• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৬০ গৰাকী সাক্ষীৰ কোনেও লোৱা নাছিল অমৃতপ্ৰভাৰ নাম! গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2026 9:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰক লৈ পুনৰ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশৰ উদ্ধৃতি দি গোচৰটোৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁৰ দাবী, আদালতত শুনানিৰ সময়ত ১৬০ গৰাকী সাক্ষীৰ কোনেও অমৃতপ্ৰভাৰ নাম উল্লেখ কৰা নাছিল। অৱশ্যে বিশেষ তদন্তকাৰী দলৰ তদন্তৰ সময়ত এই সাক্ষীসকলে তেওঁৰ নাম উল্লেখ কৰিছিল বুলি তেওঁ কয়।

শুকুৰবাৰে, ৬ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে সাক্ষীসকলে সংবাদ মাধ্যমৰ সন্মুখত কৰা মন্তব্য আৰু আদালতত দিয়া সাক্ষ্যৰ মাজত পাৰ্থক্য দেখা গৈছে। এই দুয়োটা বিষয় পৃথকে পৰীক্ষা কৰা উচিত বুলিও তেওঁ মত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীৰ মতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ নিৰ্দেশত এই বিষয়টো স্পষ্টভাৱে উল্লেখ আছে।

Apply Now

উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তক যোৱা ৯ অক্টোবৰত জামিন প্ৰদান কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। একেটা গোচৰতে সন্দীপন গাৰ্গকো জামিন প্ৰদান কৰা হৈছিল। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক লৈ চলি থকা চৰ্চাৰ মাজতে মুখ্যমন্ত্ৰীয়ে কয়, “মানুহে মোক প্ৰশ্ন কৰাৰ পৰিৱৰ্তে সাক্ষীসকলক প্ৰশ্ন কৰা উচিত। আদালতক নিজৰ কাম কৰিবলৈ দিব লাগে।”

ইফালে, গোচৰটোৰ সাক্ষ্যগ্ৰহণ সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁৰ মতে, বহু সাক্ষীয়ে এতিয়াও আদালতত সাক্ষ্য প্ৰদান কৰা নাই। সেয়েহে সাক্ষীসকলক কোনো ধৰণৰ হেঁচা প্ৰয়োগ নকৰাকৈ নিজৰ বক্তব্য দাঙি ধৰিবলৈ সুযোগ দিব লাগে। চৰকাৰে কোনো সাক্ষীক প্ৰভাৱিত কৰিব নোৱাৰে বুলিও তেওঁ স্পষ্ট কৰে।

আনহাতে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ে ৩০ নৱেম্বৰলৈ পিছুৱাই দিছে। এই দুয়োগৰাকীৰ জামিন আবেদনৰ লগতে অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গক জামিন প্ৰদানৰ বিৰুদ্ধে অসম চৰকাৰে কৰা প্ৰত্যাহ্বানমূলক আবেদনৰ বিষয়টোও পৰৱৰ্তী শুনানিৰ সৈতে জড়িত হৈ আছে।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াক লৈ ৰাজ্যজুৰি অব্যাহত থকা চৰ্চাৰ মাজতে মুখ্যমন্ত্ৰীৰ এই মন্তব্যই গোচৰটোক পুনৰ চৰ্চাৰ কেন্দ্ৰলৈ আনিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৬০ গৰাকী সাক্ষীৰ কোনেও লোৱা নাছিল অমৃতপ্ৰভাৰ নাম! গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

১৬০ গৰাকী সাক্ষীৰ কোনেও লোৱা নাছিল অমৃতপ্ৰভাৰ নাম! গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

November 6, 2026 9:34 pm
১১.৫ কোটি টকীয়া বজাৰগৃহ উদ্বোধনৰ পাছতো ব্যৱসায় আৰম্ভ কৰিব নোৱাৰিলে ব্যৱসায়ীয়ে! ১৩ বছৰেও সম্পূৰ্ণ নহ’ল বেলতলাৰ বজাৰৰ কাম

১১.৫ কোটি টকীয়া বজাৰগৃহ উদ্বোধনৰ পাছতো ব্যৱসায় আৰম্ভ কৰিব নোৱাৰিলে ব্যৱসায়ীয়ে! ১৩ বছৰেও সম্পূৰ্ণ নহ’ল বেলতলাৰ বজাৰৰ কাম

November 6, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd