মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তসকলক আইনী ব্যৱস্থাৰ পৰা দায়মুক্তি প্ৰদান কৰা আইনখনৰ এটা বিশেষ ধাৰাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এই ধাৰাটোক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰৰ পৰা ব্যাখ্যা বিচাৰিছে উচ্চতম ন্যায়ালয়ে। নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰণয়ন কৰা ২০২৩ চনৰ সংশ্লিষ্ট আইনখনৰ ১৬ নম্বৰ ধাৰাটোৱে নিৰ্বাচন আয়ুক্তসকলক তেওঁলোকৰ কাৰ্যকালৰ লগতে অৱসৰৰ পাছতো আইনী ব্যৱস্থাৰ পৰা সুৰক্ষা প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে আবেদনকাৰীসকলে।
এই আইনী ব্যৱস্থাক লৈ উত্থাপিত প্ৰশ্ন অনুসৰি, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু আন দুগৰাকী নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে তেওঁলোকৰ দায়িত্ব পালনৰ সময়ত কৰা কামৰ বাবে অৱসৰৰ পাছতো ফৌজদাৰী গোচৰ ৰুজু কৰাত বাধা আহিব পাৰে। ইয়াৰ ফলত নিৰ্বাচনী প্ৰক্ৰিয়াত অনিয়ম বা জালিয়াতিৰ অভিযোগ উঠিলেও আয়ুক্তসকলক আইনৰ আওতালৈ অনাটো কঠিন হৈ পৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে আবেদনকাৰীসকলে।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন বিচাৰপীঠে ‘মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিয়োগ, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) আইন, ২০২৩’ৰ ১৬ নম্বৰ ধাৰাটোক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতৰ নিৰ্বাচন আয়োগলৈ জাননী প্ৰেৰণ কৰিছে। আৰজেডি সাংসদ মনোজ ঝা আৰু অধিবক্তা অৰুণ কুমাৰ আগৰৱালে এই আবেদন দাখিল কৰিছিল। অহা ১৮ ডিচেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰাৰ কথা।
আবেদনকাৰীসকলৰ মতে, আইনখনৰ এই ধাৰাটো অসাংবিধানিক। তেওঁলোকৰ দাবী, এই ধাৰাই নিৰ্বাচন আয়োগক প্ৰদান কৰা সাংবিধানিক ক্ষমতাৰ সীমা অতিক্ৰম কৰিছে। আনকি ই সংবিধানৰ মৌলিক গাঁথনিৰো পৰিপন্থী। এই ব্যৱস্থাৰ ফলত নিৰ্বাচন আয়ুক্তসকলৰ কাৰ্যকলাপৰ ওপৰত ন্যায়িক পৰ্যালোচনাৰ পথো বাধাগ্ৰস্ত হ’ব পাৰে বুলি আবেদনত উল্লেখ কৰা হৈছে।
আবেদনকাৰীৰ অধিবক্তাসকলৰ যুক্তি অনুসৰি, নিৰ্বাচন আয়ুক্তসকলে দায়িত্ব পালন কৰি থকাৰ সময়ত কোনো অনিয়ম বা জালিয়াতিত জড়িত হ’লেও এই আইনী সুৰক্ষাৰ সুযোগ লৈ আইনী ব্যৱস্থাৰ পৰা আঁতৰি থাকিব পাৰিব। ইয়াৰ ফলত নিৰ্বাচনী ব্যৱস্থাৰ স্বচ্ছতা আৰু দায়বদ্ধতাক লৈ প্ৰশ্ন উত্থাপন হ’ব পাৰে।
উল্লেখযোগ্য যে, ভাৰতৰ সংবিধানৰ ৩৬১ নম্বৰ অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালকো কিছু আইনী সুৰক্ষা প্ৰদান কৰা হৈছে। অৱশ্যে এই সুৰক্ষা নিৰপেক্ষ নহয় আৰু ইয়াৰ নিৰ্দিষ্ট সাংবিধানিক সীমা আছে। আবেদনকাৰীসকলৰ যুক্তি, মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তসকলক প্ৰদান কৰা সুৰক্ষাৰ পৰিসৰ এই সাংবিধানিক ব্যৱস্থাতকৈও অধিক বিস্তৃত।
এতিয়া উচ্চতম ন্যায়ালয়ৰ জাননীৰ পাছত কেন্দ্ৰীয় চৰকাৰে এই ধাৰাটোৰ সন্দৰ্ভত কি ব্যাখ্যা আগবঢ়ায়, সেয়া লক্ষণীয় হ’ব। বিশেষকৈ নিৰ্বাচনী ব্যৱস্থাৰ স্বচ্ছতা, নিৰ্বাচন আয়োগৰ স্বাধীনতা আৰু আয়ুক্তসকলৰ আইনী দায়বদ্ধতাক লৈ চলি থকা বিতৰ্কত আদালতৰ পৰৱৰ্তী শুনানিয়ে গুৰুত্বপূৰ্ণ ৰূপ ল’ব পাৰে।


