শুকুৰবাৰে পুৱতি নিশা বিহাৰৰ ৰাজধানী পাটনাত আৰক্ষী আৰু অপৰাধীৰ মাজত সংঘটিত ভয়ংকৰ গুলীয়াগুলীত নিহত হ’ল তিনিজন কুখ্যাত অপৰাধী। পাটনাৰ দানাপুৰৰ মনেৰ থানাৰ অন্তৰ্গত গংগাৰ পাৰৰ শ্বেৰপুৰত এই সংঘৰ্ষ সংঘটিত হয়। আৰক্ষীৰ সৈতে কেইবাটাও পৰ্যায়ত হোৱা গুলীয়াগুলীত তিনিজন অপৰাধী নিহত হোৱাৰ বিপৰীতে অপৰাধীৰ গুলীত আহত হয় মনেৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া। আত্মৰক্ষাৰ বাবেই আৰক্ষীয়ে গুলীচালনা কৰা বুলি দাবী কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, নিহত অপৰাধী তিনিজন হৈছে জে পি যাদৱ, ৰাজা শৰ্মা আৰু বাবলু কুমাৰ। পাটনাৰ কুখ্যাত অপৰাধীৰ তালিকাত তেওঁলোকৰ নাম আছিল। শুকুৰবাৰে পুৱা প্ৰায় ৪.৩০ বজাত শ্বেৰপুৰত আৰক্ষী আৰু অপৰাধীৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। অপৰাধীৰ দলটোৱে আৰক্ষীক লক্ষ্য কৰি ২৪ জাঁই গুলীচালনা কৰে। ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও ১৮ জাঁই গুলীচালনা কৰে। প্ৰায় ২০ মিনিট ধৰি চলা এই সংঘৰ্ষৰ অন্তত তিনিওজন অপৰাধী নিহত হয়। তেওঁলোকৰ পৰা কেইবাটাও অস্ত্ৰ উদ্ধাৰ কৰা হৈছে।
নিহত তিনিওজনৰ বিৰুদ্ধে বিহাৰৰ প্ৰাথমিক কৃষি ঋণ সমবায় সমিতি (PACS)-ৰ সভাপতি সঞ্জিত কুমাৰক হত্যাৰ অভিযোগ আছিল। আৰক্ষীৰ তথ্য অনুসৰি, দুৰ্গাপূজাৰ সময়ত অতি নৃশংসভাৱে হত্যা কৰা হৈছিল সঞ্জিত কুমাৰক। এই হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল বিহাৰ আৰক্ষীৰ বিশেষ অভিযানকাৰী বাহিনী (STF)-ক।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বৃহস্পতিবাৰে নিশা গোপন তথ্যৰ ভিত্তিত এছ টি এফ আৰু মনেৰ থানাৰ আৰক্ষীয়ে যৌথভাৱে অভিযান চলায়। অপৰাধীসকলৰ অৱস্থানৰ বিষয়ে নিশ্চিত তথ্য লাভ কৰাৰ পিছতে তেওঁলোকৰ আশ্ৰয়স্থলীত অভিযান চলাইছিল আৰক্ষীয়ে। এই অভিযানৰ সময়তে দুয়োপক্ষৰ মাজত ভয়ংকৰ গুলীয়াগুলী আৰম্ভ হয় আৰু অৱশেষত তিনি অপৰাধীৰ মৃত্যু ঘটে।





