প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি চলি থকা গোচৰটোৱে পুনৰ লাভ কৰিছে নতুন মোৰ। গোচৰটোৰ দুই অভিযুক্ত সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পিছতে এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অসম চৰকাৰ। অভিযুক্ত দুগৰাকীৰ জামিন বাতিল কৰাৰ দাবীৰে শীৰ্ষ আদালতত আবেদন দাখিল কৰিছে ৰাজ্য চৰকাৰে।
উল্লেখ্য যে, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্ৰ অসমতে গভীৰ শোক আৰু ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। শিল্পীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ দাবীৰে ৰাজ্যজুৰি ন্যায়ৰ আহ্বান জনোৱা হৈছিল। ঘটনাৰ তদন্ত আগবঢ়াৰ লগে লগে কেইবাগৰাকীও লোকৰ নাম গোচৰটোৰ সৈতে জড়িত হৈ পৰে। এই অভিযুক্তসকলৰ ভিতৰত আছিল সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভাও।
পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে দুয়োগৰাকী অভিযুক্তক জামিন প্ৰদান কৰে। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক মানি ল’বলৈ প্ৰস্তুত নহয় ৰাজ্য চৰকাৰ। সেয়েহে জামিনৰ নিৰ্দেশ বাতিলৰ দাবীৰে এতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে চৰকাৰ।
শীৰ্ষ আদালতত দাখিল কৰা আবেদনৰ জৰিয়তে অভিযুক্ত দুগৰাকীক জামিন প্ৰদানৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ আহ্বান জনাইছে অসম চৰকাৰে। অৱশ্যে চৰকাৰৰ এই আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কি স্থিতি গ্ৰহণ কৰে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
ইফালে, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ অপেক্ষাত থকা ৰাজ্যবাসীৰ মাজত চৰকাৰৰ এই আইনী পদক্ষেপক লৈ নতুনকৈ চৰ্চা আৰম্ভ হৈছে। গোচৰটোৰ পৰৱৰ্তী আইনী প্ৰক্ৰিয়া কোন দিশে আগবাঢ়ে আৰু শীৰ্ষ আদালতে জামিন সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰে, এতিয়া তাৰ ওপৰতে সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।


