• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জঘন্য, নৃশংস, বৰ্বৰ! পত্নী-সন্তানসহ ৭ জনক নিৰ্মমভাৱে হত্যা; মহানগৰীৰ ৭ স্থানত পেলালে মৃতদেহ

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত দুদিনত এজনৰ পিছত এজনকৈ ৭জন লোকক পৰিকল্পিতভাৱে হত্যা কৰা বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2026 12:48 pm
103
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পিতৃৰ ঘৰৰ কেইবাজনো লোক একেলগে নিৰুদ্দেশ হৈছিল। বিবাহিতা কন্যাই তেওঁলোকৰ সন্ধান বিচাৰি আৰক্ষীৰ কাষ চাপিছিল। কিন্তু শেষত তেওঁৱো ৰেহাই নাপালে! পত্নী, শাহুৱেক, দুজন ভায়েক, দুগৰাকী ভনীয়েক আৰু এটা সাত বছৰীয়া শিশুক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এজন লোকৰ বিৰুদ্ধে।

শহুৰেকৰ ঘৰৰ ৭ জন লোকৰ নিৰ্মম হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বেংগালুৰুত। কেৱল সেয়াই নহয়, হত্যাকাণ্ডৰ পিছতে অভিযুক্তই মহানগৰীৰ বিভিন্ন স্থানত মৃতদেহ পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে পৰিয়ালৰ অশান্তি আৰু পত্নীৰ সৈতে দীৰ্ঘদিনীয়া বৈবাহিক বিবাদৰ বাবে অভিযুক্তই এনে ভয়ানক কাণ্ড সংঘটিত কৰিছিল।

Apply Now

বেংগালুৰুৰ চেৰাম্পোৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। আৰক্ষী সূত্ৰ অনুসৰি অভিযুক্তৰ ঘৰ বেংগালুৰুৰ ৰাজজিনগৰ অঞ্চলত। তেওঁৰ নাম সিন্ধুশেখৰ। পেছাত তেওঁ কেব চালক। তেওঁৰ বিৰুদ্ধে পত্নী সুনীতাকে ধৰি শহুৰেকৰ ঘৰৰ ৭ জনক হত্যা কৰাৰ অভিযোগ উঠিছে।

নিহতসকলৰ ভিতৰত আছে সুনীতাৰ মাতৃ ৰূপৱতী, তেওঁৰ দুই ভাতৃ শিৱকুমাৰ আৰু শংকৰ, তেওঁলোকৰ পৰিয়ালৰ দুই সদস্য দিব্যা আৰু নলিনী আৰু শিৱকুমাৰৰ সাত বছৰীয়া পুত্ৰ পুনীত।

তদন্তকাৰীৰ প্ৰাৰম্ভিক ধাৰণা এই হত্যাকাণ্ডৰ আঁৰত দীৰ্ঘদিনীয়া পাৰিবাৰিক বিবাদ আছে। শেখৰে প্ৰায় ২০ বছৰ আগতে সুনীতাক বিয়া কৰাইছিল। কিন্তু তেওঁলোকৰ বৈবাহিক জীৱনত যথেষ্ট দিন ধৰি অশান্তিৰ সৃষ্টি হৈছিল। স্বামী-স্ত্ৰীৰ মাজত বিবাদ হ’লে সুনীতাৰ পিতৃৰ পৰিয়ালৰ লোকে বাৰে বাৰে হস্তক্ষেপ কৰে।

জানিব পৰা মতে তেওঁলোকে আগতে সুনীতাৰ পক্ষ লৈছিল। শেখৰে পত্নীৰ পিতৃ পৰিয়ালৰ ভূমিকা ভালদৰে লোৱা নাছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। তেওঁৰ বিবাহিত জীৱনত শহুৰেকে হস্তক্ষেপ কৰা বুলি ভাবি অভিযুক্তই তেওঁলোকৰ ওপৰত ক্ষুব্ধ হৈছিল।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত দুদিনত এজনৰ পিছত এজনকৈ ৭জন লোকক পৰিকল্পিতভাৱে হত্যা কৰা বুলি জানিব পৰা গৈছে। প্ৰথমে শেখৰে পত্নী সুনীতাক হত্যা কৰে। তাৰ পিছত তেওঁৰ শাহুৱেক ৰূপৱতীকো হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে। পিছত পাৰ্টি কৰাৰ অজুহাতত দুই ভায়েক শিৱকুমাৰ আৰু শংকৰক নিজৰ ঘৰলৈ মাতি আনে। ঘৰলৈ অহাৰ পিছত তেওঁলোকৰ মূৰত গধুৰ পটা-গুটিৰে আঘাত কৰি হত্যা কৰা বুলি তদন্তকাৰীয়ে সন্দেহ কৰিছে। ইয়াৰ পিছত সুনীতা, নলিনী আৰু সাত বছৰীয়া পুনীতকো হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে।

হত্যাকাণ্ডৰ পিছতে মৃতদেহ কেইটা গাড়ীত ভৰাই মহানগৰীৰ পৰা প্ৰায় ৬০-৭০ কিলোমিটাৰ নিলগৰ চিক্কাবল্লাপুৰ জিলাৰ বিভিন্ন নিৰ্জন স্থানত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। পৰ্যটনস্থলী নন্দী পাহাৰৰ সমীপত আৰক্ষীয়ে উদ্ধাৰ কৰে সাত বছৰীয়া পুনীতৰ মৃতদেহ। বাকী ছয়জনৰ মৃতদেহ উদ্ধাৰৰ বাবে কেইবাটাও স্থানত অনুসন্ধান অব্যাহত আছে। তদন্তকাৰীয়ে অভিযুক্তৰ গাড়ীৰ গতিবিধি, মৃতদেহ পেলোৱা সম্ভাৱ্য স্থান আৰু ফৰেনছিক তথ্য পৰীক্ষা কৰি আছে।

এই ঘটনাৰ আটাইতকৈ চাঞ্চল্যকৰ কথাটো হ’ল পৰিয়ালৰ লোকসকল এজন এজনকৈ নিৰুদ্দেশ হোৱাৰ পিছত সুনীতাই নিজেই তেওঁলোকৰ সন্ধানত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। পৰিয়ালৰ আন সদস্যৰ কোনো শুংসূত্ৰ নোপোৱাত তেওঁ নিৰুদ্দেশ হোৱা ব্যক্তিৰ ডায়েৰী দাখিল কৰে। আৰক্ষীৰ তথ্য অনুসৰি নিৰুদ্দেশ হোৱা ব্যক্তিৰ ডায়েৰী দাখিল কৰি ঘৰলৈ গৈছিল সুনীতাই। ইয়াৰ পিছত স্বামীয়ে তেওঁকো হত্যা কৰে।

আৰক্ষীয়ে নিৰুদ্দেশৰ তদন্ত কৰি পৰিয়ালৰ লোকৰ ফোন ৰেকৰ্ড পৰীক্ষা কৰে। তাতেই শেখৰৰ গতিবিধি লৈ সন্দেহৰ সৃষ্টি হৈছিল। পিছত ছেৰামপুৰ আৰু ৰাজজিনগৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা আৰম্ভ কৰে।

আৰক্ষীৰ দাবী, জেৰাৰ সময়ত অভিযুক্তই ৭ জন লোকক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। যদিও তেওঁৰ বক্তব্য আৰু হত্যাকাণ্ডৰ প্ৰতিটো সবিশেষ এতিয়াও পৰীক্ষা কৰি থকা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত খিলঞ্জীয়া অধিকাৰ কৰ্মী প্ৰণৱ দলেৰ আটক বাতিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত খিলঞ্জীয়া অধিকাৰ কৰ্মী প্ৰণৱ দলেৰ আটক বাতিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

November 6, 2026 1:24 pm
জঘন্য, নৃশংস, বৰ্বৰ! পত্নী-সন্তানসহ ৭ জনক নিৰ্মমভাৱে হত্যা; মহানগৰীৰ ৭ স্থানত পেলালে মৃতদেহ

জঘন্য, নৃশংস, বৰ্বৰ! পত্নী-সন্তানসহ ৭ জনক নিৰ্মমভাৱে হত্যা; মহানগৰীৰ ৭ স্থানত পেলালে মৃতদেহ

November 6, 2026 12:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd