আমেৰিকাত মধ্যকালীন নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত প্ৰায় অস্থিৰ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প! আৰু ইয়াৰ প্ৰভাৱ পৰিছে ভাৰতৰ ওপৰত। ইৰাণৰ তেল ব্যৱসায়ত নিষেধাজ্ঞাৰ পৰা হাত সাৰিবলৈ সহায় কৰা বুলি অভিযোগ তুলি এহাল ভাৰতীয় দম্পতী আৰু তেওঁলোকৰ সৈতে জড়িত কেইবাটাও সংস্থাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে!
জানিব পৰা মতে, আমেৰিকাৰ কোষাগাৰ বিভাগে ভাৰতীয় নাগৰিক সুনীল কুমাৰ শৰ্মা আৰু তেওঁৰ পত্নী যশপ্ৰীত প্ৰীতি শ্বাহিদকে ধৰি তেওঁলোকৰ ৯টা সংস্থাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।
ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি ড’নাল্ড ট্ৰাম্পৰ আমেৰিকা প্ৰশাসনে অভিযোগ কৰিছে যে ভাৰতীয় দম্পতী শৰ্মা আৰু শ্বাহিদৰ নেতৃত্বত এটা নেটৱৰ্কে ইৰাণৰ শ্বেড’ ফ্লীটক সকলো ধৰণৰ সহায় আগবঢ়াইছিল। তেওঁলোকৰ সহায়ত নিষেধাজ্ঞাৰ অধীনত থকা জাহাজসমূহক ভুৱা পতাকা আৰু ভুৱা সামুদ্ৰিক প্ৰমাণপত্ৰ দিয়া হৈছিল। আৰু ইয়াৰ বাবেই হেনো ইৰাণৰ জাহাজসমূহে আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা আৰু নিয়মসমূহ সহজেই এৰাই চলিব পাৰিছিল।
আমেৰিকাৰ কোষাগাৰ বিভাগে লগতে অভিযোগ কৰে যে নেটৱৰ্কটোৱে বিভিন্ন দেশৰ নামত জাহাজৰ পঞ্জীয়ন আৰু সামুদ্ৰিক সেৱাৰ বাবে বিভিন্ন ৱেবছাইট তৈয়াৰ কৰিছিল। এইবোৰৰ জৰিয়তে জাহাজ পঞ্জীয়ন, নাৱিক প্ৰশিক্ষণ, প্ৰমাণপত্ৰ আৰু জাহাজৰ শ্ৰেণীবিভাজনৰ দৰে পৰিসেৱাসমূহ আগবঢ়োৱা হৈছিল।
ট্ৰাম্প প্ৰশাসনে দিয়া নিষেধাজ্ঞাৰ তালিকাত আছে ভাৰতীয় নাগৰিক সুনীল কুমাৰ শৰ্মা আৰু যশপ্ৰীত প্ৰীতি শ্বাহিদৰ লগতে মুঠ ৯টা সংস্থা, অ’চেনিক টেকন’লজিছ ইণ্ডিয়া, আৰ্যৱৰ্ত শ্বিপ মেনেজমেণ্ট প্ৰাইভেট লিমিটেড, প্ৰিচেপ্ট ট্ৰেণ্ডছ প্ৰাইভেট লিমিটেড, পলিনেছিয়া মেৰিটাইম প্ৰাইভেট লিমিটেড, আলেক্সাৰিয়া ফিনচাৰ্ভ প্ৰাইভেট লিমিটেড, এলেক্সাৰিয়া মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড, বিহাৰা ব’টিং প্ৰাইভেট লিমিটেড আৰু আৰ্যৱৰ্ত মেৰিটাইম এণ্ড এডুকেচনেল ট্ৰাষ্ট।
আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে কয় যে ইৰাণক সহায় কৰা ব্যক্তি আৰু সংস্থাসমূহৰ বিৰুদ্ধে ৱাশ্বিংটনে কঠোৰ স্থিতি বজাই ৰাখিব!


