শৈক্ষিক উৎকৰ্ষ, দায়বদ্ধ প্ৰশাসন, গৱেষণা আৰু সকলোৰে বাবে গুণগত শিক্ষাৰ লক্ষ্যৰে চাৰি বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰা গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস শনিবাৰে গুৱাহাটীত উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ অভিবাদন, ৰাষ্ট্ৰীয় সংগীত, বিশ্ববিদ্যালয়ৰ নিজা সংগীত আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই মূল অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই। এই উপলক্ষে বিশ্ববিদ্যালয়খনত এটা আইনী সাহায্য কেন্দ্ৰ মুকলি কৰাৰ লগতে শৈক্ষিক তথা গৱেষণাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানখনে লাভ কৰা বিভিন্ন উল্লেখযোগ্য সাফল্যৰ খতিয়ান দাঙি ধৰা হয়। অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ নেতৃত্ববৰ্গ, ন্যায়িক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, শিক্ষাৰ্থী, প্ৰাক্তন শিক্ষাৰ্থী আৰু পূৰ্বৰ কৰ্মচাৰীসকল উপস্থিত থাকে।
অনুষ্ঠানত ‘আইনৰ শাসন প্ৰতিষ্ঠাত বিশ্ববিদ্যালয়ৰ ভূমিকা’ শীৰ্ষক মূল ভাষণ প্ৰদান কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই কয় যে এখন ন্যায়ভিত্তিক আৰু গণতান্ত্ৰিক সমাজৰ মূল ভেটি হৈছে আইনৰ শাসন। আইনৰ দৃষ্টিত সকলো সমান হোৱা, ক্ষমতাশালী ব্যক্তিৰ জবাবদিহিতা নিশ্চিত কৰা আৰু ব্যক্তিৰ অধিকাৰ সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব অপৰিসীম বুলি উল্লেখ কৰি তেওঁ স্পষ্ট কৰি দিয়ে যে পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক কিয়, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়। নাগৰিকৰ অধিকাৰ সুৰক্ষিত ৰখাত ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি ন্যায়াধীশগৰাকীয়ে লগতে মত প্ৰকাশ কৰে যে বিশ্ববিদ্যালয়সমূহে কেৱল পাঠ্যক্ৰমৰ জ্ঞান প্ৰদানতে সীমাবদ্ধ নাথাকি শিক্ষাৰ্থীসকলৰ মাজত আইন সম্পৰ্কীয় সজাগতা, যুক্তিনিৰ্ভৰ চিন্তা, সাংবিধানিক মূল্যবোধ আৰু আইনৰ প্ৰতি সন্মান গঢ়ি তোলা উচিত। জনসাধাৰণৰ মাজত আইন সম্পৰ্কীয় সজাগতা বৃদ্ধি, ন্যায় লাভৰ সুবিধা সম্প্ৰসাৰণ আৰু সমাজৰ সৈতে শিক্ষানুষ্ঠানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে এই দিৱসৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়খনত আইনী সাহায্য কেন্দ্ৰটোও আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
অনুষ্ঠানত উপস্থিত থকা শ্ৰীমন্ত শংকৰদেৱ সমাজৰ সভাপতি যশোদা ৰঞ্জন দাসে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ মূল লক্ষ্য আৰু গুণগত শিক্ষা প্ৰদানৰ সপোনৰ বিষয়ে আলোকপাত কৰে। বিশ্ববিদ্যালয়খনৰ চাৰি বছৰৰ যাত্ৰাক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি তেওঁ প্ৰতিষ্ঠানখনক অধিক অন্তৰ্ভুক্তিমূলক, উদ্ভাৱনীমূলক আৰু সমাজৰ বাবে ফলপ্ৰসূ কৰি তুলিবলৈ সকলোৰে সহযোগিতা তথা সামূহিক প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনহাতে, বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে নিজৰ ভাষণত কয় যে এখন বিশ্ববিদ্যালয়ৰ প্ৰকৃত সাফল্য কেৱল ইয়াৰ আন্তঃগাঁথনিৰ পৰিসংখ্যাৰে জুখিব নোৱাৰি; বৰঞ্চ শিক্ষাৰ গুণগত মান, শিক্ষাৰ্থীৰ জীৱনলৈ অনা পৰিৱৰ্তন আৰু সমাজলৈ আগবঢ়োৱা অৱদানেহে এখন শিক্ষানুষ্ঠানৰ প্ৰকৃত মূল্য নিৰ্ধাৰণ কৰে। ‘সমতা, সহমৰ্মিতা আৰু সৱলীকৰণ’ক মূলমন্ত্ৰ হিচাপে লৈ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে শৈক্ষিক উৎকৰ্ষ, শিক্ষাৰ্থীকেন্দ্ৰিক শিক্ষা, স্বচ্ছ প্ৰশাসন আৰু সামাজিক দায়বদ্ধতাক অগ্ৰাধিকাৰ দি আহিছে বুলি উপাচাৰ্যগৰাকীয়ে উল্লেখ কৰে।
বিশ্ববিদ্যালয়খনৰ শৈক্ষিক অগ্ৰগতি আৰু গৱেষণাৰ তথ্য সদৰী কৰি উপাচাৰ্য অধ্যাপক দাসে জনায় যে ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে সংহত আইন শিক্ষা, কৃত্ৰিম বুদ্ধিমত্তা আৰু যন্ত্ৰ শিক্ষণ, তথ্য বিজ্ঞান, মনোবিজ্ঞান, চিকিৎসা আৰু মনোৰোগ সম্পৰ্কীয় সমাজকৰ্ম আদি ছটা নতুন পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। ইয়াৰ উপৰি তেজপুৰত কৃষি আৰু সহযোগী বিজ্ঞান বিদ্যালয় স্থাপন, বি.টেকৰ দুটা পাঠ্যক্ৰমৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি ব’ৰ্ডৰ স্বীকৃতি লাভ আৰু সংহত বি.এ. এল.এল.বি. (সন্মান) পাঠ্যক্ৰমৰ বাবে ভাৰতীয় বাৰ কাউন্সিলৰ অনুমোদন লাভক তেওঁ বিশ্ববিদ্যালয়খনৰ বিশেষ সাফল্য হিচাপে চিহ্নিত কৰে। উপাচাৰ্যগৰাকীয়ে দাঙি ধৰা তথ্য অনুসৰি ২০২৬ চনৰ অক্টোবৰ মাহলৈকে বিশ্ববিদ্যালয়খনত থকা ২০২গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ ভিতৰত ১০২গৰাকীয়েই পি এইচ ডি ডিগ্ৰীধাৰী হোৱাৰ লগতে বৰ্তমান ইয়াত ২৫৯গৰাকী পি এইচ ডি গৱেষক অধ্যয়নৰত হৈ আছে। এতিয়ালৈকে বিশ্ববিদ্যালয়খনৰ নামত ১৪৮খন গৱেষণা আৰু পৰ্যালোচনামূলক প্ৰবন্ধ, ৮০টা গ্ৰন্থৰ অধ্যায় আৰু ১১টা পেটেণ্ট থকাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক সহযোগিতা তথা দেশৰ বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে স্বাক্ষৰিত ৭৮খন বুজাবুজিৰ চুক্তিয়ে প্ৰতিষ্ঠানখনৰ শৈক্ষিক পৰিসৰ অধিক সম্প্ৰসাৰিত কৰিছে।
গৱেষণাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়খনৰ দুগৰাকী শিক্ষকৰ সাফল্যই অনুষ্ঠানত বিশেষ চৰ্চা লাভ কৰে। উদ্ভিদ বিজ্ঞান বিভাগৰ ড০ বিৰিণা ভূঞাই উত্তৰ-পূব ভাৰতৰ উদ্ভিদ বৈচিত্ৰ্যৰ গৱেষণাত উল্লেখযোগ্য অৱদান আগবঢ়াই ‘অ’ফিঅ’ৰাইজ়া আছামেনছিছ’ নামৰ উদ্ভিদ প্ৰজাতিবিধৰ বৈজ্ঞানিক নথিভুক্তকৰণ আৰু আনুষ্ঠানিক প্ৰকাশৰ কাম সম্পন্ন কৰিছে। আনহাতে, ফাৰ্মাচী বিদ্যালয়ৰ ড০ অনুপম শৰ্মাই ঔষধ বিজ্ঞানৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ দুই শতাংশ বিজ্ঞানীৰ ভিতৰত স্থান লাভ কৰি বিশ্ববিদ্যালয়খনৰ গৱেষণাৰ ক্ষেত্ৰখনক উজ্জ্বল কৰি তুলিছে। প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানতে শিক্ষা, গৱেষণা, সেৱা আৰু প্ৰতিষ্ঠানটোৰ প্ৰতি আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ শ্ৰেষ্ঠ স্বেচ্ছাসেৱক বঁটা, যুৱ গৱেষক বঁটা, শ্ৰেষ্ঠ কৰ্মচাৰী বঁটা আৰু শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ বঁটাসমূহ প্ৰদান কৰা হয়। অনুষ্ঠানত সংঘমিত্ৰা দাস ভূঞাই বিশ্ববিদ্যালয়খনৰ শৈক্ষিক সম্পদ সমৃদ্ধ কৰাৰ উদ্দেশ্যে গ্ৰন্থ আগবঢ়ায়।
প্ৰতিষ্ঠা দিৱস উপলক্ষে শিক্ষাৰ্থীসকলৰ মাজত আয়োজিত কুইজ প্ৰতিযোগিতাত ফিজিঅ’থেৰাপী বিভাগৰ বিতোপন অনুৰঞ্জন চৌধুৰী আৰু কৰীণা গোস্বামীয়ে প্ৰথম স্থান, ভিডিঅ’ নিৰ্মাণ প্ৰতিযোগিতাত অসামৰিক অভিযান্ত্ৰিক বিভাগৰ তন্মিত্ৰা মহন্তই প্ৰথম পুৰস্কাৰ, আলোকচিত্ৰ প্ৰতিযোগিতাত বি.টেকৰ আৰ্যন দীপ সিঙে প্ৰথম স্থান আৰু দেৱাল-চিত্ৰ প্ৰতিযোগিতাত প্ৰাণীবিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ স্বস্তিকা দাসৰ নেতৃত্বত গঠিত দলটোৱে প্ৰথম পুৰস্কাৰ লাভ কৰে। অনুষ্ঠানৰ সামৰণিত উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে গৱেষকসকলক সঠিক দিশ-নিৰ্দেশনা দিয়া আৰু বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে অৰ্থপূৰ্ণ সহযোগিতা গঢ়ি তোলাৰ আহ্বান জনায় আৰু অনাগত দিনত সততা, শৈক্ষিক উৎকৰ্ষ, সমান সুযোগ তথা সামাজিক দায়বদ্ধতাৰ আধাৰত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ক অধিক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।


