পুৱাই এটা ডাঙৰ খবৰ। উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত কংগ্ৰেছ সাংসদ লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীৰ কনভয়ৰ কেইবাখনো বাহনৰ সংঘৰ্ষৰ খবৰ পোহৰলৈ আহিছে।
প্ৰাথমিক তথ্য অনুসৰি এই দুৰ্ঘটনাত কেইবাজনো লোক আহত হয়। কিন্তু কিয় এনে দুৰ্ঘটনা সংঘটিত হ’ল, এই ঘটনাৰ আঁৰত কোনো দুষ্কৃতিকাৰী আছিল নেকি সেয়া সঠিকভাৱে জানিব পৰা হোৱা নাই।
অৱশ্যে সূত্ৰ অনুসৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধী বৰ্তমান সুস্থ। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
এক্সপ্ৰেছৱেৰ ৯১ কিলোমিটাৰ মাইলৰ খুঁটিৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। খবৰ অনুসৰি কনভয়ৰ পাঁচখন বাহন আৰু এখন এম্বুলেন্সৰ মাজত একেৰাহে সংঘৰ্ষ ঘটা বুলি কোৱা হৈছে।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ এটা গোচৰৰ ৰায়দানৰ সৈতে জড়িত কামত গৈ আছিল। দুৰ্ঘটনাৰ পিছত তেওঁৰ শাৰীৰিক অৱস্থাক লৈ উদ্বেগ প্ৰকাশ পাইছে যদিও তেওঁ নিৰাপদ বুলি জানিব পৰা গৈছে।
বাহনসমূহৰ মাজত একেৰাহে সংঘৰ্ষ কেনেকৈ সংঘটিত হয় তাৰ সবিশেষ তথ্য এতিয়াও পোহৰলৈ অহা নাই। আহতসকলৰ শাৰীৰিক অৱস্থা সন্দৰ্ভতো কোনো সবিশেষ জানিব পৰা হোৱা নাই।
