• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দুটোপাল পোলিঅ’ খুৱাবলৈ যুদ্ধসদৃশ প্ৰস্তুতি পাকিস্তানত! টিকাকৰণ কৰ্মীৰ নিৰাপত্তাৰ বাবে ৰাজপথত নামিল ৮ হাজাৰ আৰক্ষী

স্বাস্থ্যকৰ্মীৰ ওপৰত সন্ত্ৰাসবাদীৰ সঘনাই হোৱা আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তানত সোমবাৰৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে পোলিঅ' টিকাকৰণ অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানত স্বাস্থ্যকৰ্মীক সুৰক্ষা দিবলৈ কেৱল কৰাচী চহৰতেই ৮ হাজাৰৰো অধিক আৰক্ষী মোতায়েন কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2026 7:10 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশুক দুটোপাল পোলিঅ’ প্ৰতিষেধক খুৱাবলৈ এতিয়া পাকিস্তানত যুদ্ধসদৃশ প্ৰস্তুতি চলাবলগীয়া হৈছে। স্বাস্থ্যকৰ্মীসকলক নিৰাপত্তা প্ৰদান কৰিবলৈ কেৱল কৰাচী চহৰতেই ৮ হাজাৰৰো অধিক আৰক্ষী মোতায়েন কৰা হৈছে। সোমবাৰৰ পৰা সমগ্ৰ পাকিস্তানত আৰম্ভ হোৱা এই পোলিঅ’ টিকাকৰণ অভিযান অহা ৮ নৱেম্বৰলৈকে চলিব। বিগত সময়ছোৱাত টিকাকৰণ কৰ্মীৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলোৱা ধাৰাবাহিক আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰশাসনে এই কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

 

Apply Now

কৰাচীৰ উপৰি বেলুচিস্তান প্ৰদেশতো কঠোৰ নিৰাপত্তাৰ মাজেৰে পোলিঅ’ টিকাকৰণ অভিযান আৰম্ভ হৈছে। প্ৰশাসনৰ সূত্ৰ অনুসৰি, স্পৰ্শকাতৰ এলেকাসমূহত অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰাৰ লগতে অতৰ্কিত তালাচী অব্যাহত ৰখা হৈছে। চলিত বৰ্ষত পাকিস্তানত এতিয়ালৈকে ৮ টা ‘ৱাইল্ড পোলিঅ’ভাইৰাছ টাইপ ১’ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰে ছটা ঘটনা উত্তৰ-পশ্চিমৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত আৰু দুটা ঘটনা দক্ষিণৰ সিন্ধু প্ৰদেশত ধৰা পৰিছে।

 

পাকিস্তানত পোলিঅ’ কৰ্মীৰ নিৰাপত্তা এক দীৰ্ঘদিনীয়া উদ্বেগৰ বিষয় হৈ আহিছে। সন্ত্ৰাসবাদী সংগঠনসমূহে পোলিঅ’ টিকাকৰণ কেন্দ্ৰ আৰু স্বাস্থ্যকৰ্মীসকলৰ ওপৰত কেইবাবাৰো আক্ৰমণ চলাই বহু স্বাস্থ্যকৰ্মীক হত্যা কৰিছে। সন্ত্ৰাসবাদীসকলৰ সন্দেহ যে পোলিঅ’ প্ৰতিষেধক প্ৰদানৰ নামত চৰকাৰে তেওঁলোকৰ গোপন ঘাটিসমূহৰ তথ্য সংগ্ৰহ কৰে। আনহাতে, একাংশ কট্টৰপন্থীয়েও পোলিঅ’ টিকাকৰণৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। তেওঁলোকৰ দাবী অনুসৰি, পোলিঅ’ প্ৰতিষেধক গ্ৰহণ কৰিলে মানুহৰ বন্ধ্যত্ব আহিব পাৰে আৰু শৰীৰত বিভিন্ন ৰোগে বাহ ল’ব পাৰে।

 

এই সকলো প্ৰত্যাহ্বানৰ মাজতো চৰকাৰী পৰিসংখ্যা অনুসৰি পাকিস্তানত পোলিঅ’ আক্ৰান্তৰ সংখ্যা ৯৯.৮ শতাংশ হ্ৰাস পাইছে। নব্বৈৰ দশকৰ আৰম্ভণিতে দেশখনত প্ৰায় ২০ হাজাৰ লোক পোলিঅ’ত আক্ৰান্ত হৈছিল যদিও যোৱা বছৰ এই সংখ্যা মাত্ৰ ৩১ জনলৈ হ্ৰাস পাইছে। বৰ্তমান চৰকাৰে সশস্ত্ৰ আৰক্ষীৰ নিৰাপত্তাৰ মাজেৰে এই টিকাকৰণ অভিযান সফলতাৰে সম্পন্ন কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ জি চিৰ নিয়মক লৈ অসন্তুষ্ট আৰ এছ এছ! কেন্দ্ৰক কিয় দিলে ‘ভাৰসাম্যপূৰ্ণ’ সিদ্ধান্তৰ পৰামৰ্শ?

ইউ জি চিৰ নিয়মক লৈ অসন্তুষ্ট আৰ এছ এছ! কেন্দ্ৰক কিয় দিলে ‘ভাৰসাম্যপূৰ্ণ’ সিদ্ধান্তৰ পৰামৰ্শ?

November 2, 2026 8:25 pm
দুটোপাল পোলিঅ’ খুৱাবলৈ যুদ্ধসদৃশ প্ৰস্তুতি পাকিস্তানত! টিকাকৰণ কৰ্মীৰ নিৰাপত্তাৰ বাবে ৰাজপথত নামিল ৮ হাজাৰ আৰক্ষী

দুটোপাল পোলিঅ’ খুৱাবলৈ যুদ্ধসদৃশ প্ৰস্তুতি পাকিস্তানত! টিকাকৰণ কৰ্মীৰ নিৰাপত্তাৰ বাবে ৰাজপথত নামিল ৮ হাজাৰ আৰক্ষী

November 2, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd