এজন চিকিৎসকে শাৰীৰিক পৰীক্ষা নকৰাকৈয়ে এজন ব্যক্তিক মৃত বুলি ঘোষণা কৰিলে। আনকি ভিডিঅ’ কলত তেওঁক দেখাৰ পিছত তেওঁ মৃত্যুৰ প্ৰমাণ পত্ৰও লিখি দিলে। অৱশেষত ডাক্তৰৰ কীৰ্তি ফাদিল হোৱাৰ পিছত পোহৰলৈ আহে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। এই কাণ্ডই সমগ্ৰ চহৰখনকে জোকাৰি গৈছে।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ মুম্বাইত। আৰক্ষীয়ে জনোৱা মতে, হোৱাটছএপত ভিডিঅ’ কলত মৃতদেহটো দেখাৰ পিছতে চিকিৎসকগৰাকীয়ে মৃত্যুৰ প্ৰমাণ পত্ৰ লিখাৰ অভিযোগ উত্থাপন হৈছে। ব্যক্তিজনক প্ৰকৃততে হত্যা কৰা হৈছিল। কিন্তু ডাক্তৰে মৃত্যুৰ প্ৰমাণ পত্ৰত লিখিছে যে তেওঁৰ মৃত্যু হাৰ্ট এটেকত হৈছে।
মহাৰাষ্ট্ৰৰ সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যানত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। চাৰিজন লোকে এজন ব্যক্তিক গুলীয়াই হত্যা কৰাৰ অভিযোগ। আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, গ্ৰেপ্তাৰ হোৱা ৫৬ বছৰীয়া চিকিৎসকজনৰ নাম ডাঃ ৰাজেশ পাণ্ডুৰাং পালাণ্ডে। তেওঁ কাশীগাঁৱৰ আশীষ চিকিৎসালয়ত কৰ্মৰত আছিল।
মীৰা ৰোডৰ উপ আৰক্ষী আয়ুক্ত ৰাহুল চৌহানে জানিবলৈ দিয়া মতে, ভুৱা মৃত্যুৰ প্ৰমাণ পত্ৰ লিখাৰ অভিযোগত চিকিৎসকজনক গ্ৰেপ্তাৰ কৰা হৈছে। আনকি মৃতদেহ পৰীক্ষাও কৰা নাছিল। হোৱাটছএপত মৃতদেহটো দেখাৰ পিছত মৃত্যুৰ প্ৰমাণ পত্ৰত লিখিছে যে তেওঁৰ হাৰ্ট এটেকত মৃত্যু হৈছে। অৱশ্যে ব্যক্তিজনক হত্যা কৰা হয়। এই হত্যাকাণ্ডক ঢাকি ৰাখিবলৈ ডাক্তৰে ভুৱা মৃত্যুৰ প্ৰমাণ পত্ৰ লিখিলে।
হত্যাকাণ্ডক লৈ এজন আৰক্ষী বিষয়াৰ সন্দেহ বাঢ়ে। ৰাষ্ট্ৰীয় উদ্যানত বিজয় সাপ্তে নামৰ এজন লোকক হত্যা কৰা হয়। কিন্তু ৰাতিটোৰ ভিতৰতে সেইটো গোপন কৰি পেলোৱা হ’ল। বিজয়ৰ পুত্ৰই জনোৱা মতে, যোৱা সোমবাৰে সন্ধিয়া তেওঁৰ পিতৃ আৰু আন কেইজনমানে ডাবুচা ঘাট পাহাৰীয়া অঞ্চলত বনৰীয়া গাহৰি চিকাৰ কৰিবলৈ গৈছিল। তাত আছিল বিজয়, মহেশ অনন্ত গাইকাৰ, কল্পেশ বান্দু ডাগলা, কুনাল প্ৰভাকৰ শ্বেলাৰ আৰু কথোদ বিস্তুৰ লাবাদ। ৰোহিতও সেই দলৰ অংশ আছিল। গাইকাৰৰ হাতত শ্বটগান আছিল, আনহাতে বিজয় আৰু লাবাদৰ হাতত মাজল লোডিং বন্দুক আছিল।
ৰোহিতে আৰক্ষীক জনোৱা মতে, “যেতিয়া আমি অৰণ্যৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ আছিলো, তেতিয়া নিশা প্ৰায় ৯:৩০ বজাত এটা মোবাইল ফোনৰ টৰ্চ জ্বলাই দিয়া হৈছিল। সেই পোহৰত বনৰীয়া জন্তুৰ শব্দ শুনি গাইকৰে ডাবল বেৰেল শ্বটগানেৰে গুলীচালনা কৰে। গুলীটোৱে মোৰ দেউতাৰ বুকু আৰু ভৰিৰ বাওঁফালে আঘাত কৰে। দলৰ আন দুজন লোকো আহত হয়।”
তাৰ পিছত ডাক্তৰক ভিডিঅ’ কলত বিজয়ৰ মৃতদেহৰ ছবি এখন দেখুৱাই দিয়া হ’ল। তেওঁ শাৰীৰিক পৰীক্ষা নকৰাকৈয়ে বিজয়ক মৃত ঘোষণা কৰে। তেওঁৰ আধাৰ কাৰ্ড আৰু অন্যান্য নথি-পত্ৰ লৈ মৃত ঘোষণা কৰে। ইয়াৰ পিছত তেওঁৰ পৰিয়ালৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।





