• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’! বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

অন্ধ্ৰপ্ৰদেশ আৰু য়ানাম উপকূলত ঘূৰ্ণীবতাহ 'অৰ্ণৱ'ৰ প্ৰভাৱত প্ৰচণ্ড বতাহ আৰু নেৰানেপেৰা বৰষুণৰ ফলত ১০০ৰো অধিক ৰে'লৰ যাত্ৰা বাতিল কৰাৰ লগতে বিশাখাপট্টনম, বিজয়ৱাড়া আৰু ৰাজামুন্দ্ৰীকে ধৰি কেইবাটাও বিমানবন্দৰৰ বিমান চলাচল সাময়িকভাৱে স্থগিত ৰখা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2026 9:25 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিঘণ্টাত ১৩৫ৰ পৰা ১৫০ কিলোমিটাৰ বেগত বলা প্ৰচণ্ড ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৰ তীব্ৰ খুন্দাত বিস্তৰ প্ৰভাৱ পৰিছে অন্ধ্ৰপ্ৰদেশ আৰু য়ানাম উপকূলত। বুধবাৰে পুৱা ঘূৰ্ণীবতাহটোৱে স্থলভাগ স্পৰ্শ কৰাৰ লগে লগে আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণ আৰু ধুমুহাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত কৰ্তৃপক্ষই ১০০ৰো অধিক ৰে’ল বাতিল কৰাৰ লগতে কেইবাখনো বিমানৰ চলাচল সাময়িকভাৱে স্থগিত ৰাখিছে।

 

Apply Now

বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ঘূৰ্ণীবতাহটোৱে প্ৰতিঘণ্টাত ৩ কিলোমিটাৰ বেগেৰে উত্তৰ-পশ্চিম দিশলৈ অগ্ৰসৰ হৈ আছে আৰু পৰৱৰ্তী সময়ত ই উত্তৰ-উত্তৰ-পশ্চিম দিশলৈ গতি কৰিব। এই ঘূৰ্ণীবতাহৰ প্ৰভাৱত কোনাছীমা জিলাৰ অমলাপুৰমত তীব্ৰ বতাহৰ লগতে প্ৰৱল বৃষ্টিপাত অব্যাহত আছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে এখন পৰ্যালোচনা বৈঠকো অনুষ্ঠিত কৰে।

 

ঘূৰ্ণীবতাহৰ প্ৰতি লক্ষ্য ৰাখি ৰে’ল মন্ত্ৰালয়ে বাতিল কৰা ১০০ৰো অধিক ৰে’লৰ ভিতৰত ১৮১০৭ ৰৌৰকেলা-জাগদলপুৰ এক্সপ্ৰেছ, ১২৭০৪ ছেকেন্দ্ৰাবাদ-হাওৰা এক্সপ্ৰেছ আৰু ১৮০০৫ হাওৰা-জাগদলপুৰ এক্সপ্ৰেছ অন্যতম। ৰে’ল কৰ্তৃপক্ষই যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ‘নেচনেল ট্ৰেইন এনকোৱাৰী ছিষ্টেম’ বা ভাৰতীয় ৰে’লৱেৰ আনুষ্ঠানিক ৱেবছাইটৰ জৰিয়তে শেহতীয়া তথ্য সংগ্ৰহ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

 

আনহাতে, বিমান সেৱাৰ ক্ষেত্ৰতো ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৰ ব্যাপক প্ৰভাৱ পৰিছে। উপকূলীয় অন্ধ্ৰপ্ৰদেশ আৰু দক্ষিণ ওড়িশাৰ লগতে ভুৱনেশ্বৰলৈ অহা-যোৱা কৰা বিমানসমূহ সৰ্বাধিক বাধাগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। বিশাখাপট্টনম বিমানবন্দৰৰ বিমান চলাচল মঙলবাৰে বিয়লিৰ পৰা স্থগিত ৰখা হৈছে আৰু বিজয়ৱাড়া তথা ৰাজামুন্দ্ৰী বিমানবন্দৰৰ সেৱা মঙলবাৰে সন্ধিয়া ৭ বজাৰ পিছত বন্ধ কৰি দিয়া হৈছে। এয়াৰ ইণ্ডিয়া, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু আকাশা এয়াৰে বিশাখাপট্টনমলৈ যাবলগীয়া কেইবাখনো বিমানৰ যাত্ৰা বাতিল কৰিছে। ঘূৰ্ণীবতাহৰ গতিপথৰ ওপৰত নিৰ্ভৰ কৰি হায়দৰাবাদ, বাৰাণসী, প্ৰয়াগৰাজ আৰু গোৰখপুৰতো বিমান সেৱা বিলম্ব হোৱাৰ সম্ভাৱনা আছে।

 

বৰ্তমান সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ডিজিপিএ, বিচিএএছ, ভাৰতীয় বিমানপত্তন প্ৰাধিকৰণ, বতৰ বিজ্ঞান বিভাগ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সৈতে নিৰন্তৰ সমন্বয় ৰক্ষা কৰিছে। ঘূৰ্ণীবতাহৰ সম্ভাব্য ক্ষয়-ক্ষতিৰ সৈতে মোকাবিলা কৰিবলৈ অন্ধ্ৰপ্ৰদেশ, ওড়িশা আৰু পশ্চিমবংগৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষয়ো যৌথ প্ৰস্তুতি চলাইছে। ইফালে, যাত্ৰীসকলৰ অসুবিধা হ্ৰাস কৰাৰ স্বাৰ্থত বিমান সংস্থাসমূহক উৰণ বাতিল আৰু বিলম্বৰ শেহতীয়া তথ্য অৱগত কৰোৱাৰ লগতে টিকট ৰিবুকিং তথা ধন ঘূৰাই দিয়াৰ নিয়মসমূহ কঠোৰভাৱে পালন কৰিবলৈ কৰ্তৃপক্ষই নিৰ্দেশ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’!  বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’! বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

October 28, 2026 9:25 am
জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

October 28, 2026 8:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd