সুধাকণ্ঠ ড° ভূপেন হাজৰিকা.. অসমৰ সামাজিক ,সাংস্কৃতিক আৰু বৌদ্ধিক আকাশৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰটোৰ কায়িক অৱয়ৱ। যুৱ চেতনাৰ শক্তিশালী বহিঃপ্ৰকাশৰ এক প্ৰতীকাত্মক বলিষ্ঠ ব্যক্তিত্ব ড০ ভূপেন হাজৰিকা কেৱল এজন গায়ক, সুৰকাৰ বা গীতিকাৰই নহয়, তেওঁ আছিল একাধাৰে এজন বিশ্বনাগৰিক, বিপ্লৱী চিন্তাবিদ আৰু মানৱতাবাদৰ বাৰ্তাবাহক। ভূপেন হাজৰিকাৰ সমগ্ৰ জীৱন আৰু তেওঁৰ সৃষ্টিৰাজি আছিল যৌৱনৰ প্ৰাণোচ্ছলতাৰে পৰিপূৰ্ণ। তেওঁৰ গীত আৰু দৰ্শনত যি যুৱ-উদ্দীপক চেতনা প্ৰতিফলিত হৈছিল, সেয়া আজিও অসমৰ নবীন সমাজখনৰ বাবে এক অপৰিসীম প্ৰেৰণাৰ উৎস। আজিৰ প্ৰত্যাহ্বানমূলক সময়ত দিশহাৰা হ’ব খোজা অসমীয়া যুৱ প্ৰজন্মক সঠিক পথৰ সন্ধান দিবলৈ ভূপেনদাৰ এই উদ্দীপক চেতনাৰ প্ৰাসংগিকতা পূৰ্বতকৈ বহু গুণে বৃদ্ধি পাইছে।
ভূপেন হাজৰিকাৰ অন্তৰত থকা উদ্দীপক চেতনাৰ ভেটি গঢ়ি উঠিছিল ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ অগ্নিযুগত অতিবাহিত হোৱা তেওঁৰ শৈশৱতে। ১৯২৬ চনত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কৱলত ককবকাই থকা *তাহানিৰ* শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্ট (শদিয়া)ত জন্মগ্ৰহণ কৰা ভূপেনদাৰ শৈশৱৰ সময়ছোৱাতেই ভাৰতবৰ্ষত জাতীয় চেতনাৰ উদ্ৰেক ঘটিছিল।
শিক্ষক পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ ঘৰুৱা সাংস্কৃতিক পৰিৱেশেও তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছিল।
মাত্ৰ ৫ বছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলত গীত পৰিবেশন কৰি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীষ ধন্য হবলৈ সক্ষম হোৱা শিশু ভূপেন দাৰ মুখমণ্ডলত প্ৰস্ফুটিত হৈছিল তেজস্বী যুৱ উদ্যমৰ সুউজ্বল সপ্ৰতিভ আভা ।
ভূপেনদাই বাৰবছৰ বয়সতে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে যুগদ্ৰষ্টা পুৰুষৰ সান্নিধ্য লাভ কৰিছিল । জ্যোতি-বিষ্ণুৰ আদৰ্শই কিশোৰ ভূপেনৰ মনত সমাজ পৰিৱৰ্তনৰ বীজ ৰোপণ কৰিছিল আৰু জ্যোতি-বিষ্ণু-ভূপেনৰ এই মধুৰ ত্ৰিবেণী সংগমেই হৈ পৰিছিল “বিশ্ব বিজয় ন জোৱান” আৰু “অগ্নিযুগৰ ফিৰিঙতি মই, নতুন অসম গঢ়িম”ৰদৰে তৰুণ প্ৰাণসক্তিৰে প্ৰজ্বলিত কালজয়ী সৃষ্টিৰাজিৰ উৰ্বৰস্থলী।
ভূপেন দাই প্ৰজন্মক দি গৈছে হৃদয়স্পৰ্শী, মৰ্মস্পৰ্শী অৰ্থবহ দেশপ্ৰেমৰ প্ৰগাঢ় চিন্তা-চেতনা।
ডেকা শক্তিৰ মন-মগজুত ৰক্তৰঞ্জিত শাণিত অস্ত্র সদৃশ দেশপ্ৰেমৰ গীতেৰে ভূপেনদাই তীব্র আলোড়নৰ বীজ ৰোপণ কৰি গৈছিল ।
তেওঁৰ বিপ্লৱী কণ্ঠই দেশ জাতিৰ প্ৰতি থকা মমতাবোধ, দেশৰ মাটিৰ স’তে থকা আত্মিক সম্পর্ক, মানুহ আৰু সমাজ-সংস্কৃতিৰ প্ৰতি থকা দায়বদ্ধতা সোঁৱৰাই নৱপ্ৰজন্মক নৱদিগন্তৰ সন্ধানত আগুৱাই যাবলৈ প্ৰেৰণা যোগাইছিল।
তেওঁৰ সৃষ্টিত দৃশ্যমান হৈ উঠা সুজলা-সুফলা দেশৰ সেউজ সপ্ৰতিভ ধাননি পথাৰ , অসমৰ বুকু, হাবি-টিলা-পাহাৰ, শুভ্র নদ-নদীৰ পানীত বহ্নিমান থলগিৰীৰ ভাবাৱেগে যুৱপ্ৰজন্মৰ মন স্বদেশ স্বজাতিৰ প্ৰতি *মোহাচ্ছন্ন* কৰিবলৈ সক্ষম হৈছিল । গোষ্ঠীগত সংঘর্ষত তেওঁ চিন্তিত হৈছিল, বিচ্ছিন্নতাবাদৰ তেওঁ সম্পূৰ্ণ পৰিপন্থী আছিল আৰু কেৱল মাথো মানুহ হৈ,মানুহক ভালপোৱা, মানুহৰ বাবে চিন্তা কৰা কথাৰেই তেওঁ বাৰ্তা প্ৰেৰণ কৰি থৈ গৈছিল নিজৰ শিল্পত।
সমান্তৰাল ভাৱে “জিলিকাব লুইতৰে পাৰ” আৰু “দোলা হে দোলা “ৰ দৰে গীতেৰে তেওঁ নতুন প্ৰজন্মক ধ্বংসাত্মক প্ৰৱণতাৰ বিপৰীতে সৃষ্টিশীল আৰু সমাজ সংস্কাৰমুখী ভূমিকাত প্ৰাধান্য দিবলৈ সোঁৱৰায়।
শৈশৱ আৰু যৌৱন কালৰে পৰা ভূপেন হাজৰিকাই লাভ কৰা আন্তৰ্জাতিক অভিজ্ঞতাই তেওঁক এজন সংকীৰ্ণ মনোভাৱৰ আঞ্চলিকতাবাদী হোৱাৰ পৰা বিৰত ৰাখিছিল।
ভূপেন হাজৰিকাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ টাৰ্নিং পইণ্ট আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ যাত্ৰা আৰু এই যাত্ৰাই আছিল তেওঁৰ চিন্তাৰ বিশ্বায়নৰ আৰম্ভণি।
নিউয়ৰ্কৰ সেই সময়ছোৱাত তেওঁ লাভ কৰিছিল বিশ্ববিখ্যাত শিল্পী, বুদ্ধিজীৱী আৰু মানৱাধিকাৰ কৰ্মী পল ৰবছনৰ সান্নিধ্য। পল ৰবছনৰ ৰাজনৈতিক আৰু সামাজিক চেতনা, তেওঁৰ বিপ্লৱী কণ্ঠই যুৱক ভূপেন হাজৰিকাক গভীৰভাৱে আলোড়িত কৰিছিল। ৰবছনৰ বিখ্যাত গীত ” *Ol’ Man River* “-ৰ আৰ্হিত ভূপেনদাই সৃষ্টি কৰিলে অমৰ গীত “বিস্তীৰ্ণ পাৰৰে…”।
এই গীতটিৰ জৰিয়তে তেওঁ গংগা, ব্ৰহ্মপুত্ৰ আৰু মিচিচিপি নদীক একাকাৰ কৰি যুৱ প্ৰজন্মক নিজৰ থলুৱা পৰিচয় অক্ষুণ্ণ ৰাখিও সমগ্ৰ বিশ্বক সাৱটি লোৱাৰ মানসিকতা গঢ়িবলৈ শিকায়।
কলম্বিয়া বিশ্ববিদ্যালয়ৰ এই এক্সপ’জাৰে তেওঁক শিকাইছিল কেনেকৈ থলুৱা সমস্যাক বিশ্বজনীন প্ৰেক্ষাপটত ফঁহিয়াই চাব পাৰি। তেওঁ বুজি পাইছিল যে কেৱল পুথিগত বিদ্যাৰে সমাজ সলনি কৰিব নোৱাৰি, তাৰ বাবে লাগিব জ্ঞান,কলা আৰু সংস্কৃতিৰ সৰ্বাত্মক ব্যৱহাৰ।
আমেৰিকাৰ উপৰি তেওঁ ইউৰোপ, এছিয়া ইত্যাদিৰ বিভিন্ন দেশ ভ্ৰমণ কৰি বৰ্ণবাদ বিৰোধী আন্দোলন, শ্ৰমিক শ্ৰেণীৰ সংগ্ৰাম আদি অতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছিল।
এই গোলকীয় দৃষ্টিভংগীৰ বাবেই তেওঁ অসমলৈ উভতি আহি অসমীয়া সমাজখনক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সপোন দেখিবলৈ মন মেলিছিল। তেওঁ অসমৰ যুৱক-যুৱতীসকলক কেৱল নিজৰ গাঁও বা চহৰখনৰ মাজতে আৱদ্ধ নাথাকি বিশ্বজনীন চিন্তা কৰিবলৈ আহ্বান জনাইছিল। তেওঁৰ মতে, নিজৰ শিপাডাল টানকৈ খামুচি ধৰি *গগণচুম্বী অধ্যৱসায়ত* অহৰহ ব্ৰতী হৈ থকাটোৱে যুবশক্তিৰ মূল লক্ষ্য আৰু উদ্দেশ্য হোৱা উচিত ।
বৰ্তমান একবিংশ শতিকাৰ অসমৰ নবীন সমাজখন এক জটিল সন্ধিক্ষণত থিয় দিছে। এফালে গোলকীকৰণৰ ফলত অহা আধুনিক প্ৰযুক্তি আৰু বিশাল সুযোগ, আনফালে নিবনুৱা সমস্যা, পৰিচয়ৰ সংকট, আৰু একাংশ যুৱক-যুৱতীৰ মাজত দেখা দিয়া হতাশা আৰু অপসংস্কৃতিৰ প্ৰভাৱ। এনে এক সময়ত ভূপেন হাজৰিকাৰ যুৱ উদ্দীপক চেতনা অসমৰ নবীন সমাজৰ বাবে এক আলোকস্তম্ভ সদৃশ।
” *মহাবাহু ব্ৰহ্মপুত্ৰ মহা মিলনৰ তীৰ্থ”* আৰু ” *অ’ ডেকাগাভৰু”* ৰ দৰে গীতসমূহত তেওঁ যুৱ শক্তিক কৰ্মমুখী হ’বলৈ প্ৰেৰণা যোগাইছিল।
” *অ’ ডেকাগাভৰু* *দল, তোমালোকৰ বাহুতে আছে*
*অযুত হাতীৰ বল…”* গীতৰ কথাৰে
তেওঁ যুৱ সমাজক নিজৰ শক্তি হৃদয়ংগম কৰি ,আলস্য পৰিহাৰ কৰি, হালৰ মুঠিত ধৰিবলৈ, কল-কাৰখানা গঢ়িবলৈ আৰু সৃষ্টিশীল কৰ্মত আত্মনিয়োগ কৰিবলৈ বাৰে বাৰে আহ্বান জনাইছিল।
ভূপেন দাৰ সংগীতে বয়স, সময়, স্থান আৰু জাতি-ধৰ্মৰো বাধা চেৰাই এক সাৰ্বজনীন জনপ্ৰিয়তা লাভ কৰিছিল।
মহাপুৰুষ শংকৰদেৱৰ মানৱী ধৰ্ম, বীৰ লচিতৰ অদম্য সাহস আৰু অসমৰ মুক্তিযুঁজাৰু সকলৰ কালজয়ী পৰাক্ৰম তেওঁৰ গীতত অনুৰণিত হৈ আছে ৷
*ভূপেন ককা*ৰ সৃষ্টিৰ সমহাৰত দেশ-জাতিৰ ভৱিষ্যতৰ কাণ্ডাৰী, সভ্যতা-সংস্কৃতিৰ গুৰিয়াল ,শিশু সকলৰ বাবেও আছিল বিশেষ উপহাৰ।
*শিশুৰ কোমল মনত ভূপেন ককাই এক গধুৰ দায়বদ্ধতা সিঁচি থৈ গৈছিল।* দেশৰ সুৰক্ষা আৰু অখণ্ডতাৰ প্ৰতি থকা দায়িত্বৰ কথা শিশু সকলক অৱগত কৰি তেওঁ গাইছিল…
“ডাঙৰে দেশ ভাঙে যদি..
আমি কৰিম কাম এটি..
একেলগে চবেই মিলি
সজাম দেশৰ ঘৰটি”..
জন্মভূমিৰ দুখ দেখি তেওঁ মৰ্মাহত হৈ পৰিছিল।ব’মডিলালৈ গৈ মৃত সৈনিক জোৱানক দেখি তেওঁৰ অন্তৰ কান্দি উঠিছিল…
“কত জোৱানৰ মৃত্যু হ’ল” …দেশৰ জোৱানৰ ত্যাগৰ প্ৰতি তেখেতৰ হৃদয়স্পৰ্শী অশ্ৰু-অঞ্জলি।
*বিশ্ব পৰিব্ৰাজক,সমাজ দাৰ্শনিক ডঃ ভূপেন হাজৰিকা আছিল এজন দুৰ্দান্ত প্ৰেমিক।* প্ৰেমৰ তেওঁৰ জীৱনত ভিন্ন স্বৰূপ।নৰ-নাৰীৰ মৰম-পিয়াসী প্ৰেমৰ উপৰিও সমাজ প্ৰেম,মানৱ প্ৰেম, দেশ প্ৰেম, জাতিপ্ৰেম,প্ৰকৃতি প্ৰেম, সংগীতৰ প্ৰেম আদি প্ৰেমৰ বিভিন্ন ৰূপ আৰু আত্মপ্ৰকাশে তেওঁৰ জীৱন সমৃদ্ধ কৰি ৰাখিছিল।আৰু সেয়ে তেওঁ গাইছিল …”প্ৰেম হেনো স্বৰ্গীয় মৰততে নাই”।
এই প্ৰেমৰ অনুভূতিৰেই তেওঁ এনে এখন পৃথিৱীৰ কল্পনা কৰিছিল ” *যত সোণতকৈ মানুহৰ দাম অলপ হলেও বেছি* “। ডেকা প্ৰজন্মক ‘বস্তুবাদী’ প্ৰৱণতাৰ বিপৰীতে ‘প্ৰেম’,’ভালপোৱা’, ‘বিৰহ’,’বেদনা’ ‘প্ৰাপ্তি’ আৰু ‘অপ্ৰাপ্তিৰ’ সাৰমৰ্ম বুজাই তেওঁ গাইছিল…….
” *আকাশী গঙ্গা বিচৰা নাই* …
… *নাই বিচৰা স্বৰ্ণ অলংকাৰ* …
*নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত*
*বিচাৰো মৰমৰ মাত এষাৰ….*
ড০ হাজৰিকাৰ এনে কালজয়ী সৃষ্টিয়ে বৈষয়িক সুখ আৰু ঐশ্বৰ্যৰ ঊৰ্ধ্বত মানৱীয় সম্পৰ্ক আৰু আৱেগিক বুজাবুজিৰ গুৰুত্বক বৰ্ণাই ব্যস্ততা আৰু *বাহ্যিকতা* পূৰ্ণ পৃথিৱীত আজিৰ প্ৰজন্মক ধন-সম্পদৰ পিছত দৌৰাৰ পৰিৱৰ্তে পৰস্পৰৰ প্ৰতি থকা সঁহাৰি আৰু আন্তৰিক মৰমক গুৰুত্ব দিবলৈ বুজাই গ‘ল।
*অসমীয়াৰ বুকু শুদা কৰি ভূপেন দা গলগৈ।*
ভূপেন দাৰ মৃত্যুৰ লগে-লগে অৱসান ঘটিল এটি গীতৰ.. এটা যুগৰ। অমৰজ্যোতি চৌধুৰীৰ কলমেৰে নিগৰি আহিল..
‘এটা গান শেষ হ’ল
যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি….সেই গান শেষ হ’ল‘…
কিন্তু এই মৃত্যুত মৰ্মাহত,শোকত ম্ৰিয়মান জাতিক নৱপ্ৰজন্মই ধৰি ৰাখিব লাগিব । যুৱশক্তিয়ে মনত ৰাখিব লাগিব যে ২০১১ চনৰ অভিশপ্ত ৫ নৱেম্বৰৰ দিনা অশ্ৰুসিক্ত নয়নেৰে ভূপেন দাৰ দৈহিক উপস্হিতিক বিদায় দিয়া জাতিয়ে তেওঁক জীয়াই ৰাখিব লাগিব তেওঁ সোঁৱৰাই থৈ যোৱা কৰ্মৰ জৰিয়তে। অসমৰ ডেকা গাভৰুৱে তেওঁ প্ৰাণসঞ্চাৰিত কৰি থৈ যোৱা যুৱ উদ্দীপক চেতনাক অনুভৱ কৰিব লাগিব,অনুধাবন কৰিব লাগিব।
ভূপেন দাৰ অৱৰ্তমানত তেওঁৰ প্ৰচেষ্টাৰ পূৰ্ণতাই হব যুৱপ্ৰজন্মই তেওঁক দিয়া প্ৰকৃত শ্ৰদ্ধাঞ্জলি।
লেখিকাৰ ফোন : ৮৬৩৮৯৩৯৬১৭





