মধ্যপ্ৰদেশৰ ছেওনি জিলাৰ এখন চৰকাৰী চিকিৎসালয়ত বিগত ছমাহত ৮০টা নৱজাতকৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে শাসকীয় ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক দিনেশ ৰায় মুনমুনে। চিকিৎসালয়খনত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আনিবলৈ তেওঁ তদন্তৰ দাবী জনাইছে।
দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি, চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা জুন মাহলৈ চিকিৎসালয়খনত ৩৪টা নৱজাতকৰ মৃত্যু হৈছিল। আনহাতে, জুলাইৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত মৃত্যু হয় ৪৬টা শিশুৰ। চিকিৎসালয়ৰ কৰ্তৃপক্ষই অৱশ্যে এই মৃত্যুৰ মূল কাৰণ হিচাপে অপৈণত প্ৰসৱ আৰু নৱজাতকৰ কম ওজনৰ কথা উল্লেখ কৰিছে।
নৱজাতকৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছত শনিবাৰে চিকিৎসালয়খন পৰিদৰ্শন কৰে বিজেপি বিধায়ক দিনেশ ৰায় মুনমুনে। তেওঁৰ অভিযোগ অনুসৰি, চিকিৎসালয়ত প্ৰৱেশ কৰিবলৈ যাওঁতে কৰ্মচাৰীসকলে প্ৰথমে তেওঁক বাধা দিবলৈ চেষ্টা কৰিছিল। পৰিদৰ্শনৰ সময়ত কোনো চিকিৎসক উপস্থিত নাছিল বুলিও তেওঁ দাবী কৰে। অৱশ্যে, কৰ্মচাৰীসকলে তেওঁক তদন্ত আৰু হিচাপ-পৰীক্ষা চলি থকাৰ কথা জনোৱা বুলি বিধায়কজনে কয়।
বিধায়ক ৰায়ৰ অভিযোগ, বিগত তিনিমাহত ৪৬টা নৱজাতকৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ ফলত মৃত্যু হৈছে। তেওঁৰ মতে, উশাহ লোৱাত অসুবিধা হোৱা শিশুৰ চিকিৎসাৰ বাবে চিকিৎসালয়খনত কৃত্ৰিমভাৱে উশাহ-নিশাহ চলাই ৰখাৰ যন্ত্ৰ আছে যদিও নিশাৰ ভাগত এই চিকিৎসাৰ বাবে দায়িত্বত থাকিবলগীয়া চিকিৎসক উপস্থিত নাথাকে। লগতে, এনে জটিল অৱস্থাৰ শিশুক চিকিৎসা কৰিবলৈ নাৰ্ছসকলৰ পৰ্যাপ্ত প্ৰশিক্ষণ নাই বুলিও তেওঁ অভিযোগ কৰে।
আনহাতে, চিকিৎসালয়খনৰ অসামৰিক শল্যচিকিৎসক ডাঃ বিনোদ কুমাৰ নৱকাৰে কয় যে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰা সংকটজনক অৱস্থাত থকা নৱজাতকসকলক বিশেষ নৱজাতক যত্ন কেন্দ্ৰলৈ অনা হয়। বহু শিশুৰ জন্ম গৰ্ভাৱস্থাৰ ছয়, সাত বা আঠ মাহতে হয় বুলিও তেওঁ উল্লেখ কৰে।
নৱকাৰে জনোৱা অনুসৰি, বিগত ছমাহত চিকিৎসালয়খনত মুঠ ১,১৮৮টা নৱজাতকৰ চিকিৎসা কৰা হৈছে। ইয়াৰে আধাতকৈও অধিক শিশুৰ জন্মৰ সময়ত ওজন কম আছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, জন্মৰ সময়ত শিশুৰ ওজন ২.৫ কিলোগ্ৰামতকৈ কম হ’লে তাক কম জন্ম-ওজন বুলি গণ্য কৰা হয়।
চিকিৎসালয়খনৰ অসামৰিক শল্যচিকিৎসকগৰাকীৰ মতে, অপৈণত অৱস্থাত জন্ম হোৱা আৰু অতি কম ওজনৰ শিশুৰ মৃত্যুৰ আশংকা যথেষ্ট বেছি। তেওঁ কয় যে চিকিৎসালয়খনত কিছুমান শিশুৰ ওজন মাত্ৰ ১,১০০ গ্ৰাম, ৯০০ গ্ৰাম আনকি ৫০০ গ্ৰামো আছিল।
লগতে, জবলপুৰ সংমণ্ডলৰ আন জিলাসমূহৰ তুলনাত চিকিৎসালয়খনৰ নৱজাতকৰ মৃত্যুৰ হাৰ কম বুলিও নৱকাৰে দাবী কৰে। অৱশ্যে, বিধায়ক ৰায়ে এই দাবীৰ সৈতে সহমত প্ৰকাশ কৰা নাই। তেওঁৰ মতে, অতি সংকটজনক অৱস্থাত থকা বহু নৱজাতকক আন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। সেয়েহে চিকিৎসালয়খনত নথিভুক্ত হোৱা মৃত্যুৰ সংখ্যাই প্ৰকৃত ছবিখন সম্পূৰ্ণৰূপে প্ৰতিফলিত নকৰিবও পাৰে।


