• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

লক্ষ্ণৌৰ ব্যৱসায়ী তথা কেফে স্বত্বাধিকাৰী শিৱা শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা মডেল শ্ৰদ্ধা দুবে, তেওঁৰ ভগ্নী ৰশ্মি দুবে আৰু গাড়ীচালকৰ জামিন আবেদন আদালতে নাকচ কৰিছে। বৰ্তমান লক্ষ্ণৌৰ গোসাইগঞ্জ জিলা কাৰাগাৰত বন্দী হৈ থকা শ্ৰদ্ধাই কাৰাগাৰৰ সাধাৰণ খাদ্য গ্ৰহণত অনীহা প্ৰকাশ কৰাৰ লগতে কাৰাগাৰত থকা সত্ত্বেও তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট সক্ৰিয় হৈ থকাৰ বিষয়টোৱে নতুন ৰহস্যৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 25, 2026 3:55 pm
ফটো সংগৃহীত

ফটো সংগৃহীত

12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লক্ষ্ণৌৰ কেফে স্বত্বাধিকাৰী তথা ব্যৱসায়ী শিৱা শৰ্মাৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা মডেল শ্ৰদ্ধা দুবে, তেওঁৰ ভগ্নী ৰশ্মি দুবে আৰু গাড়ীচালক সম্প্ৰতি উত্তৰ প্ৰদেশৰ গোসাইগঞ্জ জিলা কাৰাগাৰত ন্যায়িক জিম্মাত আছে। যোৱা ৯ অক্টোবৰত লক্ষ্ণৌৰ হজৰতগঞ্জ অঞ্চলৰ ‘অৱধ গ্ৰীন এপাৰ্টমেণ্ট’ৰ চতুৰ্থ মহলাৰ পৰা পৰি শিৱা শৰ্মাৰ মৃত্যু হোৱাৰ পাছত প্ৰায় ১১ দিন ধৰি পলাতক হৈ আছিল অভিযুক্তসকল। অৱশেষত ২০ অক্টোবৰত মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰা আৰক্ষীয়ে শ্ৰদ্ধা, তেওঁৰ ভগ্নী ৰশ্মি আৰু গাড়ীচালকক গ্ৰেপ্তাৰ কৰে। লক্ষ্ণৌলৈ আনি আদালতত হাজিৰ কৰোৱাৰ পাছত বৃহস্পতিবাৰে তেওঁলোকক গোসাইগঞ্জ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। শেহতীয়াকৈ যোৱা ২৪ অক্টোবৰত আদালতে শ্ৰদ্ধা দুবেকে ধৰি তিনিওগৰাকী অভিযুক্তৰ জামিন আবেদন নাকচ কৰাত বৰ্তমান তেওঁলোক কাৰাগাৰতে থাকিবলগীয়া হৈছে।

 

Apply Now

সূত্ৰ অনুসৰি, প্ৰথমে নতুন বন্দীসকলৰ বাবে নিৰ্ধাৰিত কক্ষত ৰখাৰ পাছত দুই ভগ্নীক ৪০ৰ পৰা ৪৫ গৰাকী মহিলা বন্দী থকা সাধাৰণ বেৰেকলৈ স্থানান্তৰ কৰা হয়। বিলাসী জীৱনযাপনত অভ্যস্ত শ্ৰদ্ধাৰ বাবে কাৰাগাৰৰ নিয়ম মানি পুৱা ৬ বজাতে উঠা আৰু সাধাৰণ খাদ্যৰ সৈতে খাপ খোৱাটো কঠিন হৈ পৰা দেখা গৈছে। প্ৰথম নিশাৰ আহাৰত দিয়া ৰুটি, দাইল আৰু আলু-ছয়াবিন তথা মেথি শাকৰ তৰকাৰী খাবলৈ শ্ৰদ্ধাই অনীহা প্ৰকাশ কৰে। ইয়াৰ উপৰিও দ্বিতীয় দিনা দুই ভগ্নীক যথেষ্ট অস্থিৰ দেখা গৈছিল আৰু তেওঁলোকে বেৰেকৰ ভিতৰত ইফাল-সিফাল কৰি আছিল। আন বন্দীসকলে শিৱা শৰ্মাৰ গোচৰ সন্দৰ্ভত কথা পাতিবলৈ চেষ্টা কৰিলেও প্ৰথম ২৪ ঘণ্টাত দুই ভগ্নীয়ে কাৰো সৈতে কথা পতা নাছিল, বৰঞ্চ নিৰীক্ষণৰ দায়িত্বত থকা উপ-কাৰাধ্যক্ষগৰাকীকহে বিভিন্ন কথা সুধি আছিল। ধাৰাবাহিক যাত্ৰা আৰু ক্লান্তিৰ অজুহাত দেখুৱাই শ্ৰদ্ধাই চাহৰ সলনি ‘চুগাৰ-ফ্ৰী ব্লেক কফি’ বিচাৰিছিল যদিও কাৰাগাৰ প্ৰশাসনে স্পষ্ট কৰি দিয়ে যে কেৱল কাৰাগাৰৰ নিয়মাৱলী অনুসৰিহে সামগ্ৰী যোগান ধৰা হ’ব। কাৰাধ্যক্ষ হৃত্বিক প্ৰিয়দৰ্শীয়ে জনোৱা মতে, দুই ভগ্নীৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ লগতে নিৰাপত্তাও বৃদ্ধি কৰা হৈছে।

 

আনহাতে, শ্ৰদ্ধা কাৰাগাৰত থকা সত্ত্বেও তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট সক্ৰিয় হৈ থকাক লৈ তীব্ৰ চৰ্চা চলিছে। ঘটনাৰ পাছত তেওঁৰ ইনষ্টাগ্ৰামত অনুগামীৰ সংখ্যা ১.৪১ লাখৰ পৰা ১.৪৪ লাখলৈ বৃদ্ধি পাইছে। কিন্তু লক্ষণীয়ভাৱে শ্ৰদ্ধাই নিজে ‘ফল’ কৰা একাউণ্টৰ সংখ্যা ৪২১ৰ পৰা ৪০৭ লৈ হ্ৰাস পাইছে। ইয়াৰ জৰিয়তে কেতবোৰ ভিভিআইপি একাউণ্ট আনফল’ বা ব্লক কৰা বুলি দাবী উত্থাপন হৈছে আৰু কাৰাগাৰৰ বাহিৰৰ পৰা কোনে এই একাউণ্ট চলাইছে তাক লৈ প্ৰশ্ন উঠিছে।

 

উল্লেখ্য যে, বিগত চাৰি মাহ ধৰি শ্ৰদ্ধাৰ সৈতে একেটা ফ্লেটতে লিভ-ইন সম্পৰ্কত আছিল শিৱা শৰ্মা। ৯ অক্টোবৰত চতুৰ্থ মহলাৰ পৰা পৰি মৃত্যু হোৱা শিৱাৰ দেহত কেৱল অন্তৰ্বাস আছিল আৰু তেওঁৰ মুখমণ্ডল তথা পেটত লিপষ্টিকৰ দাগ থকাৰ লগতে শৰীৰত চিগাৰেটেৰে পুৰি দিয়াৰ দাগো পোৱা গৈছিল। এই সন্দৰ্ভত শ্ৰদ্ধাই কৈছিল যে শিৱা তেওঁৰ প্ৰেমিক আছিল বাবেই মুখত লিপষ্টিক লাগিছিল। শ্ৰদ্ধাৰ মতে, ঘটনাৰ দিনা পুৱা প্ৰায় ৭ বজাত তেওঁলোক ফ্লেটলৈ আহি সন্ধিয়ালৈকে শুই আছিল আৰু নিশা ঘটনাটো সংঘটিত হয়। শিৱাই আত্মহত্যা কৰা বুলি শ্ৰদ্ধাই দাবী কৰিলেও শিৱাৰ মাতৃ ৰঞ্জনা শৰ্মাই মাৰপিট আৰু নিৰ্যাতন চলাই চতুৰ্থ মহলাৰ পৰা ঠেলি হত্যা কৰাৰ অভিযোগ তুলি শ্ৰদ্ধা, ভগ্নী ৰশ্মি আৰু গাড়ীচালকসহ পাঁচজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

 

আৰক্ষীৰ তদন্তত ঘৰুৱা সহায়িকাগৰাকীয়ে ভাষ্য দিছে যে ঘটনাৰ দিনা শিৱা আৰু শ্ৰদ্ধাৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু তাৰ পাছতে এই ঘটনা সংঘটিত হয়। আৰক্ষীয়ে ইতিমধ্যে সহায়িকাগৰাকীৰ লগতে শিৱাক চিকিৎসালয়লৈ নিয়া প্ৰতিবেশীসকলৰো ভাষ্য গ্ৰহণ কৰিছে। আনহাতে, গ্ৰেপ্তাৰৰ পূৰ্বে অভিযুক্তসকলক পলাই থকাত সহায় কৰাৰ অভিযোগত শ্ৰদ্ধাৰ প্ৰেমিক আমিৰ শেখৰ নামো পোহৰলৈ আহিছে আৰু আৰক্ষীয়ে তেওঁক জেৰা চলাই আন কোন কোন এই কাৰ্যত জড়িত আছিল সেয়া উলিওৱাৰ চেষ্টা চলাইছে। দুয়োপক্ষৰ পৰস্পৰবিৰোধী ভাষ্যৰ মাজত শিৱা শৰ্মাৰ মৃত্যুৰ প্ৰকৃত ৰহস্য এতিয়া আৰক্ষীৰ তদন্ত আৰু আদালতৰ বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তেহে নিৰ্ধাৰিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

October 25, 2026 5:52 pm
বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

October 25, 2026 3:55 pm
২.৫ কোটিৰ বিনিয়োগ কৰি ১১০ কোটি টকা উপাৰ্জন! পৰিচালকক লগ পাবলৈ উদগ্ৰীৱ প্ৰযোজকৰ দল

২.৫ কোটিৰ বিনিয়োগ কৰি ১১০ কোটি টকা উপাৰ্জন! পৰিচালকক লগ পাবলৈ উদগ্ৰীৱ প্ৰযোজকৰ দল

October 25, 2026 2:41 pm
ধেমাজিত পথ দুৰ্ঘটনাত মৃত্যু NSUI-ৰ ৰাজ্যিক উপ সভাপতি কমলেশ্বৰ চুতীয়াৰ

ধেমাজিত পথ দুৰ্ঘটনাত মৃত্যু NSUI-ৰ ৰাজ্যিক উপ সভাপতি কমলেশ্বৰ চুতীয়াৰ

October 25, 2026 12:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

October 25, 2026 5:52 pm
বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

October 25, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd