স্বামীৰ পৰিৱৰ্তে আন এজন পুৰুষৰ বাবে কৰৱা চৌথৰ ব্ৰত পালন! কেৱল বন্ধুত্বতে সীমাবদ্ধ নাছিল সম্পৰ্ক, বৰং সেই পুৰুষজনৰ সৈতে পত্নীয়ে স্বামীৰ দৰে আচৰণ কৰাৰো অভিযোগ উঠিছিল। এই ঘটনাক দাম্পত্য জীৱনত বিশ্বাসভংগৰ এক গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচনা কৰিলে ৰাজস্থানৰ জয়পুৰৰ পাৰিবাৰিক আদালতে। আদালতৰ মতে, আন এজন পুৰুষৰ সৈতে সম্পৰ্ক আৰু তেওঁৰ প্ৰতি স্বামীৰ দৰে আচৰণে দাম্পত্য জীৱনত মানসিক নিষ্ঠুৰতাৰ সৃষ্টি কৰিব পাৰে। এই যুক্তিৰ আধাৰত এজন স্বামীৰ বিবাহ বিচ্ছেদৰ আবেদন মঞ্জুৰ কৰিলে আদালতে। ইয়াৰ লগে লগে ১৩ বছৰৰ দাম্পত্য জীৱনৰ আইনীভাৱে অন্ত পৰিল।
ঘটনাটো ৰাজস্থানৰ জয়পুৰৰ। পাৰিবাৰিক আদালতৰ ন্যায়াধীশ বিশাল ভাৰ্গৱে গোচৰটোৰ শুনানি গ্ৰহণ কৰি স্বামীৰ আবেদন মঞ্জুৰ কৰে। স্বামীৰ অভিযোগ অনুসৰি, আন এজন পুৰুষৰ সৈতে তেওঁৰ পত্নীৰ সম্পৰ্কই সাধাৰণ বন্ধুত্বৰ সীমা অতিক্ৰম কৰিছিল। পত্নীয়ে সেই ব্যক্তিজনৰ সৈতে এনেদৰে আচৰণ কৰিছিল, যেন তেওঁহে তেওঁৰ স্বামী।
স্বামীয়ে আদালতত অভিযোগ কৰে যে ২০২১ চনৰ ২৪ অক্টোবৰত গোৱাত পত্নীয়ে আন পুৰুষজনৰ বাবে কৰৱা চৌথৰ ব্ৰত পালন কৰিছিল। হিন্দু বিবাহিত মহিলাসকলে সাধাৰণতে স্বামীৰ দীৰ্ঘায়ু কামনা কৰি এই ব্ৰত পালন কৰে। কিন্তু পত্নীয়ে আন এজন পুৰুষৰ বাবে ব্ৰত পালন কৰা আৰু তেওঁৰ সৈতে নিয়মিতভাৱে সময় কটোৱা কাৰ্যই দাম্পত্য জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল বুলি স্বামীয়ে দাবী কৰে। পত্নীৰ এনে আচৰণে তেওঁৰ বিশ্বাস ভাঙি পেলোৱা বুলিও অভিযোগ কৰে তেওঁ।
২০২৩ চনৰ ২৭ জানুৱাৰীত স্বামীয়ে বিবাহ বিচ্ছেদৰ বাবে আদালতৰ দ্বাৰস্থ হয়। বিয়াৰ প্ৰায় ১০ বছৰ পিছত তেওঁ এই আবেদন দাখিল কৰিছিল। পত্নীয়ে তেওঁক মানসিকভাৱে নিৰ্যাতন চলোৱাৰ লগতে দাম্পত্য সম্পৰ্ক আগবঢ়াই নিয়াৰ ইচ্ছা প্ৰকাশ নকৰা বুলি অভিযোগ কৰে স্বামীয়ে। আনকি ২০১৯ চনৰ পৰাই দুয়োৰে মাজত শাৰীৰিক সম্পৰ্ক নথকা বুলিও তেওঁ দাবী কৰে।
স্বামীৰ আন অভিযোগ অনুসৰি, পত্নীয়ে তেওঁৰ পিতৃ-মাতৃৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকৰ নাবালক সন্তানটোৰ যত্ন লোৱাতো অৱহেলা কৰিছিল। তদুপৰি, তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ দাখিল কৰি মানসিক চাপ সৃষ্টি কৰাৰো অভিযোগ উত্থাপন কৰে স্বামীয়ে।
গোচৰটোৰ শুনানিৰ সময়ত আদালতে মৌখিক সাক্ষ্য আৰু নথি-পত্ৰৰ আধাৰত উপলব্ধ প্ৰমাণসমূহ পৰীক্ষা কৰে। সেই সময়তে পোহৰলৈ আহে যে স্বামী-স্ত্ৰী দুয়ো এবছৰতকৈ অধিক সময় ধৰি পৃথকে বাস কৰি আছিল। তেওঁলোকৰ মাজত বিশ্বাস আৰু মানসিক শান্তি বজাই ৰখাটো কঠিন হৈ পৰিছিল বুলিও আদালতে পৰ্যবেক্ষণ কৰে।
সকলো অভিযোগ আৰু প্ৰমাণ বিবেচনা কৰি আদালতে সিদ্ধান্ত লয় যে স্বামীয়ে দাম্পত্য জীৱনত মানসিক নিষ্ঠুৰতাৰ সন্মুখীন হৈছিল। ইয়াৰ ভিত্তিতে বিবাহ বিচ্ছেদৰ আবেদন মঞ্জুৰ কৰা হয়। ফলত ১৩ বছৰৰ দাম্পত্য জীৱনৰ আইনী সমাপ্তি ঘটে।





