• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২৫ বছৰৰ মূৰত ইংৰাজ খেলুৱৈৰ দখলত বেলন ডি’অৰ! এম্বাপে-য়ামালক চেৰ পেলাই বিশ্বশ্ৰেষ্ঠ ফুটবলৰ মুকুট পিন্ধিলে হেৰী কেনে

লণ্ডনত অনুষ্ঠিত বৰ্ণিল কাৰ্যসূচীত বায়াৰ্ন মিউনিখৰ তাৰকা হেৰী কেনে ২০২৬ বৰ্ষৰ পুৰুষৰ বেলন ডি'অৰ বঁটা লাভ কৰাৰ বিপৰীতে বাৰ্চিলোনাৰ এলেক্সিয়া পুটেলিয়াছে মহিলাৰ শাখাত এই সন্মান অৰ্জন কৰিছে। এই বিজয়ৰ জৰিয়তে কেন ২০০১ চনৰ পাছত এই বঁটা লাভ কৰা প্ৰথমগৰাকী ইংৰাজ খেলুৱৈ হিচাপে পৰিগণিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2026 10:53 am
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব ফুটবলৰ আটাইতকৈ মৰ্যাদাপূৰ্ণ ব্যক্তিগত সন্মান ‘বেলন ডি’অৰ ২০২৬’ বঁটা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। লণ্ডনত অনুষ্ঠিত এক বৰ্ণিল অনুষ্ঠানত বায়াৰ্ন মিউনিখ আৰু ইংলেণ্ডৰ তাৰকা ষ্ট্ৰাইকাৰ হেৰী কেনে পুৰুষৰ শাখাত বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰাৰ বিপৰীতে বাৰ্চিলোনা আৰু স্পেইনৰ ফুটবলাৰ এলেক্সিয়া পুটেলিয়াছে মহিলাৰ শাখাত এই মৰ্যাদাপূৰ্ণ বঁটা লাভ কৰে। ফ্ৰান্সৰ কিলিয়ান এম্বাপে আৰু স্পেইনৰ লামিন য়ামালক পিছ পেলাই কেনে এই মুকুট পিন্ধিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, ২০০১ চনত মাইকেল ওৱেনৰ পাছত বেলন ডি’অৰ জয় কৰা কেন হৈছে প্ৰথমগৰাকী ইংৰাজ খেলুৱৈ।

 

Apply Now

২০২৫-২৬ বৰ্ষৰ ফুটবল ছিজনত হেৰী কেনৰ প্ৰদৰ্শন আছিল অসাধাৰণ। ৬৫ খন খেলত ৭৩ টা গ’ল আৰু ৮ টা এছিষ্টেৰে তেওঁ বায়াৰ্ন মিউনিখক বুণ্ডেছলীগা আৰু ডিএফবি পোকাল খিতাপ জয়ত সহায় কৰাৰ লগতে ইংলেণ্ডক ফিফা বিশ্বকাপত বিগত ৬০ বছৰৰ ভিতৰত শ্ৰেষ্ঠ স্থান (ব্ৰঞ্জৰ পদক) লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আনহাতে, মহিলাৰ শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা এলেক্সিয়া পুটেলিয়াছৰ এয়া হৈছে তৃতীয়টো বেলন ডি’অৰ সন্মান। ইয়াৰ পূৰ্বে তেওঁ ২০২১ আৰু ২০২২ চনতো এই বঁটা লাভ কৰিছিল। বিগত ছিজনত তেওঁ ৫৩ খন খেলত ২৬ টা গ’ল আৰু ১৫ টা এছিষ্টেৰে বাৰ্চিলোনাক মহিলাৰ চেম্পিয়নছ লীগকে ধৰি পাঁচটাকৈ খিতাপ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।

 

এই বঁটা প্ৰদান অনুষ্ঠানত স্পেইন আৰু বাৰ্চিলোনাৰ খেলুৱৈসকলৰ আধিপত্য দেখিবলৈ পোৱা যায়। যুৱ খেলুৱৈক প্ৰদান কৰা ‘কোপা ট্ৰফী’ পুৰুষৰ শাখাত ক্ৰমাগত তৃতীয়বাৰৰ বাবে লামিন য়ামাল আৰু মহিলাৰ শাখাত একেৰাহে দ্বিতীয়বাৰৰ বাবে ভিকি ল’পেজে লাভ কৰে। শ্ৰেষ্ঠ গ’লৰক্ষকৰ ‘য়াছিন ট্ৰফী’ অৰ্জন কৰে স্পেইনৰ উনাই ছাইমন আৰু কাটা কলে। স্পেইনৰ ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক লুইছ ডি লা ফুয়েন্টেই পুৰুষৰ শাখাত আৰু বাৰ্চিলোনাৰ পেৰে ৰোমেৱে মহিলাৰ শাখাত ‘বৰ্ষশ্ৰেষ্ঠ প্ৰশিক্ষক’ৰ সন্মান লাভ কৰে। শ্ৰেষ্ঠ ক্লাৱৰ সন্মান পুৰুষৰ শাখাত পেৰিছ ছেইণ্ট-জাৰ্মেইন (পিএছজি) আৰু মহিলাৰ শাখাত এফ চি বাৰ্চিলোনাই অৰ্জন কৰে।

 

ইয়াৰ উপৰি সৰ্বাধিক গ’লদাতাৰ বাবে প্ৰদান কৰা ‘গাৰ্ড মুলাৰ ট্ৰফী’ পুৰুষৰ শাখাত হেৰী কেনে আৰু মহিলাৰ শাখাত মেক্সিকোৰ চাৰ্লিন কোৰালে লাভ কৰে। আনহাতে, মানৱীয় আৰু সমাজিক কাম-কাজৰ বাবে আৰ্ছেনালৰ তাৰকা বুকায়ো ছাকাক সন্মানীয় ‘ছক্ৰেটিছ এৱাৰ্ড’ প্ৰদান কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেবিনতে জেনেৰেটিভ এআই, আছে আধুনিক সুৰক্ষা ফিচাৰ; ভাৰতীয় বজাৰত মুকলি হ’ল নতুন Hyundai Bayon

কেবিনতে জেনেৰেটিভ এআই, আছে আধুনিক সুৰক্ষা ফিচাৰ; ভাৰতীয় বজাৰত মুকলি হ’ল নতুন Hyundai Bayon

October 27, 2026 12:04 pm
২৫ বছৰৰ মূৰত ইংৰাজ খেলুৱৈৰ দখলত বেলন ডি’অৰ! এম্বাপে-য়ামালক চেৰ পেলাই বিশ্বশ্ৰেষ্ঠ ফুটবলৰ মুকুট পিন্ধিলে হেৰী কেনে

২৫ বছৰৰ মূৰত ইংৰাজ খেলুৱৈৰ দখলত বেলন ডি’অৰ! এম্বাপে-য়ামালক চেৰ পেলাই বিশ্বশ্ৰেষ্ঠ ফুটবলৰ মুকুট পিন্ধিলে হেৰী কেনে

October 27, 2026 10:53 am
তীব্ৰ গতিৰে আহি আছে ঘূৰ্ণীবতাহ অৰ্ণব; একাধিক পথত ৰে’লৱেই বাতিল কৰিলে ৫৩খন ৰে’ল

তীব্ৰ গতিৰে আহি আছে ঘূৰ্ণীবতাহ অৰ্ণব; একাধিক পথত ৰে’লৱেই বাতিল কৰিলে ৫৩খন ৰে’ল

October 27, 2026 10:49 am
বিধায়কে দল সলনি কৰিব আৰু উপ-নিৰ্বাচন হ’ব ৰাইজৰ ধনেৰে! কেন্দ্ৰ আৰু আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ

বিধায়কে দল সলনি কৰিব আৰু উপ-নিৰ্বাচন হ’ব ৰাইজৰ ধনেৰে! কেন্দ্ৰ আৰু আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ

October 27, 2026 9:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেবিনতে জেনেৰেটিভ এআই, আছে আধুনিক সুৰক্ষা ফিচাৰ; ভাৰতীয় বজাৰত মুকলি হ’ল নতুন Hyundai Bayon

কেবিনতে জেনেৰেটিভ এআই, আছে আধুনিক সুৰক্ষা ফিচাৰ; ভাৰতীয় বজাৰত মুকলি হ’ল নতুন Hyundai Bayon

October 27, 2026 12:04 pm
২৫ বছৰৰ মূৰত ইংৰাজ খেলুৱৈৰ দখলত বেলন ডি’অৰ! এম্বাপে-য়ামালক চেৰ পেলাই বিশ্বশ্ৰেষ্ঠ ফুটবলৰ মুকুট পিন্ধিলে হেৰী কেনে

২৫ বছৰৰ মূৰত ইংৰাজ খেলুৱৈৰ দখলত বেলন ডি’অৰ! এম্বাপে-য়ামালক চেৰ পেলাই বিশ্বশ্ৰেষ্ঠ ফুটবলৰ মুকুট পিন্ধিলে হেৰী কেনে

October 27, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd