নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন ‘কপ-৩১’ৰ পূৰ্বে ব্ৰিটিছ চিকিৎসা বিজ্ঞানৰ পত্ৰিকা ‘দ্য লেনচেট’ৰ এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন প্ৰকাশ পাইছে। বিশ্বৰ ৩০খন দেশৰ ১৪৬গৰাকী গৱেষকে প্ৰস্তুত কৰা এই দশম সংস্কৰণৰ প্ৰতিবেদনখনত জলবায়ু পৰিৱৰ্তনক এক ‘গোলকীয় স্বাস্থ্য জৰুৰীকালীন অৱস্থা’ হিচাপে ঘোষণা কৰিবলৈ চৰকাৰসমূহলৈ আহ্বান জনোৱা হৈছে। প্ৰতিবেদনখনৰ মতে, ২০১৬ চনৰ পৰা ২০২৩ চনৰ ভিতৰত অত্যধিক গৰমৰ ফলত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ মৃত্যু হৈছে। কেৱল ২০২৩ চনতে গৰমৰ বাবে অভিলেখসংখ্যক ৭ লাখ ১০ হাজাৰ লোকৰ মৃত্যু হৈছিল, যাৰ ৭০ শতাংশতকৈয়ো অধিক মৃত্যু মানৱসৃষ্ট জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত।
লেনচেট কাউণ্টডাউনৰ স্বাস্থ্য আৰু জলবায়ু গৱেষণা প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালক মেৰিনা ৰোমানেল্লয়ে প্ৰকাশ কৰা অনুসৰি, ২০১৫ চনৰ পেৰিছ চুক্তিৰ পাছৰ আঠ বছৰত বিশ্বজুৰি অত্যধিক গৰমৰ ফলত হোৱা মৃত্যুৰ সংখ্যা সমগ্ৰ ৱেলছৰ জনসংখ্যা নিঃশেষ হোৱাৰ সমকক্ষ। ইয়াৰে ৬৮ শতাংশ মৃত্যুৰ পোনপটীয়া কাৰণ হৈছে জলবায়ু পৰিৱৰ্তন। ছিডনী বিশ্ববিদ্যালয়ৰ অধ্যাপক অলি জয়ে উল্লেখ কৰে যে জলবায়ু পৰিৱৰ্তনে অত্যধিক গৰমৰ তীব্ৰতা আৰু সঘনতা বৃদ্ধি কৰিছে। যোৱা বছৰ বিশ্বৰ আধাতকৈ বেছি ভূ-খণ্ডত কমেও এমাহৰ বাবে তীব্ৰ খৰাং পৰিস্থিতিয়ে বিৰূপ প্ৰভাৱ পেলাইছিল বুলিও তেওঁ জনায়।
জলবায়ু পৰিৱৰ্তনে কেৱল মানৱ স্বাস্থ্যতেই নহয়, গোলকীয় অৰ্থনীতিতো ব্যাপক ক্ষতিসাধন কৰিছে। শ্ৰমিকৰ কৰ্মক্ষমতা হ্ৰাস পোৱাৰ ফলত যোৱা তিনি বছৰত বিশ্ব অৰ্থনীতিত প্ৰতি বছৰে এক ট্ৰিলিয়ন ডলাৰতকৈ অধিক লোকচান হৈছে। এই ক্ষেত্ৰত দক্ষিণ-পূব এছিয়া আৰু আফ্ৰিকা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে, য’ত ক্ৰমে ৩.৯ শতাংশ আৰু ৩.২ শতাংশ মুঠ ঘৰুৱা উৎপাদন হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে ইউৰোপত ০.২ শতাংশ আৰু আমেৰিকাত ১.৫ শতাংশ ক্ষতি হৈছে। ইতিবাচক দিশ হিচাপে ২০১৬ চনৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাৰ ১৯৪খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত ৫৬খন দেশে চৰম পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোকৰ স্বাস্থ্য আৰু আগতীয়া সতৰ্কবাণী ব্যৱস্থা উন্নীত কৰিছে। আনহাতে, ২০২৫ বৰ্ষত স্বচ্ছ শক্তিৰ ক্ষেত্ৰত বিনিয়োগ ২.১ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে, যিটো জীৱাশ্ম ইন্ধনৰ বিনিয়োগতকৈ দুগুণ। তথাপিও বৰ্তমান বিশ্বৰ শক্তিৰ ৮০ শতাংশ জীৱাশ্ম ইন্ধনৰ পৰাই আহে, যাৰ ফলত হোৱা বায়ু প্ৰদূষণে প্ৰতি বছৰে প্ৰায় ২৭.৩ লাখ লোকৰ প্ৰাণ কাঢ়ি নিছে। অৱশ্যে, ২০১৬ চনৰ পৰা জীৱাশ্ম ইন্ধনৰ প্ৰদূষণ হ্ৰাস পোৱা কমেও ৭৭খন দেশত প্ৰায় ৩ লাখ ২৩ হাজাৰ লোকৰ মৃত্যু ৰোধ কৰিব পৰা গৈছে।
শেহতীয়াকৈ জলবায়ু সম্পৰ্কীয় চিকিৎসা গৱেষণাৰ পুঁজি সাতগুণ বৃদ্ধি পাই ২০২৪ চনত ৩১৬ মিলিয়ন ডলাৰ হৈছে যদিও ইয়াৰ ৮৪ শতাংশ পুঁজি কেৱল ধনী দেশসমূহৰ গৱেষকৰ হাতলৈ যোৱা বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। গোলকীয় ভূ-ৰাজনৈতিক অস্থিৰতা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জীৱাশ্ম ইন্ধনৰ ৰাজসাহায্যৰ দৰে তথ্য ৰাজহুৱা নোহোৱাৰ বাবে গৱেষণাৰ কামত বাধাৰ সৃষ্টি হৈছে বুলি ৰোমানেল্লয়ে উল্লেখ কৰে। জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা এই জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভৱিষ্যতে ৰাষ্ট্ৰসমূহে এক সুসংহত আৰু দীৰ্ঘম্যাদী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰতিবেদনখনত গুৰুত্ব আৰোপ কৰা হৈছে।





