ছুইজাৰলেণ্ডৰ ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান নভাৰ্টিছৰ দ্বাৰা প্ৰস্তুত কৰা জিন থেৰাপী ‘জোলজেনছমা’ৰ সৈতে কেন্সাৰৰ সম্ভাৱ্য বিপদাশংকা জড়িত থকা বুলি আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে। স্পাইনেল মাচকুলাৰ এট্ৰফি নামৰ বিৰল জিনীয় ৰোগত আক্ৰান্ত হৈ এই চিকিৎসা গ্ৰহণ কৰা একাধিক ৰোগীৰ দেহত টিউমাৰ ধৰা পৰাৰ পাছতে কোম্পানীটোৱে দিয়া প্ৰতিবেদনৰ ভিত্তিত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত দুবছৰৰ অনুৰ্ধৰ দুটা শিশুৰ শৰীৰত পোৱা টিউমাৰৰ সৈতে এই থেৰাপীৰ প্ৰত্যক্ষ সম্পৰ্ক থকাৰ প্ৰমাণ পোৱা গৈছে বুলি তদন্তকাৰীয়ে জানিবলৈ দিছে।
উল্লেখ্য যে, স্পাইনেল মাচকুলাৰ এট্ৰফি হৈছে এবিধ বিৰল জিনীয় ৰোগ যিয়ে ক্ৰমান্বয়ে ৰোগীৰ পেশীসমূহ দুৰ্বল কৰি পেলায়। জোলজেনছমা হৈছে দুবছৰৰ অনুৰ্ধৰ শিশুৰ বাবে প্ৰয়োগ কৰা এবিধ এককালীন চিকিৎসা পদ্ধতি। ২০১৯ চনত ইয়াৰ অনুমোদন পোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে ৬,০০০-ৰো অধিক ৰোগীয়ে এই চিকিৎসা গ্ৰহণ কৰিছে।
যোৱা ৬ নৱেম্বৰত এফ ডি এই প্ৰকাশ কৰা এক নিৰাপত্তা ব্যৱস্থাৰ উন্নীতকৰণ অনুসৰি, তেওঁলোকে কেন্সাৰকে ধৰি টিউমাৰ গঠন হোৱা বা নিঅ’প্লাছিয়াৰ বহুকেইটা প্ৰতিবেদন লাভ কৰিছিল। এই সমগ্ৰ প্ৰক্ৰিয়াটোক ‘ইনচাৰচনেল অংকোঝেনেছিছ’ বুলি কোৱা হয়, য’ত জিন থেৰাপীৰ জৰিয়তে প্ৰৱেশ কৰোৱা জিনীয় পদাৰ্থ ৰোগীৰ ডি এন এৰ অংশ হৈ পৰে আৰু কোষৰ অস্বাভাৱিক বৃদ্ধি ঘটায়।
দুটা ক্ষেত্ৰত টিউমাৰৰ টিছু পৰীক্ষা কৰাৰ পিছত দেখা গৈছে যে চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ভাইৰেল ভেক্টৰৰ ডি এন এ ৰোগীৰ জিনৰ GLI1 নামৰ এটা স্থানত প্ৰৱেশ কৰিছে, যিয়ে সক্ৰিয় হ’লে কেন্সাৰ সৃষ্টি কৰিব পাৰে। এফ ডি এই জানিবলৈ দিয়া মতে, তেওঁলোকে GLI1-ৰ সৈতে সম্পৰ্ক থকা তৃতীয়টো টিউমাৰৰো তদন্ত কৰি আছে। এই টিউমাৰসমূহ ৰোগীৰ মগজু, স্নায়ু, মেৰুদণ্ড আৰু বৃক্কৰ চাৰিওকাষে ধৰা পৰিছে। এই সন্দৰ্ভত কোনো নিয়ন্ত্ৰণমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে নেকি, সেই বিষয়ে বৰ্তমান সংস্থাটোৱে বিবেচনা কৰি আছে।
এই উদ্বেগজনক তথ্য পোহৰলৈ অহাৰ পিছতো এফ ডি এই স্পষ্ট কৰি দিছে যে অনুমোদিত ব্যৱহাৰৰ ক্ষেত্ৰত জোলজেনছমা আৰু নভাৰ্টিছৰ আনবিধ এছ এম এ জিন থেৰাপী ‘ইটভিছমা’ৰ সাম্ভাব্য বিপদাশংকাতকৈ ইয়াৰ উপকাৰিতাই অধিক। উল্লেখ্য যে, দুয়োবিধ থেৰাপীতে একেই ভাইৰেল ভেক্টৰ আৰু জিনীয় পদাৰ্থ ব্যৱহাৰ কৰা হয় যদিও দুয়োটাৰ প্ৰয়োগৰ প্ৰক্ৰিয়া বেলেগ। বৰ্তমানলৈকে ইটভিছমা চিকিৎসাৰ পিছত কোনো টিউমাৰৰ খবৰ পোৱা হোৱা নাই। নভাৰ্টিছে এক বিবৃতিত কয়, “ৰোগীৰ সুৰক্ষাই আমাৰ প্ৰথম অগ্ৰাধিকাৰ।” লগতে তেওঁলোকে প্ৰকাশ কৰে যে জোলজেনছমাৰ অনুমোদনৰ পিছৰে পৰা তেওঁলোকে ৯টা টিউমাৰৰ প্ৰতিবেদন লাভ কৰিছে।
এই খবৰ বিয়পি পৰাৰ পিছতে বহু পৰিয়াল আৰু ৰোগীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই তথ্য কিয় আগতে ৰাজহুৱা কৰা হোৱা নাছিল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এছ এম এ ইউৰোপ নামৰ ৰোগীৰ এটা গোটৰ তৰফৰ পৰা নভাৰ্টিছক এই সমগ্ৰ বিষয়টো স্পষ্টভাৱে বুজাই দিবলৈ আহ্বান জনাইছে। বৰ্তমানলৈ জোলজেনছমাৰ জৰিয়তে চিকিৎসাধীন শিশুৰ অভিভাৱকসকলক নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে চিকিৎসালয়ৰ সৈতে যোগাযোগ ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।





