গুৱাহাটী ক্ৰীড়া সন্থা আৰু জিলা ক্ৰীড়া সন্থাসমূহৰ উদ্যোগত তথা অসম ক্ৰিকেট সন্থাৰ সহযোগত ৰাজ্যজুৰি চলি থকা ৭১সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাই এতিয়া ক্ৰীড়াপ্ৰেমীৰ মাজত তীব্ৰ উৎকণ্ঠা সৃষ্টি কৰিছে। ৮ নৱেম্বৰ দেওবাৰে অনুষ্ঠিত নগাঁও জিলা পৰ্যায়ৰ চূড়ান্ত খেলখনত নগাঁও টাউন ক্লাবক পৰাস্ত কৰি উদয় ক্লাবে জিলা চেম্পিয়নৰ খিতাপ দখল কৰে।
প্ৰতিযোগিতাৰ সঞ্চালক পৰেশ চন্দ্ৰ দাসে জানিবলৈ দিয়া মতে, নগাঁও জিলা পৰ্যায়ৰ ফাইনেল মেচখনত উদয় ক্লাবে তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলৰ অন্তত ৩-২ গ’লৰ ব্যৱধানত নগাঁও টাউন ক্লাবক ধৰাশায়ী কৰে। এই বিজয়ৰ লগে লগে উদয় ক্লাবে নগাঁও জিলাৰ চেম্পিয়ন হিচাপে বৰদলৈ ট্ৰফীৰ পৰৱৰ্তী ‘ক্লাষ্টাৰ ৩’ ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিছে। উল্লেখ্য যে, এই ক্লাষ্টাৰ ৩-ত নগাঁও, গোলাঘাট, হোজাই আৰু মৰিগাঁও জিলা অন্তৰ্ভুক্ত হৈ আছে।
আনহাতে, দেওবাৰে তিনিচুকীয়া জিলা পৰ্যায়ৰ দুখনকৈ ছেমি-ফাইনেল মেচ অনুষ্ঠিত হয়। প্ৰথমখন ছেমি-ফাইনেলত পুৰণি মটাপুং এফ চিয়ে ৰাইজিং ষ্টাৰ এফ চিক ৪-১ গ’লৰ বৃহৎ ব্যৱধানত বিধ্বস্ত কৰে। একেদৰে, দ্বিতীয়খন ছেমি-ফাইনেলত গোন্ধীয়া এছ এ (Gondhia SA) দলে ৩-২ গ’লত বাৰেখুৰি আৰ এছ এ-ক (BAREKURI RSA) পৰাস্ত কৰি ফাইনেলৰ টিকট নিশ্চিত কৰে।
তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ (TDSA) খেলপথাৰত আজি অৰ্থাৎ ৯ নৱেম্বৰত জিলাখনৰ ফাইনেল মেচখন অনুষ্ঠিত হ’ব,য’ত পুৰণি মটাপুং এফ চি আৰু গোন্ধীয়া এছ এ দলে খিতাপৰ বাবে যুঁজ দিব। তিনিচুকীয়া, চৰাইদেউ, মাজুলী, যোৰহাট, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাক সামৰি গঠিত ‘ক্লাষ্টাৰ ১’-ৰ পৰৱৰ্তী পৰ্যায়লৈ যোগ্যতা অৰ্জনৰ বাবে আজিৰ এই মেচখন দুয়োটা দলৰ বাবেই অতিকৈ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।


