প্ৰতিষ্ঠিত স্বতন্ত্ৰ সাংবাদিক, লেখক তথা তথ্যচিত্ৰ নিৰ্মাতা পৰঞ্জয় গুহ ঠাকুৰতাৰ ৱেবছাইট (paranjoy.in) আৰু ইয়াৰ সৈতে জড়িত সকলো চাব-ডমেইন যোৱা ২৮ অক্টোবৰত ৱেব হোষ্টিং সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান হোষ্টিংগাৰে আকস্মিকভাৱে বন্ধ কৰি দিয়ে। কোনো ধৰণৰ আগতীয়া জাননী বা স্পষ্টীকৰণৰ সুযোগ নিদিয়াকৈ ১২ বছৰ পুৰণি এই ৱেবছাইটটো নিলম্বন কৰা কাৰ্যই বৰ্তমান ডিজিটেল সাংবাদিকতাৰ স্বাধীনতা আৰু ব্যক্তিগত প্ৰযুক্তি প্ৰতিষ্ঠানৰ স্বেচ্ছাচাৰী নিয়ন্ত্ৰণক লৈ তীব্ৰ বিতৰ্কৰ সূত্ৰপাত কৰিছে। এই ৱেবছাইটটোত সাংবাদিকগৰাকীৰ কেইবা দশকজোৰা অনুসন্ধানমূলক প্ৰতিবেদন আৰু গুৰুত্বপূৰ্ণ তথ্য সংৰক্ষিত হৈ আছিল।
এই বিতৰ্কৰ সূত্ৰপাত ঘটিছিল ২০১৯ চনৰ ৩০ ছেপ্টেম্বৰত ‘নিউজক্লিক’ত প্ৰকাশিত এক অনুসন্ধানমূলক প্ৰতিবেদনক কেন্দ্ৰ কৰি। ইণ্ডিয়াবুলছ হাউছিং ফাইনেঞ্চ লিমিটেডে ২০২০ চনত এই সন্দৰ্ভত এক অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছিল। পৰৱৰ্তী সময়ত, যোৱা ২৪ অক্টোবৰত নতুন দিল্লীৰ পাটিয়ালা হাউছ আদালতৰ পৰা ইণ্ডিয়াবুলছৰ প্ৰতিষ্ঠাপক সমীৰ গেহলটে এক একতৰ্ফা মধ্যৱৰ্তীকালীন নিষেধাজ্ঞা লাভ কৰে, য’ত পৰঞ্জয় গুহ ঠাকুৰতাৰ ৱেবছাইটৰ পৰা নিৰ্দিষ্ট এটা প্ৰবন্ধ আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পিছতে হোষ্টিংগাৰে কেৱল নিৰ্দিষ্ট প্ৰবন্ধটো আঁতৰোৱাৰ পৰিৱৰ্তে সমগ্ৰ ৱেবছাইটটোৱেই ‘ফ্ৰড বা স্কেম’ আখ্যা দি স্থায়ীভাৱে নিলম্বন কৰে।
সাংবাদিকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, ৱেবছাইটটোত কোনো ধৰণৰ ক্ষতিকাৰক ভাইৰাছ বা প্ৰৱঞ্চনামূলক সমল নথকাটো সুৰক্ষা পৰীক্ষাত প্ৰমাণিত হৈছে। এটা নিৰ্দিষ্ট প্ৰবন্ধৰ আইনী বিবাদৰ বাবে সাংবাদিক এজনৰ সমগ্ৰ জীৱনৰ কৰ্মৰাজিক এনেদৰে মচি পেলোৱাটো কেৱল আইনী প্ৰক্ৰিয়াৰ অপব্যৱহাৰেই নহয়, বৰঞ্চ ই সংবাদ মাধ্যমৰ কণ্ঠৰোধ কৰাৰ এক সুপৰিকল্পিত প্ৰয়াস বুলি বিভিন্ন মহলে অভিযোগ উত্থাপন কৰিছে।
বৰ্তমান পৰঞ্জয় গুহ ঠাকুৰতাৰ আইনী উপদেষ্টাসকলে আদালতৰ ২৪ অক্টোবৰৰ নিৰ্দেশনা আৰু হোষ্টিংগাৰৰ এই একতৰ্ফা সিদ্ধান্তৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে। এই ঘটনাই ডিজিটেল যুগত সংবাদ মাধ্যমৰ স্বাধীনতা কেনেদৰে কেইটামান ব্যক্তিগত প্ৰযুক্তি প্ৰতিষ্ঠানৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে, তাক উদঙাই দিছে। এই স্পৰ্শকাতৰ বিষয়টোক লৈ হোষ্টিংগাৰে বৰ্তমানলৈকে কোনো আনুষ্ঠানিক আৰু গ্ৰহণযোগ্য স্পষ্টীকৰণ প্ৰদান কৰা নাই।


