• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2026 2:47 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৬ বছৰৰ তলৰ শিশুৱে যাতে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে। ৰাজ্য চৰকাৰৰ মতে, এই নিষেধাজ্ঞা কাৰ্যকৰী কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰেহে গ্ৰহণ কৰিব পাৰিব।

চলিত বছৰৰ আৰম্ভণিতে কৰ্ণাটকৰ বাজেটত তদানীন্তন মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল। শিশুৰ ওপৰত ম’বাইল ফোনৰ অত্যধিক ব্যৱহাৰৰ নেতিবাচক প্ৰভাৱ ৰোধ কৰাই আছিল এই পদক্ষেপৰ লক্ষ্য। বৰ্তমানৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰেও এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে।

Apply Now

কৰ্ণাটক চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, ৰাজ্য চৰকাৰে বিদ্যালয় আৰু মহাবিদ্যালয়ত কম্পিউটাৰ ব্যৱহাৰৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আৰোপ কৰিব পাৰে। কিন্তু ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাটো এক বৃহৎ বিষয়। সেয়েহে, এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেই সিদ্ধান্ত ল’ব লাগিব বুলি বিষয়াগৰাকীয়ে মন্তব্য কৰে।

ইফালে, চলিত সপ্তাহতে উচ্চতম ন্যায়ালয়ে এটা গোচৰত নাবালকৰ বাবে ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ দাবীত দাখিল কৰা আবেদন খাৰিজ কৰিছিল। আদালতৰ মতে, ইণ্টাৰনেট ব্যৱহাৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিলে ইণ্টাৰনেট সেৱা ব্যৱহাৰৰ অধিকাৰ ক্ষুণ্ণ হ’ব পাৰে।

অৱশ্যে, কৰ্ণাটক চৰকাৰৰ প্ৰস্তাৱ ইণ্টাৰনেট ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সৈতে জড়িত নহয়। ৰাজ্য চৰকাৰে বিচাৰিছে যে ১৬ বছৰৰ তলৰ শিশুৱে যাতে ছ’চিয়েল মিডিয়াত একাউণ্ট খুলিব নোৱাৰে, তাৰ বাবে সংশ্লিষ্ট প্লেটফৰ্মসমূহক প্ৰয়োজনীয় কাৰিকৰী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰে দিয়ক। বিশ্বৰ কেইবাখনো দেশত এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও চৰকাৰী বিষয়াগৰাকীয়ে দাবী কৰে।

কৰ্ণাটকৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী প্ৰিয়ংক খাৰ্গেই জনোৱা মতে, এই বিষয়টোক লৈ ৰাজ্য চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ সৈতে আলোচনা কৰি আছে। ১৬ বছৰৰ তলৰ শিশুৱে যাতে একাউণ্ট খুলিব নোৱাৰে, তাৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, সেই বিষয়ে পৰীক্ষা-নিৰীক্ষা চলোৱা হৈছে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অষ্ট্ৰেলিয়াকে ধৰি যিবোৰ দেশত শিশুৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে, তাতো বহু শিশুৱে বয়স পৰীক্ষাৰ ব্যৱস্থাক আওকাণ কৰি একাউণ্ট খুলিবলৈ সক্ষম হৈছে। সেয়েহে, কেৱল নিষেধাজ্ঞা আৰোপ কৰাই নহয়, বয়স পৰীক্ষাৰ ব্যৱস্থাটো কেনেদৰে অধিক ফলপ্ৰসূ কৰিব পাৰি, সেই বিষয়টোও বিবেচনা কৰি সিদ্ধান্ত ল’ব বিচাৰিছে কৰ্ণাটক চৰকাৰে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

October 20, 2026 4:04 pm
১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

October 20, 2026 2:47 pm
আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

October 20, 2026 2:34 pm
দেশত অস্থিৰতা বিচৰা অপশক্তিৰ সৈতে হাত মিলাইছে একাংশ উচ্চাকাংক্ষী নেতাই: বিজয়া দশমীত মোহন ভাগৱতৰ বিস্ফোৰক অভিযোগ

দেশত অস্থিৰতা বিচৰা অপশক্তিৰ সৈতে হাত মিলাইছে একাংশ উচ্চাকাংক্ষী নেতাই: বিজয়া দশমীত মোহন ভাগৱতৰ বিস্ফোৰক অভিযোগ

October 20, 2026 2:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

October 20, 2026 4:04 pm
১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

October 20, 2026 2:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd