ভিডিঅ’কন ইণ্ডাষ্ট্ৰীজৰ প্ৰাক্তন প্ৰমোটাৰ-ডাইৰেক্টৰ ভেনুগোপাল নন্দলাল ধূতক মুম্বাইৰ ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণে (এনচিএলটি)দেউলীয়া ঘোষণা কৰিছে। অভিযোগ অনুসৰি ভিডিঅ’কনে ভাৰতীয় ষ্টেট বেংকৰ পৰা ১২ হাজাৰ কোটিতকৈ অধিক টকাৰ ঋণ লৈ সেই ঋণ পৰিশোধ কৰা নাই।
ৰাষ্ট্ৰীয়কৃত বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই ধূতৰ পৰা বাকী থকা ঋণৰ ধন আদায়ৰ বাবে এনচিএলটিৰ কাষ চাপিছিল। এছ বি আইয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত এই ঘোষণা কৰা হৈছে। ভিডিঅ’কনৰ হৈ লোৱা ঋণৰ ব্যক্তিগত নিশ্চয়তা (গেৰান্টি) দিছিল বেনুগোপালে। ঋণ পৰিশোধ নকৰাৰ বাবে তেওঁৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
অভিযোগ অনুসৰি ভিডিঅ’কন ইণ্ডাষ্ট্ৰীজৰ বাবে এছ বি আই আৰু ইয়াৰ সহযোগী বেংকৰ পৰা ঋণ লোৱাৰ সময়ত ধূতে ব্যক্তিগত নিশ্চয়তা দিছিল। কিন্তু নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁ ঋণ পৰিশোধ নকৰিলে। ফলত ভিডিঅ’কনৰ প্ৰাক্তন অধ্যক্ষগৰাকীক ডিফল্টাৰ হিচাপে চিনাক্ত কৰা হয়।
বেংকৰ হিচাপ অনুসৰি ৩০ ছেপ্টেম্বৰ পৰ্যন্ত জৰিমনা আৰু সুতকে ধৰি ধূতৰ মুঠ বাকী থকা ধনৰাশি ১২,৬৬৮ কোটি টকা। ইয়াৰে ২০১২ চনত লোৱা ১ কোটি টকাৰ টাৰ্ম লোনত ৯,৩২২ কোটি টকা পৰিশোধ কৰিব লাগিব।
ইয়াৰ উপৰিও ভিডিঅ’কন টেলিকমিউনিকেশ্যনে লোৱা ঋণত ১,৪৩৮ কোটি টকা আৰু ৱৰ্কিং কেপিটেলৰ বাবে লোৱা ঋণত ১৯০৮ কোটি টকা বাকী আছে। এছ বি আইৰ দাবী যে এই তিনিবিধ ঋণতে বেনুগোপাল ধূত ব্যক্তিগত নিশ্চয়তাকাৰী বা গেৰান্টাৰ আছিল। ফলত যিহেতু ঋণ পৰিশোধ নহ’ল, সেয়েহে ঋণৰ বাবে তেওঁ ব্যক্তিগতভাৱে দায়বদ্ধ।
এনচিএলটিৰ নিৰ্দেশত ধূতৰ বিৰুদ্ধে দেউলীয়া প্ৰক্ৰিয়া পৰিচালনাৰ বাবে এজন ‘ইনছলভেন্সি ট্ৰাষ্টী’ বা দেউলীয়া ট্ৰাষ্ট্ৰিক নিযুক্তি দিছে। তেওঁক ৰাজহুৱা জাননী জাৰি কৰি ধূতৰ ওচৰত যিসকলৰ পাবলগীয়া আছে তেওঁলোকৰ দাবীৰ কথা জনাবলৈ কোৱা হ’ব। তদুপৰি, দেউলীয়া প্ৰ্কৰিয়াৰ নিয়ম মানি ধূতৰ সম্পত্তি চিনাক্ত কৰি ঋণদাতাসকলৰ মাজত বিতৰণ কৰা হ’ব জানিব পৰা গৈছে।


