মাত্ৰ ছমাহৰ ভিতৰত ২৩টাকৈ মৃত্যুদণ্ডৰ ৰায়দান কৰি দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশমৰ্মে উত্তৰ প্ৰদেশৰ মুজফ্ফৰনগৰৰ পাৰিবাৰিক আদালতলৈ বদলি কৰা হৈছে। দেওবাৰে চৰকাৰী বিষয়াই সদৰী কৰা মতে, ফাষ্ট-ট্ৰেক আদালতৰ দায়িত্বত থকা ন্যায়াধীশ দিবাকৰক পাৰিবাৰিক আদালতৰ অতিৰিক্ত প্ৰধান ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, তেওঁৰ স্থানত শিৱ কুমাৰীয়ে ফাষ্ট-ট্ৰেক আদালতৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিব।
উল্লেখ্য যে, ন্যায়াধীশ দিবাকৰে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত ফাষ্ট-ট্ৰেক আদালতত ১১টা গোচৰৰ শুনানি গ্ৰহণ কৰি মুঠ ২৩ জন অপৰাধীক মৃত্যুদণ্ডৰ শাস্তি বিহিছিল। পিছে শেহতীয়াকৈ তেওঁৰ আদালতৰ পৰা হত্যা আৰু অন্যান্য গুৰুতৰ অপৰাধৰ সৈতে জড়িত ৯৭টা আধা-শুনানি হোৱা গোচৰ প্ৰশাসনিক নিৰ্দেশৰ জৰিয়তে প্ৰত্যাহাৰ কৰাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰিছিল। যোৱা আগষ্ট মাহত তৎকালীন জিলা আৰু সত্ৰ ন্যায়াধীশ বি কে সিঙে এই প্ৰশাসনিক নিৰ্দেশ জাৰি কৰিছিল।
এটা প্ৰায় ১০ বছৰ পুৰণি এনডিপিএছ (NDPS) গোচৰত এজন অভিযুক্তক দোষমুক্ত কৰাৰ ৰায়দানৰ সময়ত ন্যায়াধীশ দিবাকৰে এখন ৩৫ পৃষ্ঠাজোৰা ৰায় প্ৰস্তুত কৰিছিল। এই ৰায়তে তেওঁ প্ৰশ্ন কৰিছিল যে শুনানি আৰম্ভ হোৱা গোচৰসমূহ আইন নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈ কেৱল প্ৰশাসনিক নিৰ্দেশযোগে প্ৰত্যাহাৰ কৰিব পাৰিনে নাই। ইয়াৰ উপৰিও তেওঁ ন্যায়িক স্বাধীনতা আৰু জিলা ন্যায়াধীশসকলে প্ৰয়োগ কৰা প্ৰশাসনিক ক্ষমতাৰ সীমা সন্দৰ্ভতো গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছিল।
ফাষ্ট-ট্ৰেক আদালতৰ পৰা পাৰিবাৰিক আদালতলৈ ন্যায়াধীশ দিবাকৰৰ এই বদলিয়ে ন্যায়িক মহলত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে। প্ৰশাসনিক ক্ষমতা আৰু ন্যায়িক স্বাধীনতাৰ মাজৰ সংঘাতক লৈ তেওঁ উত্থাপন কৰা প্ৰশ্নসমূহৰ পাছতেই এলাহাবাদ উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰা এই বদলিৰ পদক্ষেপে পৰৱৰ্তী সময়ত প্ৰশাসনিক স্তৰত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে, সেয়া লক্ষণীয় হ’ব। বৰ্তমান তেওঁ মুজফ্ফৰনগৰৰ পাৰিবাৰিক আদালতত অতিৰিক্ত প্ৰধান ন্যায়াধীশ হিচাপে নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰিব।





