• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘ই-২০ এতিয়া ৪২০ লৈ পৰিণত হৈছে!’ মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2026 3:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেট্ৰ’লত নিৰ্ধাৰিত ২০ শতাংশতকৈ অধিক ইথানল মিহলোৱাৰ অভিযোগক কেন্দ্ৰ কৰি পুনৰ কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি লৈছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। কৰ্ণাটকৰ সাতখন জিলাৰ পৰা সংগ্ৰহ কৰা পেট্ৰ’লৰ নমুনা পৰীক্ষা কৰি নিৰ্ধাৰিত সীমাতকৈ অধিক ইথানলৰ উপস্থিতি ধৰা পৰাৰ দাবী কৰিছে তেওঁ। শনিবাৰে সামাজিক মাধ্যমত এটা পোষ্ট কৰি ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে স্বীকৃতিপ্ৰাপ্ত গৱেষণাগাৰত পৰীক্ষা কৰা ১৪টা নমুনাৰ ভিতৰত ১১টাতেই নিৰ্ধাৰিত মাত্ৰাতকৈ অধিক ইথানল পোৱা গৈছে।

কেন্দ্ৰীয় চৰকাৰৰ ইথানল মিহলোৱা নীতিক সমালোচনা কৰি ৰাহুল গান্ধীয়ে লিখিছে, “ই-২০ এতিয়া ৪২০ত পৰিণত হৈছে! সাধাৰণ মানুহৰ গাড়ীত ভৰোৱা পেট্ৰ’লৰ নামত পোনপটীয়াকৈ লুণ্ঠন চলিছে।” চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ তেল বিপণনকাৰী সংস্থাই নিৰ্ধাৰিত সীমা উলংঘা কৰা বুলি অভিযোগ কৰে বিৰোধী দলপতিগৰাকীয়ে। লগতে সংস্থাসমূহৰ নিজা গৱেষণাগাৰত প্ৰকৃত তথ্য কিয় প্ৰকাশ কৰা হোৱা নাই, তাক লৈও প্ৰশ্ন উত্থাপন কৰে তেওঁ।

Apply Now

ৰাহুল গান্ধীয়ে প্ৰকাশ কৰা পৰীক্ষাগাৰৰ প্ৰতিবেদন অনুসৰি, ইণ্ডিয়ান অইল কৰ্প’ৰেচন আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডৰ সংগ্ৰহ কৰা নমুনাত ইথানলৰ পৰিমাণ ক্ৰমে ৩১.২ শতাংশ আৰু ৩০.৫ শতাংশ পৰ্যন্ত পোৱা গৈছে। ভাৰত পেট্ৰ’লিয়াম, নায়াৰা এনাৰ্জী আৰু শ্বেলৰ দৰে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ পেট্ৰ’ল পাম্পৰ পৰাও নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছিল।

কৰ্ণাটকৰ বেংগালুৰু, কোলাৰ, চিক্কাবল্লাপুৰা, বেংগালুৰু গ্ৰাম্য, ৰামনগৰা, মাংগালুৰু আৰু তুমাকুৰু জিলাৰ বিভিন্ন স্থানৰ পৰা এই নমুনাসমূহ সংগ্ৰহ কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰি ৰাহুল গান্ধীয়ে কয়, “দেশবাসীৰ গাড়ীৰ টেংকিত প্ৰকৃততে কি ভৰোৱা হৈছে? নিৰ্ধাৰিত ২০ শতাংশতকৈ অধিক ইথানল মিহলোৱা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে কেতিয়া ব্যৱস্থা গ্ৰহণ কৰা হ’ব?” প্ৰধানমন্ত্ৰীৰ সৈতে বিতৰ্কৰ বাবে তেওঁ পূৰ্বে জনোৱা মুকলি প্ৰত্যাহ্বানৰ কথাও পুনৰ উল্লেখ কৰে ৰাহুলে। এইবাৰ সেই বিতৰ্কত চৰকাৰৰ নীতিৰ পৰা প্ৰকৃততে কোনে লাভৱান হৈছে, সেই প্ৰশ্নও উত্থাপন কৰিব বুলি মন্তব্য কৰে তেওঁ।

উল্লেখ্য যে কৰ্ণাটকৰ সাতখন জিলাৰ পৰা ইণ্ডিয়ান অইল, হিন্দুস্তান পেট্ৰ’লিয়াম, ভাৰত পেট্ৰ’লিয়াম, নায়াৰা আৰু শ্বেলৰ পেট্ৰ’ল পাম্পৰ পৰা মুঠ ৬৩টা নমুনা সংগ্ৰহ কৰা হৈছিল। প্ৰথমে এই নমুনাসমূহ সংশ্লিষ্ট তেল বিপণনকাৰী প্ৰতিষ্ঠানসমূহৰ নিজা গৱেষণাগাৰলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। প্ৰতিটো নমুনাত ইথানলৰ পৰিমাণ কিমান, সেয়া জানিব বিচৰা হৈছিল যদিও প্ৰতিষ্ঠানসমূহৰ পৰা স্পষ্ট তথ্য নোপোৱাত সন্দেহৰ সৃষ্টি হয় কৰ্ণাটক চৰকাৰৰ।

ইয়াৰ পাছতে নমুনাসমূহ বেংগালুৰুস্থিত শ্ৰীৰাম গৱেষণা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয়। ৰাষ্ট্ৰীয় পৰীক্ষাগাৰ স্বীকৃতি পৰিষদৰ স্বীকৃতিপ্ৰাপ্ত এই প্ৰতিষ্ঠানৰ পৰীক্ষাতেই নিৰ্ধাৰিত ২০ শতাংশ সীমাতকৈ অধিক ইথানলৰ উপস্থিতি ধৰা পৰে বুলি দাবী কৰা হৈছে।

এই ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ক্ষতিপূৰণৰ পুঁজি গঠনৰ দাবী জনাইছে কৰ্ণাটকৰ খাদ্য, নাগৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰিজৱান আৰশ্বাদে। তেওঁৰ মতে, পেট্ৰ’লত অতিৰিক্ত ইথানল মিহলোৱাৰ ফলত গাড়ীৰ মাইলেজ হ্ৰাস পালে বা মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ খৰচ বৃদ্ধি পালে তাৰ বোজা গ্ৰাহকৰ ওপৰত জাপি দিব নোৱাৰি। এই ক্ষতিৰ দায়িত্ব সংশ্লিষ্ট প্ৰতিষ্ঠান আৰু চৰকাৰেই বহন কৰিব লাগে বুলি দাবী জনাইছে মন্ত্ৰীগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ই-২০ এতিয়া ৪২০ লৈ পৰিণত হৈছে!’ মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘ই-২০ এতিয়া ৪২০ লৈ পৰিণত হৈছে!’ মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

November 7, 2026 3:45 pm
লৰেন্স বিষ্ণৈ গেংৰ দুৰ্ধৰ্ষ অপৰাধী আমেৰিকাত আটক! চলমান খানক ভাবুকি দিয়াৰ পাছত কিদৰে পৰিল জালত?

লৰেন্স বিষ্ণৈ গেংৰ দুৰ্ধৰ্ষ অপৰাধী আমেৰিকাত আটক! চলমান খানক ভাবুকি দিয়াৰ পাছত কিদৰে পৰিল জালত?

November 7, 2026 3:21 pm
হায়দৰাবাদৰ হোটেলত অঘটন, উদ্ধাৰ আমেৰিকান ব্যৱসায়ীৰ মৃতদেহ; মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য!

হায়দৰাবাদৰ হোটেলত অঘটন, উদ্ধাৰ আমেৰিকান ব্যৱসায়ীৰ মৃতদেহ; মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য!

November 7, 2026 1:34 pm
অনাদায়ী ঋণ ১২,৬৬৮ কোটি টকা; ভিডিঅ’কনৰ প্রাক্তন অধ্যক্ষ বেনুগোপালক দেউলীয়া ঘোষণা

অনাদায়ী ঋণ ১২,৬৬৮ কোটি টকা; ভিডিঅ’কনৰ প্রাক্তন অধ্যক্ষ বেনুগোপালক দেউলীয়া ঘোষণা

November 7, 2026 12:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ই-২০ এতিয়া ৪২০ লৈ পৰিণত হৈছে!’ মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘ই-২০ এতিয়া ৪২০ লৈ পৰিণত হৈছে!’ মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

November 7, 2026 3:45 pm
লৰেন্স বিষ্ণৈ গেংৰ দুৰ্ধৰ্ষ অপৰাধী আমেৰিকাত আটক! চলমান খানক ভাবুকি দিয়াৰ পাছত কিদৰে পৰিল জালত?

লৰেন্স বিষ্ণৈ গেংৰ দুৰ্ধৰ্ষ অপৰাধী আমেৰিকাত আটক! চলমান খানক ভাবুকি দিয়াৰ পাছত কিদৰে পৰিল জালত?

November 7, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd