ছাবস্ক্ৰিপচন বা ধন দি সদস্যতা গ্ৰহণৰ ব্যৱস্থাৰ আঁৰত শিশুৰ যৌন শোষণ আৰু নিৰ্যাতন-সম্পৰ্কীয় দৃশ্য-শ্ৰাব্য সামগ্ৰী প্ৰচাৰ বা বিতৰণ কৰিব নোৱাৰিব কোনো অনলাইন প্লেটফৰ্মে। এই সন্দৰ্ভত সামাজিক মাধ্যমৰ প্লেটফৰ্ম আৰু অন্যান্য অনলাইন মধ্যস্থতাকাৰী সংস্থাসমূহক কঠোৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। এনে সামগ্ৰী পোনপটীয়াকৈ প্ৰকাশ কৰাৰ লগতে পৰোক্ষভাৱে প্ৰচাৰ কৰা অথবা সেইবোৰৰ লিংক উপলব্ধ কৰিলেও সংশ্লিষ্ট প্লেটফৰ্মসমূহে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ কে ভি চন্দ্ৰনৰ বিচাৰপীঠে ১৫ অক্টোবৰত এই নিৰ্দেশ জাৰি কৰে। আদালতে লক্ষ্য কৰে যে ২০২৪ চনত দিয়া নিৰ্দেশৰ পাছতো শিশুৰ যৌন শোষণ আৰু নিৰ্যাতন-সম্পৰ্কীয় সামগ্ৰীৰ প্ৰচাৰ ৰোধ কৰাৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ প্লেটফৰ্মসমূহে পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰা নাই। ছাবস্ক্ৰিপচন বা ধন দি চাব পৰা ব্যৱস্থাৰ আঁৰত এনে সামগ্ৰীৰ যথাযথ পৰীক্ষা-নিৰীক্ষা নকৰাকৈ প্ৰচাৰৰ সুযোগ দিয়া হৈছে বুলিও আদালতে উদ্বেগ প্ৰকাশ কৰে।
আদালতে স্পষ্ট কৰি দিয়ে যে ছাবস্ক্ৰিপচন বা সদস্যপদৰ জৰিয়তে উপলব্ধ কৰা সামগ্ৰীসমূহৰ ক্ষেত্ৰত সংশ্লিষ্ট প্লেটফৰ্মসমূহে কঠোৰ পৰীক্ষা-নিৰীক্ষা কৰিব লাগিব। তথ্য-প্ৰযুক্তি আইন, ইয়াৰ অধীনত প্ৰণয়ন কৰা বিধি অথবা আন প্ৰযোজ্য আইন উলংঘা কৰা সামগ্ৰী প্ৰকাশ, প্ৰচাৰ বা বিতৰণৰ সুবিধা দিব নোৱাৰিব। বিশেষকৈ যৌনভাৱে স্পষ্ট, অশ্লীল অথবা শিশুৰ বাবে ক্ষতিকাৰক সামগ্ৰী যাতে শিশুৰ নাগালৰ বাহিৰত থাকে, সেয়া নিশ্চিত কৰিব লাগিব। কোনো শিশুৱে যাতে এনে সামগ্ৰীৰ ছাবস্ক্ৰিপচন গ্ৰহণ কৰিব নোৱাৰে বা সেইবোৰ চাব নোৱাৰে, তাৰ বাবেও উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আদালতে নিৰ্দেশ দিছে।
এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক উপযুক্ত নিৰ্দেশনা আৰু মানক কাৰ্যপদ্ধতি (এছ অ’ পি) প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। শিশুৰ যৌন শোষণ আৰু নিৰ্যাতন-সম্পৰ্কীয় সামগ্ৰী চিনাক্ত কৰি আঁতৰোৱাৰ উদ্দেশ্যে ‘নেশ্যনেল হেশ্ব এণ্ড ইউ আৰ এল লিষ্ট ডেটাবেছ’ নামৰ এক ৰাষ্ট্ৰীয় তথ্যভাণ্ডাৰ গঠনৰ নিৰ্দেশ দিছে আদালতে। এই তথ্যভাণ্ডাৰ ‘সহযোগ’ পৰ্টেলৰ অংশ হিচাপে অথবা এক স্বতন্ত্ৰ ব্যৱস্থাৰ জৰিয়তে গঠন কৰিব পৰা যাব।
আদালতে লগতে নিৰ্দেশ দিছে যে এনে নিষিদ্ধ সামগ্ৰীৰ প্ৰচাৰৰ জৰিয়তে কোনো প্লেটফৰ্মে উপাৰ্জন কৰিলে সেই ধন বাজেয়াপ্ত কৰাৰ ব্যৱস্থা থাকিব লাগিব। তথ্য-প্ৰযুক্তি আইন আৰু ইয়াৰ অধীনত প্ৰণয়ন কৰা বিধি উলংঘা কৰা সংস্থাসমূহৰ বিৰুদ্ধে কঠোৰ আৰ্থিক জৰিমনা আৰোপৰ ব্যৱস্থা প্ৰৱৰ্তনৰ কথাও কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰিব লাগিব। জৰিমনাৰ পৰিমাণ নিৰ্ধাৰণ কৰাৰ সময়ত অপৰাধৰ গুৰুত্ব, উলংঘনৰ সময়সীমা, পুনৰাবৃত্তি আৰু সংশ্লিষ্ট সংস্থাৰ আকাৰ তথা উপাৰ্জনৰ পৰিমাণৰ দৰে দিশ বিবেচনা কৰিবলৈ আদালতে পৰামৰ্শ দিছে।
উল্লেখ্য যে, শিশুৰ সুৰক্ষাৰ নামত ইণ্টাৰনেট ব্যৱহাৰৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰাটো সমাধান নহয় বুলিও উচ্চতম ন্যায়ালয়ে মত প্ৰকাশ কৰিছে। আদালতৰ মতে, শিশুক ইণ্টাৰনেটৰ পৰা আঁতৰাই ৰখাৰ পৰিৱৰ্তে ক্ষতিকাৰক সামগ্ৰী প্ৰস্তুত আৰু প্ৰচাৰ কৰা তথা সেইবোৰ আঁতৰোৱাত ব্যৰ্থ হোৱা সংস্থাসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত গুৰুত্ব দিব লাগিব।
কেন্দ্ৰীয় চৰকাৰে এই নিৰ্দেশসমূহ ৰূপায়ণৰ অগ্ৰগতি সম্পৰ্কে প্ৰতিবেদন দাখিল কৰিব লাগিব। গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ১০ ডিচেম্বৰ নিৰ্ধাৰণ কৰা হৈছে।





