ভাৰতত Mid Size SUVছেগমেণ্টত নতুন সংযোজন কৰিছে হুণ্ডাইয়ে। সোমবাৰে ভাৰতৰ বজাৰত মুকলি কৰা হয় নতুন হুণ্ডাই বেয়ন (Hyundai Bayon) গাড়ীখন। ক্ৰেটাৰ বাহিৰে এইখনেই দেশৰ বজাৰত হুণ্ডাইৰ দ্বিতীয়খন মিড চাইজ এছ ইউ ভি। কোম্পানীটোৰ অফিচিয়েল ৱেবছাইট আৰু অনুমোদিত শ্ব’ৰুমৰ পৰা গাড়ীখনৰ বুকিং আৰম্ভ হৈছে। এই গাড়ীখনৰ মূল্য কিমান, কি কি ফিচাৰ আছে এই গাড়ীখনত? সবিশেষ জানি লওক।
ডিজাইন আৰু ফিচাৰসমূহ
আধুনিক আৰু চিকচিকিয়া ডিজাইনৰ এই গাড়ীখনৰ ৰূপটো অতি আকৰ্ষণীয়। সন্মুখত আছে মাল্টি লেয়াৰ ডিজাইন আৰু স্প্লিট হেডলাইট। ইয়াৰ উপৰিও এটা Slim LED DRL ছেটআপ আছে। ক’লা আৰু ৰূপালী স্পৰ্শই গাড়ীখনৰ ৰূপক অধিক আকৰ্ষণীয় কৰি তুলিছে। গাড়ীৰ পিছফালে LED Tail Lamp আছে। টেইল গেটত বেয়নৰ বিশেষ ব্ৰেণ্ডিং আছে। ইয়াৰ উপৰিও ডাঙৰ আৰু পেটাল ষ্টাইলৰ এলয় হুইল আছে।
গাড়ীখনৰ দৈৰ্ঘ্য প্ৰায় ৪,২৪৫ মিলিমিটাৰ, বহল ১,৮১০ মিলিমিটাৰ। গাড়ীখনৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স ২০৫ মিলিমিটাৰ। পিছফালে ৫০৫ লিটাৰৰ বুটৰ স্পেচ আছে।
গাড়ীখনৰ সন্মুখৰ কেবিনত ১২.৩ ইঞ্চিৰ দুখন ডিছপ্লে আছে। ইয়াৰে এখন হৈছে ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ আৰু আনখন ইনফ’টেইনমেণ্ট চিষ্টেম হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও গাড়ীখনত আছে কানেক্টেড কাৰ নেভিগেচন ককপিটৰ ফিচাৰ।
ইয়াৰ উপৰিও Generative AI Voice Assistance ৰ ফিচাৰ আছে। গাড়ীখনৰ ইনফ’টেইনমেণ্ট চিষ্টেমটো ১০টা ভাৰতীয় ভাষাত কাম কৰিবলৈ সক্ষম।
সুৰক্ষাৰ বাবে ৮০টাতকৈও অধিক উন্নত ফিচাৰ আছে। ছয়টা এয়াৰবেগ, ইলেক্ট্ৰনিক ষ্টেবিলিটি কণ্ট্ৰ’ল, হুণ্ডাই স্মাৰ্টচেন্স লেভেল ২ প্ৰ’ এডিএএছ, ব্লাইণ্ড স্পট ৱাৰ্নিং, লেন কীপিং এছিস্টেন্স, চেভ এক্সিট ৱাৰ্ণিংকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ফিচাৰ আছে।
ইঞ্জিন
এই গাড়ীখনত আছে ১.৫ লিটাৰৰ ফ’ৰ চিলিণ্ডাৰ, নেচাৰেলি এস্পিৰেটেড পেট্ৰ’ল ইঞ্জিন। এই ইঞ্জিনৰ সৰ্বোচ্চ শক্তি ১১৫ বিএইচপি আৰু টৰ্ক ১৪৪ এনএম। ইয়াৰ লগত আছে ৬ স্পীড গিয়াৰবক্স। এই গাড়ীখন মেনুৱেল আৰু অটোমেটিক দুয়োটা ভেৰিয়েণ্টতে উপলব্ধ হ’ব। অটোমেটিক ভেৰিয়েন্টত পেডেল শ্বিফ্টাৰৰ ফিচাৰো থাকিব। এই গাড়ীখনত তিনিটা ড্ৰাইভিং মোডো আছে – ইকো, নৰ্মেল আৰু স্পৰ্ট।
কোম্পানীটোৰ দাবী অনুসৰি গাড়ীখনৰ মাইলেজ প্ৰতি লিটাৰ পেট্ৰ’লত ১৮.৬ কিলোমিটাৰ। কোম্পানীটোৱে জনোৱা মতে, ২০২৭ চনত এই গাড়ীৰ চিএনজি ভেৰিয়েণ্টটোও বজাৰত মুকলি হ’ব পাৰে।
গাড়ীখনৰ মূল্য
ভাৰতীয় বজাৰত গাড়ীখনৰ এক্স শ্ব’ৰুম মূল্য ৯.৯৯ লাখ টকাৰ পৰা আৰম্ভ হয়। ক্ৰেতাই কোম্পানীটোৰ ৱেবছাইট আৰু শ্ব’ৰুমৰ পৰা ১১ হাজাৰ টকাৰে গাড়ীখন বুকিং কৰিব পাৰিব।





