• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

‘গোটেই বিজেপি চৰকাৰখনে পদত্যাগ কৰিব লাগিব’, মণিপুৰত বিশাল সমদল, কেন্দ্ৰকো ‘চূড়ান্ত’ বাৰ্তা

জনগোষ্ঠীসকলক সুৰক্ষা দিব লাগিব। গোষ্ঠীগত সংঘৰ্ষৰ ফলত স্থানচ্যুত হোৱা হাজাৰ হাজাৰ লোকক ঘৰলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈও দাবী জনাইছে প্ৰতিবাদকাৰীসকলে।

এন ই নাও নিউজ, ইম্ফল by এন ই নাও নিউজ, ইম্ফল
November 1, 2026 8:58 am
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ বিজেপি চৰকাৰক ‘চূড়ান্ত সকীয়নি’ দিয়াৰ উদ্দেশ্যে ইম্ফলৰ লগতে আন কেইবাটাও স্থানত এক বৃহৎ সমদল উলিওৱা হয়। বাতৰি অনুসৰি, উত্তৰ-পূব ভাৰতৰ ৰাজ্যখনত দীৰ্ঘদিন ধৰি চলি থকা হিংসাত্মক পৰিস্থিতি আৰু সংঘাতৰ অন্ত পেলাবলৈ কেন্দ্ৰীয় চৰকাৰক ‘চূড়ান্ত আহ্বান’ জনাইছে সমদলকাৰীসকলে।

ইয়াৰ লগতে বৰ্তমান মণিপুৰত থকা বিজেপি চৰকাৰৰ পদত্যাগৰ দাবীও উত্থাপন হৈছে। কেন্দ্ৰীয় চৰকাৰে জনগোষ্ঠীসকলৰ জীৱন-সম্পত্তি ৰক্ষা কৰাত ব্যৰ্থ হোৱা বুলি প্ৰতিবাদকাৰীসকলে দাবী কৰে। এইবাৰ প্ৰতিবাদকাৰীসকলে দাবী কৰিছে যে তেওঁলোকে উপায়হীন হৈ ৰাজপথলৈ ওলাই আহিছে।

প্ৰতিবেদন অনুসৰি মণিপুৰত দীৰ্ঘদিন ধৰি চলি থকা গোষ্ঠীগত হিংসাৰ অন্ত পৰিব লাগিব বুলি প্ৰতিবাদকাৰীসকলে দাবী জনাইছে। জনগোষ্ঠীসকলক সুৰক্ষা দিব লাগিব। গোষ্ঠীগত সংঘৰ্ষৰ ফলত স্থানচ্যুত হোৱা হাজাৰ হাজাৰ লোকক ঘৰলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈও দাবী জনাইছে প্ৰতিবাদকাৰীসকলে।

Apply Now

সেই ক্ষেত্ৰত চাৰিটা দাবী উত্থাপন কৰিছে কোঅৰ্ডিনেটিং কমিটি অন মণিপুৰ ইন্টেগ্ৰিটিৰ (কোকোমি) প্ৰাক্তন আহ্বায়ক খুৰাইজাম আথৌবাই। প্রতিবেদন অনুসৰি তেওঁ কয় যে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত স্থানচ্যুত লোকসকলক ঘৰলৈ ঘূৰাই পঠিয়াব লাগে৷ ১৯৫১ চনক ভিত্তিবর্ষ হিচাপে লৈ মণিপুৰত ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি) কৰিব লাগে৷ মণিপুৰৰ পৰা অসম ৰাইফলছ সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিব লাগে আৰু বৰ্তমানৰ চৰকাৰে পদত্যাগ কৰিব লাগে বুলি আথৌবাই দাবী জনায়।

সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কোকোমিৰ বৰ্তমানৰ আহ্বায়ক ৱাই ধীৰেনে কয়, ‘আমি বৰ্তমান চৰকাৰৰ পদত্যাগৰ দাবী জনাইছো। কাৰণ তেওঁলোকে ৰাজ্যৰ জনজাতীয় লোকৰ জীৱন-সম্পত্তি ৰক্ষা কৰাত ব্যৰ্থ হৈছে। এয়া এক ঐতিহাসিক পদযাত্ৰা। জনজাতীয় লোকৰ স্বাৰ্থৰ বিৰুদ্ধে নীতি আৰু কাৰ্যসূচীৰ বিৰুদ্ধে মানুহে মাত মাতিছে।’

ইপিনে, আথোবাই পুনৰ মণিপুৰত জনজাতিৰ বিৰুদ্ধে ‘ছায়া যুদ্ধ’ চলি থকাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ আঁৰত থকাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগিব। একেদৰে কোকোমিৰ প্ৰাক্তন আহ্বায়কগৰাকীয়ে মাদক-উগ্ৰপন্থী সংগঠনক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ দাবী জনাইছে।

বিগত চাৰে তিনি বছৰত তেওঁলোকৰ জীৱন বিধ্বস্ত হৈ পৰা বুলিও দাবী কৰে প্ৰতিবাদকাৰীসকলে। কাৰণ ২০২৩ চনৰ মে’ মাহৰ পৰা মণিপুৰত জনগোষ্ঠীয় হিংসা আৰু সংঘাত চলিছে। ইম্ফল উপত্যকাত বসবাস কৰা মেইটেই জনগোষ্ঠী আৰু পাহাৰীয়া অঞ্চলৰ কুকি জনগোষ্ঠীৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি কমেও ৩০৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক স্থানচ্যুত হৈছে।

এন ই নাও নিউজ, ইম্ফল

এন ই নাও নিউজ, ইম্ফল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ প্ৰচেষ্টাও ব্যৰ্থ, এপষ্টেইন গোচৰত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প!

শেষ প্ৰচেষ্টাও ব্যৰ্থ, এপষ্টেইন গোচৰত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প!

November 1, 2026 9:55 am
‘গোটেই বিজেপি চৰকাৰখনে পদত্যাগ কৰিব লাগিব’, মণিপুৰত বিশাল সমদল, কেন্দ্ৰকো ‘চূড়ান্ত’ বাৰ্তা

‘গোটেই বিজেপি চৰকাৰখনে পদত্যাগ কৰিব লাগিব’, মণিপুৰত বিশাল সমদল, কেন্দ্ৰকো ‘চূড়ান্ত’ বাৰ্তা

November 1, 2026 8:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd