কংগ্ৰেছ দলৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে নৰেন্দ্ৰ মোডী চৰকাৰৰ ওপৰত দেশৰ গণতান্ত্ৰিক পৰিকাঠামো বিনষ্ট কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে বিজেপিয়ে ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজেপিয়ে ছোনিয়া গান্ধীক ‘ইটালিয়ান চশমা’ খুলি যোৱা ১২ বছৰত ভাৰতৰ উন্নয়ন আৰু প্ৰগতি প্ৰত্যক্ষ কৰিবলৈ পৰামৰ্শ দিছে।
ছোনিয়া গান্ধীৰ অভিযোগৰ উত্তৰ দি বিজেপিৰ ৰাজ্যসভাৰ সাংসদ তৰুণ চুঘে কয় যে যদি তেওঁ ‘ইটালিয়ান চশমা’যোৰ খুলি পেলায়, তেন্তে তেওঁ ভাৰতৰ প্ৰকৃত ছবিখন দেখা পাব। চুঘৰ মতে, চশমাযোৰ খুলিলেহে তেওঁ ‘সবকা সাথ, সবকা বিকাশ, সবকা প্ৰয়াস’ আৰু ৭.৮ শতাংশ জি ডি পি হাৰৰ সৈতে ভাৰত বিশ্বৰ এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে থিয় দিয়াটো দেখিবলৈ পাব।
ইয়াৰ লগতে, বিজেপিয়ে কংগ্ৰেছ দলৰ বিৰুদ্ধে জাতি, ধৰ্ম আৰু ভোটবেংকৰ ৰাজনীতিৰে দেশক বিভাজন কৰাৰ অভিযোগো উত্থাপন কৰে। কেৱল সেয়াই নহয়, জৰুৰীকালীন অৱস্থাৰ প্ৰসংগ আৰু ছোনিয়া গান্ধীৰ আগন্তুক আত্মজীৱনী ‘বিলেনগিং- এ জাৰ্নি অৱ লাভ’ সন্দৰ্ভতো তীব্ৰ কটাক্ষ কৰে গেৰুৱা দলটোৱে।
বিজেপিয়ে দাবী কৰিছে যে ছোনিয়া গান্ধীয়ে তেওঁৰ আত্মজীৱনীত কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা কেলেংকাৰী, ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষ আৰু ভূপাল গেছ দুৰ্ঘটনাৰ কথাও উল্লেখ কৰা উচিত। বৰ্তমান ছোনিয়া গান্ধীৰ মন্তব্য আৰু বিজেপিৰ এই প্ৰত্যুত্তৰে দেশৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা লাভ কৰিছে।





