সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহত অনুসূচিত জাতি (এছ চি) আৰু অনুসূচিত জনজাতি (এছ টি)ৰ বাবে সংৰক্ষিত আসনৰ ঘূৰ্ণন ব্যৱস্থা (Rotation System) প্ৰৱৰ্তনৰ দাবীত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। গোচৰটোৰ শুনানিৰ সময়ত কিছু পৰিহাসৰ সুৰত আবেদনকাৰীৰ অধিবক্তাক প্ৰশ্ন কৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে। তেওঁ কয়, “আপুনি ভুল নম্বৰত ফোন কৰিছে। এয়া প্ৰতিবাদ আৰু আন্দোলনৰ যুগ। আদালতৰ কাষ চপাৰ পৰিৱৰ্তে ৰাজপথত আন্দোলন কৰাহে উচিত আছিল।”
মুখ্য ন্যায়াধীশৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত আবেদনকাৰীৰ অধিবক্তাগৰাকীয়েও হাঁহি হাঁহি কয় যে তেওঁৰ মক্কেলৰ ৰাজপথলৈ ওলাই আন্দোলন কৰাৰ কোনো ইচ্ছা নাই। তদুপৰি, বৰ্তমান তেওঁৰ মাতো ভাগি গৈছে।
উত্তৰ প্ৰদেশৰ সুলতানপুৰ জিলাৰ ১৯১-কাদিপুৰ বিধানসভা সমষ্টিৰ এগৰাকী ভোটাৰ জগদীশ সিঙে এই আবেদন দাখিল কৰিছিল। তেওঁৰ অভিযোগ অনুসৰি, ১৯৫২ চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ পাছৰে পৰা বিগত সাত দশকৰো অধিক সময় ধৰি কাদিপুৰ সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হৈ আছে। ইয়াৰ ফলত মাত্ৰ চাৰিটা-পাঁচটা নিৰ্দিষ্ট পৰিয়ালেহে বাৰে বাৰে এই সংৰক্ষণৰ সুবিধা লাভ কৰি আহিছে।
আবেদনখনত পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচনৰ দৰে বিধানসভা সমষ্টিসমূহতো সংৰক্ষিত আসনৰ ক্ষেত্ৰত ঘূৰ্ণন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী জনোৱা হৈছিল। আবেদনকাৰীৰ যুক্তি আছিল যে দীৰ্ঘদিন ধৰি একেটা সমষ্টি সংৰক্ষিত কৰি ৰখাৰ ফলত সংবিধানৰ ১৪, ১৫ আৰু ১৯ নম্বৰ অনুচ্ছেদৰ অধীনত প্ৰদান কৰা অধিকাৰ উলংঘা হৈছে। ইয়াৰ লগতে সাধাৰণ ভোটাৰসকলৰ নিজৰ পছন্দৰ প্ৰাৰ্থী নিৰ্বাচনৰ অধিকাৰো সীমিত হৈ পৰিছে বুলি দাবী কৰিছিল তেওঁ।
কিন্তু আবেদনকাৰীৰ এই যুক্তি মানি ল’বলৈ অস্বীকাৰ কৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনৰে গঠিত তিনিজনীয়া বিচাৰপীঠে। শুনানিৰ সময়ত ন্যায়াধীশ জয়মাল্য বাগচীয়ে কয় যে গণতন্ত্ৰত ভোটদান সদায় জাতিৰ ভিত্তিতে হ’ব বুলি ধৰি লোৱাটো ভুল। গণতান্ত্ৰিক পছন্দৰ ওপৰত আদালতে নিজৰ সিদ্ধান্ত জাপি দিব নোৱাৰে। এয়া সম্পূৰ্ণৰূপে ভোটাৰসকলৰ নিজৰ সিদ্ধান্তৰ বিষয়।
ন্যায়াধীশগৰাকীয়ে লগতে স্পষ্ট কৰে যে কোনো সমষ্টি সংৰক্ষিত হৈ থাকিলেও সাধাৰণ ভোটাৰসকলৰ ভোটাধিকাৰ খৰ্ব নহয়। বহুদলীয় গণতান্ত্ৰিক ব্যৱস্থাত ভোটাৰসকলে প্ৰাৰ্থীৰ ধৰ্ম বা জাতিৰ পৰিৱৰ্তে ৰাজনৈতিক দলৰ আদৰ্শৰ ভিত্তিতো ভোটদান কৰিব পাৰে। তদুপৰি, ইচ্ছা কৰিলে কোনো প্ৰাৰ্থীয়ে আন অসংৰক্ষিত সমষ্টিৰ পৰাও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।
সকলো যুক্তি শুনাৰ অন্তত সংৰক্ষিত আসনৰ ঘূৰ্ণন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত দাখিল কৰা আবেদনখনত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰি পোনপটীয়াকৈ খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে।





