ভাৰতৰ উচ্চতম ন্যায়ালয়ে দেশৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সন্দৰ্ভত এক অতি গুৰুত্বপূৰ্ণ ৰায়দান কৰে। ন্যায়ালয়ৰ মতে, বিগত কেইবা দশক ধৰি দেখা যোৱা জনগাঁথনিৰ পৰিৱৰ্তন আৰু ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰৰ বাবে দুটাতকৈ অধিক সন্তান থকা লোকক শাস্তি প্ৰদান কৰা আইনসমূহৰ এতিয়া কোনো প্ৰাসংগিকতা নাই। ন্যায়াধীশ পি.এছ. নৰসিংহৰ নেতৃত্বত আৰু ন্যায়াধীশ অলোক আৰাধেক লৈ গঠিত বিচাৰপীঠে এখন ৩৭ পৃষ্ঠাজোৰা ৰায়দানত এই নিৰীক্ষণ আগবঢ়ায়।
আদালতে উল্লেখ কৰে যে, ২০০৩ চনত ‘জাভেদ বনাম হাৰিয়ানা ৰাজ্য’ গোচৰত উচ্চতম ন্যায়ালয়ে এনে শাস্তিমূলক আইনসমূহ বাহাল ৰাখি যি ৰায় দিছিল, সেয়া এতিয়া এখন বৃহৎ বিচাৰপীঠৰ দ্বাৰা পুনৰীক্ষণ কৰাৰ প্ৰয়োজন আছে। বৰ্তমান ভাৰতৰ মুঠ প্ৰজনন হাৰ ৩.০২-ৰ পৰা ১.৯-লৈ হ্ৰাস পাইছে, যিটো ‘প্ৰতিস্থাপন হাৰ’ (Replacement rate) ২.১-তকৈও কম। ন্যায়াধীশ নৰসিংহই কয়, “যদিও ভাৰতৰ জনসংখ্যা এতিয়াও হ্ৰাস পোৱা নাই, প্ৰজনন হাৰ কমি যোৱাৰ ফলত অতি সোনকালেই দেশৰ কৰ্মক্ষম লোকৰ সংখ্যা কমি যাব আৰু বয়সস্থ লোকৰ সংখ্যা বৃদ্ধি পাব। সেয়েহে, জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে প্ৰস্তুত কৰা এই আইনসমূহৰ গুৰুত্ব এতিয়া আৰু নাই।”
ন্যায়ালয়ে লগতে কয় যে, জনসংখ্যা বিস্ফোৰণে দেশৰ প্ৰগতিত বাধা জন্মায় বুলি থকা পুৰণি ধাৰণাটো এতিয়া প্ৰযোজ্য নহয়। উচ্চ জনসংখ্যাৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে চিন্তা কৰাৰ সলনি এতিয়া সুস্থ জনসংখ্যা বৃদ্ধিৰ প্ৰতিহে গুৰুত্ব দিয়া উচিত। ৰায়দানত উল্লেখ কৰা অনুসৰি, ২০১৪ চনত দেশত ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ হাৰ ৮.৩% আছিল, যিটো ২০২৪ চনত ৯.৭%-লৈ বৃদ্ধি পাইছে আৰু ২০৩৬ চনৰ ভিতৰত ই প্ৰায় ১৫% হোৱাৰ সম্ভাৱনা আছে। বৰ্তমানৰ জনগাঁথনিৰ পৰিৱৰ্তনক আওকাণ কৰিলে ভাৰতৰ বাবে ই ভয়াৱহ পৰিণাম কঢ়িয়াই আনিব পাৰে বুলি আদালতে সকীয়াই দিয়ে।
এই ৰায়দানটো মহাৰাষ্ট্ৰৰ কাকোদা গাঁও পঞ্চায়তৰ নিৰ্বাচিত ছৰপঞ্চ মংগলা ভীমৰাও ইংলেৰ এক আৱেদনৰ ভিত্তিত দিয়া হৈছে। দুটাতকৈ অধিক সন্তান থকাৰ অভিযোগত তেওঁৰ নিৰ্বাচন বাতিল কৰা হৈছিল। নিম্ন আদালত আৰু ৰাজ্যিক কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, ২০১৪ চনত তেওঁ তৃতীয়টো সন্তান জন্ম দিয়াৰ পিছতো ২০২২ চনৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছিল, যিটো মহাৰাষ্ট্ৰ গ্ৰাম পঞ্চায়ত আইন, ১৯৫৯-ৰ ধাৰা ১৪(১)(জে-১)-ৰ উলংঘন। অৱশ্যে ন্যায়াধীশ নৰসিংহই এনে আইনক সংবিধানৰ ২১ অনুচ্ছেদৰ অধীনত ‘প্ৰজনন স্বতন্ত্ৰতা’ আৰু ‘জীৱনৰ অধিকাৰ’ৰ উলংঘন বুলি অভিহিত কৰে।
মাতৃত্ব আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰৰ মাজত এটা বাছি ল’বলৈ বাধ্য কৰোৱা এনে আইনক উচ্চতম ন্যায়ালয়ে তীব্ৰ সমালোচনা কৰিছে। ২০০৩ চনৰ পুৰণি ৰায়টো পুনৰীক্ষণ কৰাৰ সপক্ষে মত প্ৰকাশ কৰি আদালতে মংগলা ইংলেক পুনৰ ছৰপঞ্চ পদত বাহাল থকাৰ নিৰ্দেশ দিয়াৰ লগতে, বৰ্তমান তেওঁৰ বিৰুদ্ধে চলি থকা সকলো আইনী প্ৰক্ৰিয়াও স্থগিত ৰখা হৈছে।





