বিধায়কে পদত্যাগৰ ফলত উপ-নিৰ্বাচন হ’লে তাৰ খৰচ কোনে বহন কৰিব? এই প্ৰশ্ন উত্থাপন কৰি দাখিল কৰা গোচৰত কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ পৰা উত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয়ে। তামিলনাডুৰ ৬গৰাকী প্ৰাক্তন এআইএডিএমকে বিধায়কৰ পদত্যাগ আৰু অন্য দলত যোগদানক কেন্দ্ৰ কৰি এই গোচৰ ৰুজু হৈছে।
আবেদনকাৰী কে সুধনে আদালতত আবেদন জনাইছে যে যদি কোনো বিধায়কৰ স্বেচ্ছামূলক পদত্যাগৰ বাবে উপ-নিৰ্বাচনৰ প্ৰয়োজন হয়, তেন্তে সেই নিৰ্বাচনৰ খৰচৰ দায়বদ্ধতা নিৰ্ধাৰণৰ বাবে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে।
তেওঁৰ মতে, নিৰ্বাচিত জনপ্ৰতিনিধিজনৰ ব্যক্তিগত সিদ্ধান্তৰ বাবে যদি নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হয়, তেন্তে তাৰ আৰ্থিক বোজা চৰকাৰী ৰাজকোষৰ ওপৰত পৰে।
আবেদনখনত ‘নিৰ্বাচন ব্যয় সুৰক্ষা’ নামৰ ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ জৰিয়তে সংশ্লিষ্ট বিধায়কজনৰ পদত্যাগৰ বাবে উপ-নিৰ্বাচনৰ খৰচ আদায় কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰা হৈছে।
তদুপৰি পদত্যাগ কৰা বিধায়কসকলক নিৰ্দিষ্ট পৰিস্থিতিত পাঁচ বছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা অযোগ্য ঘোষণা কৰাৰ বাবেও আবেদন দাখিল কৰা হৈছে।
ইয়াৰ পূৰ্বে ২০২৬ চনৰ ২৪ ছেপ্টেম্বৰত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত জনস্বাৰ্থৰ গোচৰ খাৰিজ কৰে। আদালতে পৰ্যবেক্ষণ কৰে যে নিৰ্বাচনী খৰচ আদায়ৰ বাবে নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰা বা বিধায়কসকলৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত পাঁচ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা আদি বিষয়সমূহ আইন প্ৰণয়নৰ পৰিসৰৰ ভিতৰত পৰে। আদালতে বিধায়িনী দল বা চৰকাৰক নতুন আইন প্ৰণয়নৰ নিৰ্দেশ দিব নোৱাৰে।
মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ সেই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনায় কে সুধনে। ২৬ অক্টোবৰৰ শুনানিত শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, নিৰ্বাচন আয়োগ, তামিলনাডুৰ মুখ্য নিৰ্বাচনী বিষয়া, বিধানসভাৰ সচিব আৰু ছয়জন প্ৰাক্তন বিধায়কলৈ জাননী জাৰি কৰে।
তামিলনাডুৰ ছয়জন এআইএডিএমকেৰ বিধায়কে পদত্যাগ আৰু পিছত তেওঁলোকে তামিলগা ভেত্ৰী কাঝাগাম (টিভিকে)ত যোগদানক লৈ বিতৰ্কৰ সৃষ্টি হয়। তেওঁলোকৰ পদত্যাগৰ ফলত নিজ নিজ আসনত উপ-নিৰ্বাচনৰ বিষয়টো আহি পৰে। সেই প্ৰেক্ষাপটত উপ-নিৰ্বাচনৰ খৰচ আৰু পদত্যাগী বিধায়কৰ দায়বদ্ধতা সন্দৰ্ভত আদালতৰ কাষ চাপিছিল আবেদনকাৰীয়ে।
উচ্চতম ন্যায়ালয়ৰ জাননীৰ পিছত এই গোচৰৰ সংশ্লিষ্ট পক্ষৰ বক্তব্যৰ বাবে অপেক্ষা কৰা হৈছে। পদত্যাগ কৰা বিধায়কসকলৰ পৰা উপ-নিৰ্বাচনৰ খৰচ আদায়ৰ বাবে নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব নে নহয় সেয়া গোচৰৰ পৰৱৰ্তী আইনী প্ৰক্ৰিয়াত সিদ্ধান্ত লোৱা হ’ব।





