• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

প্ৰিয়াগ’ল্ড বিস্কুট প্ৰস্তুতকৰণত পশুখাদ্যৰ তুঁহ, ড’ডলা ডেইৰীৰ গাখীৰত ক’ষ্টিক ছ’ডা আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ হালধীয়া কিচমিচত কীটনাশকৰ অৱশিষ্ট ধৰা পৰাৰ পাছতে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে নিয়ন্ত্ৰক সংস্থাটোৱে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2026 4:46 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিস্কুট প্ৰস্তুতকৰণত পশুখাদ্যৰ উপাদান ব্যৱহাৰ কৰাৰ অভিযোগৰ লগতে গাখীৰ আৰু কিচমিচৰ সুৰক্ষা সম্পৰ্কীয় গুৰুতৰ অনিয়মৰ বাবে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণে চমুকৈ এফ এছ এছ এ আয়ে তিনিটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে গোচৰ চলোৱাৰ বাবে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই কাৰ্যব্যৱস্থাৰ সন্মুখীন হোৱা প্ৰতিষ্ঠানকেইটা হৈছে ক্ৰমে প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাণকাৰী প্ৰতিষ্ঠান মেচাৰ্ছ সূৰ্য ফুড এণ্ড এগ্ৰ’ লিমিটেড, মেচাৰ্ছ ড’ডলা ডেইৰী লিমিটেড আৰু মেচাৰ্ছ ইউ ই আই আৰ অৰ্গেনিক ফুডছ প্ৰাইভেট লিমিটেড। শনিবাৰে সামাজিক মাধ্যমযোগে দিয়া এক বাৰ্তাত এফ এছ এছ এ আয়ে জানিবলৈ দিয়ে যে খাদ্য সুৰক্ষাৰ গুৰুতৰ উলংঘনৰ বাবে এই তিনিওটা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। বিস্কুট উৎপাদনত পশুখাদ্যৰ বাবে নিৰ্ধাৰিত তুঁহৰ ব্যৱহাৰ, নিম্নমানৰ ফুল ক্ৰীম গাখীৰৰ নমুনা আৰু হালধীয়া কিচমিচত কীটনাশকৰ অৱশিষ্ট ধৰা পৰা ঘটনাৰ ভিত্তিত পৰিদৰ্শন তথা পৰীক্ষাগাৰৰ ফলাফলৰ পাছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 

Apply Now

গ্ৰাহকৰ এক অভিযোগৰ ভিত্তিত চলোৱা পৰিদৰ্শনৰ পাছত প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা সূৰ্য ফুড এণ্ড এগ্ৰ’ৰ বিৰুদ্ধে এফ এছ এছ এ আয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিদৰ্শনৰ সময়ত বিষয়াসকলে প্ৰতিষ্ঠানটোৰ উৎপাদন কেন্দ্ৰত খাদ্য সুৰক্ষা আৰু স্বচ্ছতা সম্পৰ্কীয় গুৰুতৰ ত্ৰুটিসমূহ চিনাক্ত কৰিছিল। নিয়ন্ত্ৰক সংস্থাটোৱে লাভ কৰা তথ্য অনুসৰি মানুহৰ ভক্ষণৰ পৰিৱৰ্তে পশুখাদ্যৰ বাবেহে নিৰ্ধাৰিত তুঁহ প্ৰিয়াগ’ল্ড বিস্কুট উৎপাদনত ফাইবাৰৰ উৎস হিচাপে কেঁচামাল ৰূপে ব্যৱহাৰ কৰা হৈছিল। এই সন্দৰ্ভত নিয়ন্ত্ৰক সংস্থাটোৱে কয়, “মানুহৰ ভক্ষণৰ বাবে অনুপযুক্ত তথা কেৱল পশুখাদ্যৰ বাবে নিৰ্ধাৰিত তুঁহ প্ৰিয়াগ’ল্ড বিস্কুট প্ৰস্তুতকৰণত ফাইবাৰৰ উৎস হিচাপে কেঁচামাল ৰূপে ব্যৱহাৰ কৰা দেখা গৈছিল।” এফ এছ এছ এ আইৰ মতে এই তুঁহ ভৰ্তি মৰাপাটৰ বস্তাসমূহত সেইবোৰ পশুখাদ্যৰ বাবে নিৰ্ধাৰিত বুলি স্পষ্টভাৱে চিহ্নিত কৰা আছিল। ইয়াৰ উপৰি কাৰখানাটোৰ স্বচ্ছতা, কীট-পতংগ নিয়ন্ত্ৰণ, কেঁচামালৰ সংৰক্ষণ আৰু পৃথকীকৰণ, কৰ্মচাৰীৰ ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা, চৌহদৰ চোৱা-চিতা আৰু উৎপাদনৰ মধ্যৱৰ্তী মিশ্ৰণসমূহৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো নানান আসোঁৱাহ ধৰা পৰিছিল। পৰিদৰ্শনত ধৰা পৰা এই গুৰুতৰ অনিয়মসমূহৰ বাবে এফ এছ এছ এ আয়ে পূৰ্বেই সূৰ্য ফুড এণ্ড এগ্ৰ’ৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰিছিল আৰু এতিয়া প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আইনী গোচৰ চলোৱাৰ প্রক্রিয়া আৰম্ভ কৰিছে।

 

আনহাতে, ড’ডলা ডেইৰীৰ ফুল ক্ৰীম গাখীৰৰ এটা নমুনাই নিৰ্ধাৰিত মানদণ্ড পূৰণ কৰাত ব্যৰ্থ হোৱাৰ পাছত প্ৰতিষ্ঠানটো আইনী ব্যৱস্থাৰ সন্মুখীন হৈছে। পৰীক্ষাগাৰৰ বিশ্লেষণৰ বাবে সংগ্ৰহ কৰা নমুনাটোত গাখীৰৰ চৰ্বিৰ পৰিমাণ নিৰ্ধাৰিত মাপকাঠী অনুসৰি নথকাৰ বাবে খাদ্য বিশ্লেষকে ইয়াক নিম্নমানৰ বুলি ঘোষণা কৰিছিল। প্ৰাথমিক ফলাফলৰ বিৰুদ্ধে প্ৰতিষ্ঠানটোৱে আপীল জনোৱাৰ পাছত এই বিষয়টো এটা ৰেফাৰেল ফুড লেবৰেটৰীৰ দ্বাৰা পুনৰ পৰীক্ষা কৰা হয় আৰু উক্ত পৰীক্ষাগাৰৰ মূল্যায়নত নমুনাটো সন্দৰ্ভত অধিক গুৰুতৰ তথ্য পোহৰলৈ আহে। পৰীক্ষাগাৰটোৱে স্পষ্ট কৰি দিয়ে যে “নমুনাটোত ডিটাৰজেণ্ট বা ক’ষ্টিক ছ’ডাৰ উপস্থিতি থকাৰ বাবে ই অসুৰক্ষিত আৰু নিৰ্ধাৰিত ন্যূনতম সীমাতকৈ গাখীৰত চৰ্বিৰ পৰিমাণ কম থকাৰ বাবে ই নিম্নমানৰ বুলি নিশ্চিত কৰা হৈছে।” এই ফলাফলে খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬ৰ অধীনত অসুৰক্ষিত আৰু নিম্নমানৰ খাদ্য সম্পৰ্কীয় নিয়ম উলংঘনৰ সূচনা কৰে, যাৰ পাছত উপযুক্ত কৰ্তৃপক্ষই ড’ডলা ডেইৰী তথা এই সামগ্ৰীৰ উৎপাদন আৰু বিপণনৰ সৈতে জড়িত অন্যান্য খাদ্য ব্যৱসায়িকেন্দ্ৰিক নিয়োজিতসকলৰ বিৰুদ্ধে গোচৰ চলোৱাত অনুমোদন জনায়।

 

ইফালে এফ এছ এছ এ আয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰা তৃতীয়টো প্ৰতিষ্ঠান হৈছে ইউ ই আই আৰ অৰ্গেনিক ফুডছ। প্ৰতিষ্ঠানটোৱে বিক্ৰী কৰা হালধীয়া কিচমিচৰ এটা নমুনাত নিয়ন্ত্ৰক সংস্থাটোৱে কীটনাশকৰ অৱশিষ্ট ধৰা পেলাইছে, যাৰ ফলত সামগ্ৰীটোৰ সৈতে জড়িত খাদ্য সুৰক্ষাৰ চৰ্তসমূহ পালন নকৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অৱশ্যে বৰ্তমান উপলব্ধ তথ্যত কি কীটনাশক ধৰা পৰিছে, ইয়াৰ ঘনত্ব কিমান আছিল অথবা এই অৱশিষ্টৰ পৰিমাণে অনুমোদিত সীমা অতিক্ৰম কৰিছিল নে নাই সেই কথা নিৰ্দিষ্টভাৱে উল্লেখ কৰা হোৱা নাই আৰু নিয়ম উলংঘনৰ সঠিক প্ৰকৃতি তথা গভীৰতা নিৰ্ধাৰণৰ বাবে এই সবিশেষ তথ্যসমূহৰ প্ৰয়োজন হ’ব। নিৰ্ধাৰিত মানদণ্ড পূৰণ কৰাত ব্যৰ্থ হোৱা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি এফ এছ এছ এ আয়ে গুৰুতৰ খাদ্য সুৰক্ষা উলংঘনৰ এই গোচৰসমূহৰ জৰিয়তে পৰৱৰ্তী আইনী প্রক্রিয়া আগবঢ়াই নিয়াৰ নিৰ্দেশ দিছে।

 

FSSAI has initiated legal proceedings for prosecution against M/s Surya Food & Agro Ltd. (Priyagold Biscuits), M/s Dodla Dairy Limited, and M/s Ueir Organic Foods Pvt Ltd for serious food safety violations. 1(2) #FSSAINotice https://t.co/xokBtvH2OZ

— FSSAI (@fssaiindia) October 17, 2026

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd