অসমৰ ডিব্ৰুগড় জিলাৰ টেঙাখাতস্থিত অইল ইণ্ডিয়া লিমিটেডৰ (OIL) ইণ্টাৰমিডিয়েট টেংক ফাৰ্মত শুকুৰবাৰে পুৱা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই ঘটনাত এজন কৰ্মচাৰীৰ মৃত্যু হোৱাৰ বিপৰীতে আন ছয়জন শ্ৰমিক অগ্নিদগ্ধ হৈ আহত হয়। মৃত ব্যক্তিগৰাকীক ৰাজু দত্ত বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে পুৱা প্ৰায় ৯.০৫ বজাত টেংক ফাৰ্মৰ ইণ্ডাইৰেক্ট বাথ হিটাৰ (IBH) এলেকাত ৰক্ষণাবেক্ষণৰ কাম চলি থকাৰ সময়তে এই অগ্নিকাণ্ড সংঘটিত হয়। অইল ইণ্ডিয়াৰ তথ্য অনুসৰি, ৪ নৱেম্বৰৰ পৰাই উক্ত এলেকাটো মেৰামতিৰ কামৰ বাবে পৃথক কৰি ৰখা হৈছিল। সেই সময়তে অগ্নিকাণ্ডত অপাৰেচনছ এণ্ড মেইনটেনেন্স (O&M)ৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ সাতজন কৰ্মচাৰী অগ্নিদগ্ধ হয়। ইয়াৰে এজনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে বাকী ছয়জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আহতসকলৰ ভিতৰত পাঁচজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত (AMCH) ভৰ্তি কৰোৱা হৈছে। আন এজনক দুলীয়াজানৰ অইল হাস্পতালত চিকিৎসাধীন কৰি ৰখা হৈছে। আটাইকেইজন আহত শ্ৰমিক মুম্বাইস্থিত ব্যক্তিগত প্ৰতিষ্ঠান স্পেক্ট্ৰন ইঞ্জিনিয়াৰ্ছ প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।
অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে অইল ইণ্ডিয়াৰ অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু অগ্নিনিৰ্বাপণ অভিযান আৰম্ভ কৰে। অইল ইণ্ডিয়াৰ তথ্য অনুসৰি, প্ৰতিষ্ঠানটোৰ নিজা অগ্নিনিৰ্বাপক ব্যৱস্থাৰ লগতে মুঠ ১১খন অগ্নিনিৰ্বাপক বাহনৰ সহায়ত জুই নিৰ্বাপণ কৰা হয়। দিনৰ প্ৰায় ১২.৩০ বজাত জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অনা হয়।
ইফালে, এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰাৰ লগতে ঘটনাটোৰ তাৎক্ষণিক আৰু অন্তৰ্নিহিত কাৰণসমূহ অনুসন্ধান কৰিবলৈ অইল ইণ্ডিয়াই এখন আভ্যন্তৰীণ তদন্ত সমিতি গঠন কৰিছে। ঘটনাটোক লৈ শোক প্ৰকাশ কৰি মৃত কৰ্মচাৰীগৰাকীৰ পৰিয়াললৈ সমবেদনা জনাইছে প্ৰতিষ্ঠানটোৱে।


