পৰ্তুগালৰ জাৰ্চিত আৰু দেখা নাযাব ক্রিষ্টিয়ানো ৰোনাল্ডোক। পৰ্তুগীজ ছুপাৰষ্টাৰগৰাকীয়ে ২৩ বছৰীয়া আন্তৰ্জাতিক কেৰিয়াৰৰ অন্ত পেলোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছে। ৪১ বছৰীয়া ৰোনাল্ডোৱে বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত এক আৱেগিক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ৰাষ্ট্ৰীয় দলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।
নৱেম্বৰৰ আন্তৰ্জাতিক বিৰতিৰ পিছতেই পৰ্তুগালৰ হৈ তেওঁৰ যাত্ৰা শেষ হ’ব বুলিও তেওঁ কয়। দেশৰ হৈ ২৩৪খন মেচত ১৪৬টা গ’ল, একাধিক ট্ৰফী আৰু অগণন স্মৃতিৰে বিদায় ল’বলৈ ওলাইছে ফুটবল ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ তাৰকাগৰাকী।
পৰ্তুগালৰ জনসাধাৰণলৈ প্ৰেৰণ কৰা বাৰ্তাত ৰোনাল্ডোৱে কয় যে এই সিদ্ধান্ত তেওঁৰ বাবে সহজ নাছিল। জাতীয় দলৰ হৈ খেলাৰ অভিজ্ঞতাই তেওঁৰ জীৱন চিৰদিনৰ বাবে সলনি কৰি পেলাইছে। তেওঁ লগতে কয় যে দেশক প্ৰতিনিধিত্ব কৰাটো কেৱল ফুটবল খেলতে সীমাবদ্ধ নহয়, তেওঁৰ বাবে গৌৰৱ আৰু দায়িত্বৰ বিষয়ো আছিল।
ৰোনাল্ডোৰ মতে, জাতীয় দলৰ হৈ খেলপথাৰত তেওঁৰ যাত্ৰা এতিয়া শেষ হ’বলৈ ওলাইছে। তেওঁ মূৰ তুলি বিদায় নিব খোজে। তাৰকাগৰাকীয়ে লগতে কয় যে তেওঁ পৰ্তুগালৰ হৈ নিজৰ সকলোখিনি দিছে। তেওঁৰ মতে, ৭ নম্বৰৰ জাৰ্চি আন কাৰোবাৰ হাতলৈ গ’লেও সেই জাৰ্চি পিন্ধাৰ গৌৰৱ তেওঁৰ লগতে থাকিব। পৰ্তুগাল সদায় তেওঁৰ হৃদয়ত থাকিব।
উল্লেখ্য যে পৰ্তুগীজ জাতীয় দলৰ প্ৰশিক্ষক জৰ্জ জেছুছৰ সৈতে ৰোনাল্ডোৰ সম্পৰ্কক লৈ বিবাদৰ সৃষ্টি হোৱাৰ সময়তে ৰোনাল্ডোৱে অৱসৰ ঘোষণা কৰিছে। যোৱা ছেপ্টেম্বৰৰ শেষৰ ফালে ৰোনাল্ডোৱে ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰি থৈ যায়। তেতিয়াৰ পৰাই তেওঁৰ আন্তৰ্জাতিক কেৰিয়াৰৰ ভৱিষ্যতক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছিল।
নেচনছ লীগত নৰৱেৰ বিৰুদ্ধে খেলখনৰ পৰাই এই বিবাদ আৰম্ভ হৈছিল। সেই মেচখনত প্ৰশিক্ষক জৰ্জ জেছুছে ৰোনাল্ডোক কেৱল প্ৰথম একাদশতেই নহয়, বিকল্প হিচাপেও খেলপথাৰত স্থান দিয়া নাছিল। ৰোনাল্ডোৱে দাবী কৰে যে প্ৰশিক্ষকে তেওঁক ৩০ মিনিট খেলিবলৈ কৈছিল। কিন্তু পিছলৈ সেই সিদ্ধান্ত সলনি হ’ল। ৰোনাল্ডোৰ মতে, ইয়াৰ ফলত তেওঁৰ সৈতে থকা আস্থাৰ সম্পৰ্ক বিনষ্ট হৈছে।
ইয়াৰ পিছত ডেনমাৰ্কৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে তেওঁ পৰ্তুগালৰ জাতীয় দলৰ শিবিৰ এৰি যায়। জৰ্জ জিছুছে তেওঁলোকৰ মাজত কোনো সংঘাত নাই বুলি উল্লেখ কৰিছিল যদিও তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে দলৰ প্ৰথম একাদশ বা বিকল্প বাছনি কৰাটো প্ৰশিক্ষকৰ দায়িত্ব।
পিছত ৰোনাল্ডোৱে ছ’চিয়েল মিডিয়াত এক দীঘলীয়া বিবৃতিযোগে নিজৰ স্থিতি ব্যাখ্যা কৰে। লগতে সতীৰ্থ আৰু পৰ্তুগালৰ অনুৰাগীৰ ওচৰত ক্ষমাও বিচাৰে। একে সময়তে পৰ্তুগীজ ফুটবল ফেডাৰেচনে ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰি যোৱাৰ শাস্তি মানি ল’ব বুলিও কয়। সেই ঘটনাৰ কেইসপ্তাহমানৰ ভিতৰতে তেওঁ অৱসৰৰ কথা ঘোষণা কৰিলে।
২০০৩ চনৰ আগষ্ট মাহত কাজাখস্তানৰ বিৰুদ্ধে পৰ্তুগালৰ হৈ আন্তৰ্জাতিক ফুটবল খেলত অভিষেক ঘটায় ৰোনাল্ডোৱে। তেতিয়াৰ পৰা ২৩ বছৰ ধৰি ইটোৰ পিছত সিটো অভিলেখ গঢ়িবলৈ সক্ষম হয়। পুৰুষৰ আন্তৰ্জাতিক ফুটবলত সৰ্বাধিক মেচ খেলাৰ উপৰিও সৰ্বাধিক গ’ল দিয়াৰ অভিলেখো তেওঁৰ হাতত আছে।
পৰ্তুগালৰ বাবে তেওঁৰ উল্লেখযোগ্য কৃতিত্বসমূহ হ’ল-
ইউৰো ২০১৬ : পৰ্তুগালে ৰোনাল্ডোৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে ইউৰোপীয় চেম্পিয়নশ্বিপত জয়লাভ কৰে।
নেচনছ লীগ ২০১৯: পৰ্তুগালে প্ৰথমবাৰৰ বাবে ইউএফএ নেচনছ লীগৰ খিতাপ দখল কৰে।
নেচনছ লীগ ২০২৫ : দ্বিতীয়বাৰৰ বাবে পৰ্তুগালে এই প্ৰতিযোগিতাত জয়লাভ কৰে। সেই দলতো ৰোনাল্ডোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
আন্তৰ্জাতিক গ’লঃ পৰ্তুগালৰ হৈ ২৩৪খন মেচত ১৪৬টা গ’ল। পুৰুষৰ আন্তৰ্জাতিক ফুটবলত সৰ্বাধিক গ’লৰ অভিলেখ।
আন্তৰ্জাতিক খেলঃ পুৰুষৰ ফুটবলত সৰ্বাধিক আন্তৰ্জাতিক খেলৰ অভিলেখ, ২৩৪খন খেল।
বিশ্বকাপঃ ২০২৬ চনৰ বিশ্বকাপকে ধৰি মুঠ ছটা বিশ্বকাপত গ’ল দিয়াৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
ৰাষ্ট্ৰীয় দলৰ অধ্যায়ৰ অন্ত পৰিব যদিও ক্লাব ফুটবলত ৰোনাল্ডোৰ লক্ষ্য এতিয়াও বাকী। তেওঁ ছৌদি আৰৱৰ ক্লাব আল নাছৰৰ হৈ খেলে। ক্লাব আৰু ৰাষ্ট্ৰীয় দল দুয়োটাৰে বাবে কেৰিয়াৰত ১০০০ গ’লৰ মাইলৰ খুঁটিত উপনীত হোৱাৰ ওচৰ চাপিছে পৰ্তুগীজ তাৰকাগৰাকীয়ে। শেহতীয়াকৈ উপলব্ধ পৰিসংখ্যা অনুসৰি তেওঁৰ মুঠ গ’লৰ সংখ্যা হৈছে ৯৭৯টা।
Portugal estará sempre em mim https://t.co/dnFj51rxmh
— Cristiano Ronaldo (@Cristiano) November 5, 2026
২০০৩ চনত আন্তৰ্জাতিক কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত পিন্ধা ৭ নম্বৰ জাৰ্চিটো এতিয়া খুলি লোৱাৰ সময় আহি পৰিছে।পৰ্তুগালৰ হৈ আন্তৰ্জাতিক কেৰিয়াৰ শেষ হ’লেও ক’ব পাৰি যে দেশখনৰ ফুটবল ইতিহাসত ৰোনাল্ডোৰ স্থান দীৰ্ঘদিনলৈ অক্ষত থাকিব।





