ভাৰত চৰকাৰৰ চাইবাৰ সুৰক্ষা সংস্থা ‘ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেন্সি ৰেছপন্স টিম’ চমুকৈ চাৰ্ট-ইনে জুম আৰু মজিলা ব্যৱহাৰকাৰীসকলৰ বাবে এক জৰুৰী সতৰ্কবাণী জাৰি কৰিছে। যোৱা ২৮ অক্টোবৰত সংস্থাটোৱে প্ৰকাশ কৰা দুটা সুকীয়া নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি, মজিলাৰ ফায়াৰফক্স আৰু থাণ্ডাৰবাৰ্ডৰ লগতে জুমৰ ভিডিঅ’ কনফাৰেন্সিং এপ্লিকেশ্যনত থকা গুৰুতৰ সুৰক্ষা ত্ৰুটিৰ বাবে ব্যৱহাৰকাৰীৰ স্পৰ্শকাতৰ তথ্য বিপদাপন্ন হোৱাৰ আশংকা আছে।
চাৰ্ট-ইনৰ প্ৰতিবেদন অনুসৰি, এই ছফ্টৱেৰসমূহৰ দুৰ্বলতাৰ সুযোগ লৈ হেকাৰে অতি সহজেই ব্যৱহাৰকাৰীৰ ডিভাইচত প্ৰৱেশ কৰিব পাৰে। এই সুৰক্ষা ত্ৰুটিৰ জৰিয়তে আক্ৰমণকাৰীয়ে ব্যৱহাৰকাৰীৰ স্পৰ্শকাতৰ তথ্য চুৰি কৰাৰ লগতে ডিভাইচৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিব পাৰে। আনকি তেওঁলোকে ক্ষতিকাৰক ক’ড চলাই সমগ্ৰ চিষ্টেমটো হেক কৰাৰো সম্ভাৱনা আছে। অৱশ্যে, প্ৰতিষ্ঠানটোৱে স্পষ্ট কৰি দিছে যে সকলো ব্যৱহাৰকাৰীয়ে ইয়াক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই, কেৱল পুৰণি আৰু প্ৰভাৱিত সংস্কৰণসমূহ ব্যৱহাৰ কৰি থকাসকলহে এই বিপদৰ সন্মুখীন হ’ব পাৰে।
এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ ব্যৱহাৰকাৰীসকলে এপ্লিকেশ্যনসমূহ ব্যৱহাৰ কৰা বন্ধ কৰাৰ পৰিৱৰ্তে তৎপৰতাৰে সুৰক্ষা আপডেটসমূহ ইনষ্টল কৰাটো আৱশ্যক। সুৰক্ষা বিশেষজ্ঞসকলে ব্যৱহাৰকাৰীসকলক নিজৰ ডিভাইচত থকা এপ্লিকেশ্যনসমূহৰ সংস্কৰণ চাৰ্ট-ইনৰ তালিকাৰ সৈতে মিলাই চাবলৈ আৰু আনুষ্ঠানিক ৱেবছাইট বা এপ ষ্ট’ৰৰ পৰা শেহতীয়া সংস্কৰণটো ডাউনলোড কৰিবলৈ পৰামৰ্শ দিছে। অচিনাকি ৱেবছাইটৰ পৰা ছফ্টৱেৰ ডাউনলোড কৰাৰ পৰা বিৰত থকাৰ লগতে আপডেট ইনষ্টল কৰাৰ পাছত এপ্লিকেশ্যনটো পুনৰম্ভ কৰিবলৈ কোৱা হৈছে। কাৰ্যালয়ৰ দ্বাৰা পৰিচালিত লেপটপ বা মোবাইলৰ ক্ষেত্ৰত ব্যৱহাৰকাৰীসকলক প্ৰয়োজন অনুসৰি নিজৰ তথ্য-প্ৰযুক্তি বিভাগৰ সহায় ল’বলৈ নিৰ্দেশ দিয়া হৈছে।





