• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বাছনি সমিতিত পুনৰ দেশৰ মুখ্য ন্যায়াধীশক অন্তৰ্ভুক্ত কৰাৰ দাবী তুলি অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যই দক্ষিণ ভাৰতৰ ৰাজনীতিত সৃষ্টি কৰিছে তীব্ৰ আলোড়ন।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2026 9:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টীৰ মুৰব্বী ৱাই এছ জগন মোহন ৰেড্ডীয়ে শেহতীয়াকৈ গ্ৰহণ কৰা ৰাজনৈতিক স্থিতিয়ে ভাৰতীয় জনতা পাৰ্টীৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। নিৰ্বাচন আয়ুক্ত নিযুক্তি সম্পৰ্কীয় ২০২৩ চনৰ আইনখনক সংসদত সমৰ্থন জনোৱাৰ বাবে দেওবাৰে ৰেড্ডীয়ে গভীৰ আক্ষেপ প্ৰকাশ কৰে। ইয়াৰ লগতে নিৰ্বাচনী সংস্কাৰৰ দাবী আৰু ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতি তেওঁ আগবঢ়োৱা সমৰ্থনক একালৰ এন ডি এ-ৰ ‘মিত্র দল’টো বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ ফালে ঢাল খোৱাৰ এক ইংগিত বহন কৰিছে।  

 

Apply Now

দেওবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৰেড্ডীয়ে কয় যে নিৰ্বাচন আয়ুক্তসকলৰ নিযুক্তি প্ৰক্ৰিয়া শাসকীয় চৰকাৰৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত হ’ব লাগে। ‘মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) আইন, ২০২৩’ সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়, “সেই আইনখনত অনুমোদন জনোৱাৰ বাবে মই এতিয়া অনুতপ্ত।” প্ৰধানমন্ত্ৰী, এজন কেন্দ্ৰীয় মন্ত্ৰী আৰু লোকসভাৰ বিৰোধী দলৰ নেতাক লৈ গঠিত বৰ্তমানৰ বাছনি প্ৰক্ৰিয়াটোক তেওঁ “ছাত্ৰই নিজেই নিজৰ পৰীক্ষক নিযুক্তি দিয়া”ৰ সৈতে তুলনা কৰি বাছনি সমিতিত পুনৰ ভাৰতৰ মুখ্য ন্যায়াধীশক অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়।

 

ইফালে, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি থকা চিজেপিৰ প্ৰতিও ৰেড্ডীয়ে সমৰ্থন আগবঢ়াইছে। সামাজিক মাধ্যম ‘এক্স’ত দিয়া এক বাৰ্তাত তেওঁ চিজেপিৰ যুটীয়া আহ্বায়ক সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ গ্ৰেপ্তাৰক গৰিহণা দি কয় যে গ্ৰেপ্তাৰৰ জৰিয়তে সমস্যাৰ সমাধান নহয়, বৰঞ্চ ই পৰিস্থিতি অধিক জটিলহে কৰিব। আনহাতে, ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াক লৈও উদ্বেগ প্ৰকাশ কৰি তেওঁ দাবী কৰে যে সমগ্ৰ দেশত ৪৬ লাখ ভুৱা ভোটাৰ চিনাক্ত কৰা হৈছে আৰু চৰকাৰে এই অসংশোধিত ভোটাৰ তালিকাৰেই নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে। শাসকীয় এন ডি এ মিত্ৰজোঁটক সুবিধা কৰি দিবলৈকে ৱাৰ্ড আৰু ডিভিজনসমূহৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা বুলিও তেওঁ অভিযোগ তোলে।

 

ৰেড্ডীৰ এই সম্ভাৱ্য পট পৰিৱৰ্তন এনে এক সময়ত ঘটিছে, যেতিয়া ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা আৰু বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কাৰ্যকৰী কৰাৰ বাবে প্ৰয়োজনীয় ‘সংবিধান (১৩১ সংখ্যক সংশোধনী) বিধেয়ক, ২০২৬’ তথা ‘সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক’ গৃহীত কৰিবলৈ বিজেপিয়ে সমৰ্থন বিচাৰি আছে। সংসদত ৱাই এছ আৰ চি পিৰ মুঠ ৮ জন সাংসদ (লোকসভাত ৪ জন আৰু ৰাজ্যসভাত ৪ জন) আছে। সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কখন সাধাৰণ সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰিব পাৰিলেও সংবিধান সংশোধনী বিধেয়কখনৰ বাবে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন, য’ত ৰেড্ডীৰ দলৰ ৮টা ভোট অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব। উল্লেখ্য যে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে যাতে দক্ষিণৰ ৰাজ্যসমূহে লোকসভাৰ আসন হেৰুৱাবলগীয়া নহয় আৰু আসনৰ আনুপাতিক বৃদ্ধি নিশ্চিত কৰা হয়, তাৰ বাবে ৰেড্ডীয়ে পূৰ্বেও কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছিল।

 

বিজেপিৰ জ্যেষ্ঠ নেতাসকলৰ মতে, যদিহে ৱাই এছ আৰ চি পিয়ে ‘ইণ্ডিয়া’ মিত্ৰজোঁটত যোগদান কৰে, তেন্তে ই কেৱল অন্ধ্ৰপ্ৰদেশৰ শাসকীয় টিডিপি-এন ডি এ মিত্ৰজোঁটৰ বাবেই নহয়, চুবুৰীয়া ৰাজ্য তেলেংগানাৰ ৰাজনীতিটো প্ৰভাৱ পেলাব। অন্ধ্ৰপ্ৰদেশত খ্ৰীষ্টান ভোটাৰ ১.৩৭ শতাংশ আৰু মুছলমান ভোটাৰ ৯ শতাংশৰ কিছু অধিক হোৱাৰ বিপৰীতে তেলেংগানাত খ্ৰীষ্টান ভোটাৰ ১.২৭ শতাংশ আৰু মুছলমান ভোটাৰ ১২ শতাংশৰ কিছু অধিক। অৱশ্যে সংৰক্ষণৰ সুবিধাৰ বাবে বহু দলিত খ্ৰীষ্টানে নিজকে হিন্দু হিচাপে পৰিচয় দিয়া হেতুকে উভয় ৰাজ্যতে খ্ৰীষ্টান ভোটাৰৰ প্ৰকৃত সংখ্যা ১০-১৫ শতাংশ হ’ব বুলি অনুমান কৰা হয়। এই বিশাল সংখ্যালঘু ভোটবেংক একত্ৰিত হ’লে বিৰোধী মিত্ৰজোঁটে যথেষ্ট লাভান্বিত হ’ব। তদুপৰি জগন মোহন ৰেড্ডী কংগ্ৰেছৰ কাষ চাপিলে তেলেংগানাৰ ৰেড্ডী সম্প্ৰদায়ৰ ভোটাৰসকলো মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ পক্ষত একত্ৰিত হ’ব পাৰে। ইয়াৰ উপৰি গ্ৰেটাৰ হায়দৰাবাদ পৌৰ নিগম অঞ্চলৰ গাচিবৌলী, খাম্মাম আৰু সূৰ্যাপেটকে ধৰি ২০-৩০টা সমষ্টিত উপকূলীয় অন্ধ্ৰ আৰু ৰায়লসীমাৰ পৰা আহি বসবাস কৰা ভোটাৰসকলৰ সমৰ্থন পোনপটীয়াকৈ কংগ্ৰেছে লাভ কৰাৰ সম্ভাৱনা আছে।

 

আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে চলি থকা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ গোচৰসমূহৰ দ্ৰুত শুনানিৰ হেঁচা আৰু অস্তিত্ব ৰক্ষাৰ তাগিদাতেই এই নতুন ৰাজনৈতিক স্থিতি গ্ৰহণ কৰা বুলি শাসকীয় শিবিৰে দাবী কৰিছে। বৰ্তমান এই আকস্মিক ৰাজনৈতিক পৰিৱৰ্তন তথা নতুন সমীকৰণক লৈ অন্ধ্ৰপ্ৰদেশৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা অব্যাহত আছে।

 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

October 19, 2026 9:30 pm
পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

October 19, 2026 8:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd