৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা, ২০২৬ৰ বিভিন্ন জিলাৰ খেলসমূহত উত্তেজনাপূৰ্ণ যুঁজ অব্যাহত আছে। ৪ নৱেম্বৰত ৰাজ্যৰ কেইবাখনো জিলাত অনুষ্ঠিত হয় প্ৰতিযোগিতাৰ ছেমি ফাইনেল আৰু ফাইনেলৰ খেল। গোৱালপাৰা জিলা পৰ্যায়ৰ ফাইনেলত বাইদা ক’চিং চেণ্টাৰক টাইব্ৰেকাৰত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে পুৰণা শ্মশান যুৱক সংঘই। নিৰ্ধাৰিত সময়ৰ খেল ১-১ গ’লত অমীমাংসিত হৈ থকাৰ পাছত টাইব্ৰেকাৰত ৪-৩ গ’লৰ ব্যৱধানত জয়লাভ কৰে দলটোৱে।
ইফালে, কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ ছেমি ফাইনেলত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছে DBI স্প’ৰ্টছ ক্লাব আৰু ASEB স্প’ৰ্টছ ক্লাবে। ফূলুঙৰ GTC ফুটবল একাডেমী খেলপথাৰত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত গিৰিজানন্দ স্প’ৰ্টছ ক্লাবক ৩-২ গ’লত পৰাস্ত কৰে DBI স্প’ৰ্টছ ক্লাবে। DBIৰ হৈ হেনৰীয়ে ১১ মিনিটত, ৱাডস্কেমে ২৪ মিনিটত আৰু লাবানষ্টাৰে ৬৩ মিনিটত গ’ল দিয়ে। আনহাতে, গিৰিজানন্দৰ হৈ লালহ্ৰিয়াটপুইয়াই ৫২ মিনিটত আৰু লালৰিনহিমা হ্লণ্ডোৱে ৭৭ মিনিটত গ’ল দিয়ে।
একেখন খেলপথাৰতে অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত অসম পুলিচক ২-০ গ’লত পৰাস্ত কৰে ASEB স্প’ৰ্টছ ক্লাবে। দলটোৰ হৈ পাপু দেউৰীয়ে ১০ মিনিটত আৰু কৰ্মা নাৰ্জাৰীয়ে ৫৭ মিনিটত গ’ল দিয়ে। অহা ৬ নৱেম্বৰত বিয়লি ১.৩০ বজাত DBI স্প’ৰ্টছ ক্লাব আৰু ASEB স্প’ৰ্টছ ক্লাবৰ মাজত অনুষ্ঠিত হ’ব কামৰূপ মহানগৰ জিলাৰ ফাইনেল।
ইফালে, মাজুলী জিলা পৰ্যায়ৰ ছেমি ফাইনেলত কাৰছাং এফ চিয়ে কুলামুৱা এফ চিক ৫-১ গ’লত পৰাস্ত কৰে। চৰাইদেউ জিলাত অনুষ্ঠিত দুখন ছেমি ফাইনেলত লক্ষ্মী ভাজনী এফ চিয়ে ৰামনগৰ নিউ জেনেৰেচনেল ক্লাবক ৩-২ গ’লত আৰু মাহমৰা নৱজ্যোতি সংঘই হিংৰাজান এফ চিক ৬-২ গ’লত পৰাস্ত কৰে।
ডিব্ৰুগড় জিলাৰ খেলত ৰে’লৱে ডব্লিউ এছ চিয়ে টেঙাখাত এফ চিক টাইব্ৰেকাৰত ৪-২ গ’লত পৰাস্ত কৰে। নিৰ্ধাৰিত সময়ৰ খেল গ’লশূন্যভাৱে সমাপ্ত হৈছিল। আনখন খেলত দিৰাল বহুমুখী সংঘই ৰাইনো এফ চিক ৩-২ গ’লত পৰাস্ত কৰে। যোৰহাটত অনিৰুদ্ধদেৱ ক্লাবে যোৰহাট টাউন ক্লাবক টাইব্ৰেকাৰত ৭-৬ গ’লত পৰাস্ত কৰে। আনহাতে, ৰোৱাৰ্ড ক্লাবে কাকজান চাব এছ’চিয়েচনক ৩-১ গ’লত পৰাস্ত কৰে।
শিৱসাগৰ জিলাৰ খেলত খৰাঘৰ এফ চি চিয়ে গাৰ্গাঁও এফ চি চিক ৬-২ গ’লত পৰাস্ত কৰাৰ বিপৰীতে টিফুক চাহ বাগিচা এফ চিয়ে নৱজ্যোতি ক্লাব, দিচাংমুখক ৩-০ গ’লত পৰাস্ত কৰে। তিনিচুকীয়াত অনুষ্ঠিত খেলত গন্ধিয়া এছ এ আৰু শ্ৰীপুৰীয়া এফ এৰ মাজৰ খেল ২-২ গ’লত অমীমাংসিত হৈ থাকে। আনখন খেলত পুৰণি মটাপুং এফ চিয়ে কুণ্ডিল ভেলী এফ চি, শদিয়াক ৩-০ গ’লত পৰাস্ত কৰে।
তেজপুৰ জিলাৰ ছেমি ফাইনেলত এমিগোজ এফ চিয়ে টৌভান গা এফ চিক ৪-৩ গ’লত পৰাস্ত কৰাৰ বিপৰীতে ঢেকীয়াজুলি এফ চিয়ে বাথৌ এফ চিক ১-০ গ’লত পৰাস্ত কৰে। বাক্সা জিলাত নীলাক্ষী স্প’ৰ্টছ ক্লাবে বৰমা ইউনাইটেড এফ চিক ৩-২ গ’লত আৰু দুমনি স্প’ৰ্টছ ক্লাবে জপাডং জাৰ্মান ক্লাবক ১-০ গ’লত পৰাস্ত কৰে।
ধুবুৰী জিলাৰ ছেমি ফাইনেলত কে জি ফুটবল ক’চিং চেণ্টাৰে গৌৰীপুৰৰ অ’ কে ক্লাবক ৩-২ গ’লত পৰাস্ত কৰে। আনখন খেলত চাপৰগ্ৰাম এফ চিয়ে ধুবুৰীৰ এভাৰগ্ৰীন ক্লাবক ২-০ গ’লত পৰাস্ত কৰে। কাৰ্বি আংলং জিলাৰ খেলত অ’ কে-কেৰেং এফ চিয়ে আমলখি এফ চিক ৩-০ গ’লত পৰাস্ত কৰে।
কামৰূপ জিলাৰ ছেমি ফাইনেলত তুৰীয়া এফ চিয়ে ৰঙিয়া ফুটবল ক’চিং চেণ্টাৰক ৫-১ গ’লত পৰাস্ত কৰে। নলবাৰী জিলাৰ ছেমি ফাইনেলত সোনাপুৰ স্প’ৰ্টছ ক্লাবে নিজ পাকোৱা স্প’ৰ্টছ ক্লাবক ৪-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে।
ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত খেলসমূহৰ ফলাফলে প্ৰতিযোগিতাখনক অধিক আকৰ্ষণীয় কৰি তুলিছে। এতিয়া সকলোৰে দৃষ্টি পৰৱৰ্তী পৰ্যায়ৰ খেল আৰু জিলাভিত্তিক চূড়ান্ত যুঁজৰ ওপৰত।


