দেশৰ এখন ফেডাৰেল আদালতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাখিল কৰা ১০ বিলিয়ন ডলাৰৰ মানহানিৰ গোচৰ স্থায়ীভাৱে খাৰিজ কৰিছে।
ন্যায়াধীশগৰাকীয়ে কয় যে আমেৰিকাৰ সংবাদ মাধ্যম দ্য ৱাল ষ্ট্ৰীট জাৰ্নেল আৰু ইয়াৰ মালিক ৰূপাৰ্ট মাৰ্ডকৰ বিৰুদ্ধে গোচৰত ট্ৰাম্পৰ অভিযোগৰ সমৰ্থনত পৰ্যাপ্ত প্ৰমাণ নাই।
শনিবাৰে ফ্ল’ৰিডাৰ মিয়ামিৰ ফেডাৰেল ডিষ্ট্ৰিক্ট কোৰ্টৰ ন্যায়াধীশ ডেৰিন গেইলছে এই গোচৰটো খাৰিজ কৰি দিয়ে।
তেওঁৰ মতে, মানহানিৰ অভিযোগ প্ৰমাণ কৰিবলৈ আমেৰিকাৰ আইন অনুসৰি প্ৰয়োজনীয় ‘প্ৰকৃত কু-অভিপ্ৰায়’ (actual malice) প্ৰতিষ্ঠা কৰাত ট্ৰাম্প ব্যৰ্থ হয়।
আমেৰিকাৰ আইন অনুসৰি মানহানিৰ গোচৰ প্ৰমাণ কৰিবলৈ বাদীয়ে দেখুৱাব লাগিব যে অভিযুক্তই বক্তব্যটো মিছা বুলি জানিও প্ৰকাশ কৰিছে অথবা ইয়াৰ সত্যতা পৰীক্ষা কৰাত জানি-বুজি অৱহেলা কৰিছে।
ন্যায়াধীশ গেইলছে তেওঁৰ আদেশত কয় যে ট্ৰাম্পৰ সংশোধিত অভিযোগত প্ৰকৃত বিদ্ধেষৰ বিষয়টো প্ৰতিষ্ঠা হোৱা নাই। বৰঞ্চ অভিযোগবোৰ অস্পষ্ট, বহু ক্ষেত্ৰত পৰস্পৰ বিৰোধী আৰু প্ৰতিবেদনৰ সৈতে অসঙ্গতিপূৰ্ণ।
২০২৫ চনৰ ১৭ জুলাইত ৱাল ষ্ট্ৰীট জাৰ্নেলে প্ৰকাশ কৰা অনুসৰি ২০০৩ চনত যৌন অপৰাধত দোষী সাব্যস্ত হোৱা প্ৰয়াত আমেৰিকান বিনিয়োগকাৰী জেফ্ৰি এপষ্টেইনৰ ৫০ বছৰীয়া জন্মদিন উদযাপনৰ বাবে এখন শুভেচ্ছা বাৰ্তাৰ সংকলন প্ৰস্তুত কৰা হৈছিল। তাত ট্ৰাম্পৰ নামত এটা যৌন ইংগিতপূৰ্ণ বাৰ্তা আছিল। প্ৰতিবেদনত কোৱা হৈছে যে বাৰ্তাটোত এগৰাকী মহিলাৰ আকৃতিৰ দৰে হাতেৰে অংকন কৰা এখন ছবি আৰু তলত ট্ৰাম্পৰ স্বাক্ষৰ সন্নিবিষ্ট আছে।
অৱশ্যে ট্ৰাম্পে সেই বাৰ্তা, ছবি আৰু স্বাক্ষৰৰ সৈতে জড়িত থকাৰ কথা তীব্ৰভাৱে অস্বীকাৰ কৰে। পিছত হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছ অভাৰচাইট কমিটীৰ জৰিয়তে এই পত্ৰখনৰ এটা প্ৰতিলিপি প্ৰকাশ কৰা হয়।
এই প্ৰতিবেদনক “মিছা, বিদ্বে।মূলক আৰু মানহানিকৰ” বুলি অভিহিত কৰি ট্ৰাম্পে ২০২৫ চনৰ ১৮ জুলাইত গোচৰ তৰে। যদিও এপ্ৰিল মাহত প্ৰথমবাৰৰ বাবে গোচৰটো খাৰিজ কৰা হৈছিল, তথাপিও তেওঁক নতুন অভিযোগ দাখিল কৰাৰ সুযোগ দিয়া হৈছিল। মে’ মাহত ট্ৰাম্পে সংশোধিত অভিযোগ দাখিল কৰিছিল।
কিন্তু এইবাৰ ৰায়দানত গোচৰটো “with prejudice” (স্থায়ীভাৱে) খাৰিজ কৰা হয়। ফলত একে অভিযোগত নতুনকৈ গোচৰ ৰুজু কৰাৰ সুযোগ কাৰ্যকৰীভাৱে বন্ধ হৈ পৰিল।
ইয়াৰ উপৰিও বিবিচি আৰু নিউয়ৰ্ক টাইমছৰ বিৰুদ্ধেও ট্ৰাম্পৰ মানহানিৰ গোচৰ চলি আছে।


