ন্যায়াধীশৰ নাবালক পুত্ৰৰ দ্ৰুতবেগী গাড়ীৰ খুন্দাত প্ৰাণ গ’ল এজন ৫৫ বছৰীয়া ব্যক্তিৰ। এই ঘটনাৰ তদন্তত গাফিলতি আৰু গোচৰটো গাপ দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে পদৰ পৰা আঁতৰোৱা হ’ল কোচিৰ আৰক্ষী আয়ুক্ত কালিৰাজ মহেশক। তেওঁৰ ঠাইত নতুন আৰক্ষী মুৰব্বী হিচাপে দায়িত্ব দিয়া হৈছে আৰ নিশান্থিনীক।
ঘটনাটো কেৰালাৰ। অভিযোগ অনুসৰি, এগৰাকী অতিৰিক্ত জিলা ন্যায়াধীশৰ ১৭ বছৰীয়া পুত্ৰই নিশা মাৰ্চিডিজ বেঞ্জ গাড়ী লৈ ওলাই গৈছিল। উদ্দেশ্য আছিল সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ বাবে দ্ৰুতবেগে গাড়ী চলোৱাৰ এটা ভিডিঅ’ প্ৰস্তুত কৰা। সেই সময়তে গাড়ীখনে এখন স্কুটীত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় জয়বালকৃষ্ণণ নামৰ ৫৫ বছৰীয়া ব্যক্তিজনৰ।
দুৰ্ঘটনাত পতিত গাড়ীখন আছিল ২০১২ চনৰ টাৰ্ব’ ডিজেল মডেলৰ এখন স্বয়ংক্ৰিয় মাৰ্চিডিজ বেঞ্জ। সংঘৰ্ষৰ ফলত স্কুটীখন সম্পূৰ্ণৰূপে ভাঙি-ছিঙি যায়। দুৰ্ঘটনাস্থলীত পৰি থকা গাড়ী আৰু স্কুটীখনৰ অৱশিষ্টই সংঘৰ্ষৰ ভয়াৱহতাৰ ছবিখন স্পষ্ট কৰি তুলিছিল।
আৰক্ষীৰ তদন্তত এই ঘটনাক লৈ আন কেইবাটাও চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ কথা প্ৰকাশ পাইছে। অভিযোগ অনুসৰি, দুৰ্ঘটনাৰ পিছতে ন্যায়াধীশ পিতৃয়ে নিজৰ প্ৰভাৱ ব্যৱহাৰ কৰি পুত্ৰৰ ম’বাইল ফোনৰ পৰা দ্ৰুতবেগে গাড়ী চলোৱাৰ ভিডিঅ’টো মচি পেলাইছিল। অৱশ্যে, পিছত তদন্তকাৰীয়ে ম’বাইল ফোনটোৰ পৰা ভিডিঅ’টো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰম্ভণিৰে পৰাই নিহত জয়বালকৃষ্ণণৰ পৰিয়ালে আৰক্ষীৰ নিষ্ক্ৰিয়তা আৰু গোচৰটো গাপ দিয়াৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি আহিছে। পৰিয়ালটোৰ অভিযোগ অনুসৰি, অভিযুক্তৰ পিতৃ এগৰাকী প্ৰভাৱশালী ন্যায়াধীশ হোৱাৰ বাবেই আৰক্ষীয়ে প্ৰথমে তুলনামূলকভাৱে লঘু ধাৰাত গোচৰ ৰুজু কৰিছিল। আনকি অভিযুক্ত নাবালকজনক থানাতে জামিন দিয়া হৈছিল বুলিও অভিযোগ উঠিছে। এই ঘটনাক লৈ কেৰালাত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়।
পৰিয়ালৰ আপত্তি আৰু জনসাধাৰণৰ প্ৰতিবাদৰ পিছত প্ৰশাসন সক্ৰিয় হৈ পৰে। পৰৱৰ্তী সময়ত গোচৰটো অধিক শক্তিশালী কৰা হয় আৰু গাড়ীখনৰ গৰাকী হিচাপে ন্যায়াধীশ পিতৃৰ নামো অভিযুক্তৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। যোৱা নিশা আৰক্ষীৰ এটা বিশেষ দলে অভিযুক্ত ন্যায়াধীশজনৰ ফ্লেটত তালাচী চলায়।
আনহাতে, ঘটনাটোক লৈ কেৰালাৰ বিধানসভাতো কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া হৈছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই ঘটনাস্থলী পৰিদৰ্শন কৰি নিহত ব্যক্তিজনৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰাৰ পিছতে চাৰিগৰাকী আৰক্ষী কৰ্মীক নিলম্বন কৰা হয়। ইয়াৰ পিছতে তদন্তত গাফিলতিৰ অভিযোগত কোচিৰ আৰক্ষী আয়ুক্ত কালিৰাজ মহেশকো পদৰ পৰা আঁতৰোৱা হয়। বৰ্তমান গোচৰটোৰ তদন্তৰ দায়িত্ব অপৰাধ অনুসন্ধান শাখাক অৰ্পণ কৰা হৈছে। ন্যায় বিচাৰি নিহত ব্যক্তিজনৰ পৰিয়ালে উচ্চ ন্যায়ালয়ৰো কাষ চাপিছে।
এই ঘটনাক লৈ ৰাজনৈতিক আৰু আইনী মহলৰ একাংশই ২০২৪ চনৰ মে’ মাহত মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত পোৰ্শে গাড়ীৰ দুৰ্ঘটনাৰ সৈতে তুলনা কৰিছে। সেই ঘটনাতো এগৰাকী প্ৰভাৱশালী ব্যৱসায়ীৰ ১৭ বছৰীয়া পুত্ৰই দ্ৰুতবেগে গাড়ী চলাই দুজন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ অভিযোগ উঠিছিল। দুৰ্ঘটনাটোৰ পিছত মাত্ৰ ১৫ ঘণ্টাৰ ভিতৰতে অভিযুক্তই বিতৰ্কিতভাৱে জামিন লাভ কৰাক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
কোচিৰ শেহতীয়া ঘটনাটোৱে পুনৰ এবাৰ প্ৰভাৱশালী লোকৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত, আৰক্ষীৰ নিৰপেক্ষতা আৰু কিশোৰ ন্যায় ব্যৱস্থাৰ ভূমিকা সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। সাধাৰণ নাগৰিকৰ বাবে আইন যি, প্ৰভাৱশালী পৰিয়ালৰ ক্ষেত্ৰতো একেই আইন প্ৰযোজ্য হ’বনে—সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছে নিহত ব্যক্তিজনৰ পৰিয়ালৰ লগতে সচেতন মহলে।


