ মুদ্ৰাস্ফীতি আগষ্টৰ ২২.৯৩ শতাংশৰ পৰা ২৫.৮৫ শতাংশলৈ বৃদ্ধি পাইছে। একেদৰে উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত মুদ্ৰাস্ফীতি ৮.৩৭ শতাংশৰ পৰা ৯.৭৬ শতাংশলৈ বৃদ্ধি পাইছে। খাদ্য সামগ্ৰী, অখাদ্য সামগ্ৰী আৰু খনিজ পদাৰ্থ অন্তৰ্ভুক্ত থকা প্ৰাথমিক সামগ্ৰীসমূহৰ মুদ্ৰাস্ফীতি আগষ্টৰ ৭.৭৬ শতাংশৰ বিপৰীতে ছেপ্টেম্বৰত ৮.৬৭ শতাংশ হয়গৈ। আনহাতে, পাইকাৰী খাদ্য সূচকাংকৰ মুদ্ৰাস্ফীতি আগষ্টৰ ৭.০৫ শতাংশৰ পৰা বৃদ্ধি পাই ছেপ্টেম্বৰত ৮.৬৬ শতাংশত উপনীত হৈছে। মন্ত্ৰালয়ে স্পষ্ট কৰিছে যে খনিজ তেল, খাদ্য সামগ্ৰী, খাৰুৱা পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, কয়লা আৰু লিগনাইট, মৌলিক ধাতু, ৰাসায়নিক পদাৰ্থ, বস্ত্ৰ, ৰবৰ আৰু প্লাষ্টিক সামগ্ৰী তথা বৈদ্যুতিক সঁজুলিৰ মূল্যবৃদ্ধিয়েই এই পাইকাৰী মুদ্ৰাস্ফীতি বৃদ্ধিৰ মূল কাৰক।

 

ইপিনে, চলিত মাহৰ আৰম্ভণিতে ইটি অনলাইনে অৰ্থনীতিবিদসকলৰ মাজত চলোৱা এক সমীক্ষাত অহা তিনিৰ পৰা ছমাহৰ ভিতৰত খাদ্যৰ মুদ্ৰাস্ফীতি ৭ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। চলিত ২০২৬ বৰ্ষৰ শেষৰ ফালে বা ২০২৭ চনৰ আৰম্ভণিতে নতুন খাৰিফ শস্য আৰু শীতকালীন ৰবি শস্য বজাৰলৈ আহিলে কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে যদিও মৌচুমীৰ অসমান বৰষুণ, এল নিনোৰ প্ৰভাৱ তথা শক্তি আৰু কৃষি সামগ্ৰীৰ বৰ্ধিত ব্যয়ে মূল্যবৃদ্ধিৰ চাপ দীঘলীয়া কৰিব পাৰে। ইক্ৰাৰ অদিতি নায়াৰ আৰু এএনজেডৰ ধীৰজ নিমে জানিবলৈ দিয়া মতে, জলাশয়সমূহত পানীৰ স্তৰ গড়তকৈ কম হোৱাটো শীতকালীন শস্যৰ বাবে এক চিন্তাৰ বিষয়। ইয়াৰ উপৰিও বিশ্ব বজাৰত খাৰুৱা তেলৰ উচ্চ মূল্যই কৃষি, জলসিঞ্চন আৰু পৰিবহণ ব্যয় বৃদ্ধি কৰাৰ বিপৰীতে তৰলীকৃত প্ৰাকৃতিক গেছৰ দামে সাৰৰ মূল্য বৃদ্ধি কৰিব পাৰে। লগতে আমদানিকৃত খোৱা তেলৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা আৰু পৰিবহণ তথা পেকেজিঙৰ বৰ্ধিত খৰচেও খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিত ইন্ধন যোগাইছে।

 

দেশত ক্ৰমাৎ বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে চলিত অক্টোবৰ মাহৰ আৰম্ভণিতে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট ৫.৫ শতাংশলৈ বৃদ্ধি কৰিছিল, যিটো ২০২৩ চনৰ ফেব্ৰুৱাৰীৰ পাছত প্ৰথমটো বৃদ্ধি। আৰবিআইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই স্পষ্ট কৰি দিছিল যে মুদ্ৰাস্ফীতি আৰু ইয়াৰ ভৱিষ্যৎ চিত্ৰখন যোৱা বছৰৰ দৰে অনুকূল নহয়। উল্লেখ্য যে দেশৰ বৰ্তমানৰ অৰ্থনৈতিক গাঁথনিটো অধিক সঠিকভাৱে প্ৰতিফলিত কৰিবলৈ ২০২২-২৩ বৰ্ষক ভিত্তি বৰ্ষ হিচাপে লৈ যোৱা জুন মাহত প্ৰৱৰ্তন কৰা সংশোধিত শৃংখলাৰ অধীনত ছেপ্টেম্বৰৰ এই ডব্লিউপিআই তথ্য প্ৰকাশ কৰা হৈছে। এই নতুন শৃংখলাত সামগ্ৰীৰ তালিকাখন পূৰ্বৰ ৬৯৭ বিধৰ পৰা ৯৫৭ বিধলৈ সম্প্ৰসাৰিত কৰা হৈছে, য’ত সৌৰ, বায়ু আৰু পাৰমাণৱিক বিদ্যুতৰ দৰে নতুন শক্তিৰ উৎসসমূহো অন্তৰ্ভুক্ত কৰা হৈছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm
সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd