• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বায়ু প্ৰদূষণত বিশ্ব অভিলেখ ভাৰতৰ! দীপাৱলীৰ পিছত বিশ্বৰ ১০০খন প্ৰদূষিত চহৰৰ ৯৯খনেই এই দেশৰ; কি অৱস্থা গুৱাহাটীৰ?

দেওবাৰে সন্ধিয়া দীপাৱলী উদযাপনৰ গতি বৃদ্ধি পোৱাৰ লগে লগে গুৱাহাটীৰ বায়ুৰ গুণাগুণৰ তীব্ৰ অৱনতি ঘটিছিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2026 2:53 pm
প্ৰতিনিধিত্বমূলক ফাইল ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীপাৱলীৰ পিছদিনা ৰাতিপুৱা এক ভয়ংকৰ ধোঁৱাৰ আৱৰণে আৱৰি ধৰিলে সমগ্ৰ উত্তৰ ভাৰত। ফটকাৰ ধোঁৱা আৰু খেতিপথাৰৰ নৰা পোৰাৰ ধোঁৱাৰ ফলত মহানগৰ আৰু উপকণ্ঠ অঞ্চলৰ বতাহ বিষাক্ত হৈ পৰিছে। সোমবাৰে পুৱা বিশ্বৰ ১০০খন প্ৰদূষিত চহৰৰ ভিতৰত ৯৯খন চহৰেই ভাৰতৰ আছিল। এনে তথ্য প্ৰকাশ কৰিছে বায়ুৰ গুণাগুণ নিৰীক্ষণ সংস্থা ‘AQI.in’য়ে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা ৮:৩০ বজাত বুলেটিনত কোৱা হৈছে যে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত পঞ্জাৱৰ বাথিণ্ডা অঞ্চলে ৮১৬ একিউআইৰে শীৰ্ষ স্থান দখল কৰিছে। দ্বিতীয় স্থানত আছে ফৰিদকোট, এএকিউআই ৮০৪। হাৰিয়ানাৰ ৰেৱাৰী (৬৯৬) আৰু ৰাজস্থানৰ শ্ৰীগংগানগৰ (৬৮৯) ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থানত আছে। তাৰ পিছতে ৰাজধানী নতুন দিল্লী, যাৰ AQI ৬৩৫। প্ৰকাশিত তালিকাত দেশৰ বাহিৰৰ একমাত্ৰ চহৰখন হৈছে পাকিস্তানৰ লাহোৰ (৪৬৬) ১৫ নম্বৰত।

গুৱাহাটীত কি অৱস্থা?

তথ্য অনুসৰি দীপাৱলীৰ নিশা গুৱাহাটীত বায়ু প্ৰদূষণ তীব্ৰতৰ হৈ পৰিছিল, ৮ নৱেম্বৰ দেওবাৰে নিশা প্ৰায় ৯:০১ বজাত বায়ুৰ গুণাগুণ সূচকাংক (AQI) ৪০০ত উপনীত হৈছে।

Apply Now

দেওবাৰে সন্ধিয়া দীপাৱলী উদযাপনৰ গতি বৃদ্ধি পোৱাৰ লগে লগে গুৱাহাটীৰ বায়ুৰ গুণাগুণৰ তীব্ৰ অৱনতি ঘটিছিল। মহোৎসৱৰ সময়ত ব্যাপক ফটকা বিস্ফোৰণৰ লগত সংগতি ৰাখি দিনৰ প্ৰায় ২:০১ বজাত ৮৭ৰ পৰা ৯:০১ বজাত ৪০০লৈ বৃদ্ধি পায়।

সন্ধিয়াৰ উদযাপনৰ সময়ত প্ৰদূষণৰ মাত্ৰা তীব্ৰভাৱে বৃদ্ধি পোৱাটোৱে চহৰৰ বায়ুৰ গুণাগুণৰ ওপৰত ব্যাপক ফটকা ব্যৱহাৰে কি প্ৰভাৱ পেলাব পাৰে সেই কথাকে সূচায়।

৯ নৱেম্বৰ সোমবাৰৰ পুৱাৰ ভাগত ৰেকৰ্ড কৰা ৰিডিঙতো এই অৱনতিৰ প্ৰতিফলন ঘটিছে। যদিও একিউআই নিশাৰ তীব্ৰতাৰ পৰা হ্ৰাস পাইছিল, তথাপিও ই উচ্চ স্তৰতে হৈয়েই আছিল, ৰাতিপুৱা কেইবাটাও স্থানত সূচকাংক প্ৰায় ১৫০ৰ পৰা ১৭৫ৰ ভিতৰত উঠা-নমা কৰিছিল।

পুৱা ৮:৩০ বজাত পোৱা পৰিসংখ্যা অনুসৰি বিশ্বৰ শীৰ্ষ দহখন প্ৰদূষিত চহৰ হ’ল-

১) বাথিণ্ডা (পাঞ্জাব): ৮১৬

২) ফৰিদকোট (পাঞ্জাব): ৮০৪

৩/ ৰেৱাৰী (হাৰিয়ানা): ৬৯৬

৪) শ্ৰীগংগানগৰ (ৰাজস্থান): ৬৮৯

৫) নতুন দিল্লী : ৬৩৫

৬) ছিৰছা (হাৰিয়ানা): ৫৮১

৭) ভোপাল (মধ্য প্ৰদেশ): ৫১২

৮) প্ৰয়াগৰাজ (উত্তৰ প্ৰদেশ): ৫০৬

৯) সাগৰ (মধ্য প্ৰদেশ): ৪৮৮

১০) অমৃতসৰ (পাঞ্জাব): ৪৭৪

AQI.in ৰ মতে, কোনো অঞ্চলৰ AQI ১০০-২০০ হ’লে ‘দুৰ্বল’, ২০১-৩০০ হ’লে ‘অস্বাস্থ্যকৰ’, ৩০১-৪০০ হ’লে ‘গুৰুতৰ’ আৰু ৪০০ৰ ওপৰত হ’লে ‘বিপজ্জনক’ বুলি গণ্য কৰা হয়। সেই প্ৰসংগত তালিকাৰ ২০খন চহৰৰ সকলোৰে বায়ুৰ গুণাগুণ ‘বিপজ্জনক’ বুলি চিহ্নিত কৰা হৈছে।

কিন্তু প্ৰতিবছৰৰ দৰে নিষেধাজ্ঞা অতিক্ৰিমি দীপাৱলীৰ নিশাও ফটকা ফুটি থাকিল। ফলত দিল্লীৰ একিউআইয়ে নিশা ১০ বজাত ৩৭১ স্পৰ্শ কৰে। মাজনিশা অতিক্ৰম কৰিলে ‘বিপজ্জনক’ সীমা। সোমবাৰে পুৱা ৬:৫১ বজাত দিল্লীৰ AQI ৭৭৬ লৈ নামি আহে। ৰাতিপুৱা বতাহত পিএম ২.৫ (পিএম২.৫)ৰ মাত্ৰা ৫৫৪ মাইক্ৰ’গ্ৰাম/মিটাৰ কুইণ্টল আৰু পিএম ১০ (পিএম১০)ৰ পৰিমাণ ৭০৮ মাইক্ৰ’গ্ৰাম/মিটাৰ কুইণ্টল।

যদিও ই বিশ্বৰ শীৰ্ষ ২০ খন প্ৰদূষিত চহৰৰ ভিতৰত নাই, তথাপিও কলকাতা, চেন্নাই, হায়দৰাবাদ, মুম্বাই আৰু বেংগালুৰুকে ধৰি কিছুমান মেট্ৰ’ চহৰৰ অৱস্থাও ভাল নহয়।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বায়ু প্ৰদূষণত বিশ্ব অভিলেখ ভাৰতৰ! দীপাৱলীৰ পিছত বিশ্বৰ ১০০খন প্ৰদূষিত চহৰৰ ৯৯খনেই এই দেশৰ; কি অৱস্থা গুৱাহাটীৰ?

বায়ু প্ৰদূষণত বিশ্ব অভিলেখ ভাৰতৰ! দীপাৱলীৰ পিছত বিশ্বৰ ১০০খন প্ৰদূষিত চহৰৰ ৯৯খনেই এই দেশৰ; কি অৱস্থা গুৱাহাটীৰ?

November 9, 2026 2:53 pm
চীনা গুপ্তচৰৰ সৈতে প্ৰেম! ভাৰতীয়ৰ পৰা ১০০ কোটি টকা ‘চুৰি’ কৰা টেক সংস্থাৰ চিইঅ’ক লৈ আলোড়ন

চীনা গুপ্তচৰৰ সৈতে প্ৰেম! ভাৰতীয়ৰ পৰা ১০০ কোটি টকা ‘চুৰি’ কৰা টেক সংস্থাৰ চিইঅ’ক লৈ আলোড়ন

November 9, 2026 12:34 pm
বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে তীব্ৰবেগী গাড়ীয়ে; অগ্নিদগ্ধ হৈ মৰ্মান্তিক মৃত্যু ৬ জন যাত্ৰীৰ

বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে তীব্ৰবেগী গাড়ীয়ে; অগ্নিদগ্ধ হৈ মৰ্মান্তিক মৃত্যু ৬ জন যাত্ৰীৰ

November 9, 2026 11:37 am
From APL to IPL! চি এছ কে ট্ৰায়েলৰ বাবে আমন্ত্ৰণ পালে নগাঁও ৰেঞ্জাৰ্ছৰ সুনীল লাচিতে

From APL to IPL! চি এছ কে ট্ৰায়েলৰ বাবে আমন্ত্ৰণ পালে নগাঁও ৰেঞ্জাৰ্ছৰ সুনীল লাচিতে

November 9, 2026 10:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বায়ু প্ৰদূষণত বিশ্ব অভিলেখ ভাৰতৰ! দীপাৱলীৰ পিছত বিশ্বৰ ১০০খন প্ৰদূষিত চহৰৰ ৯৯খনেই এই দেশৰ; কি অৱস্থা গুৱাহাটীৰ?

বায়ু প্ৰদূষণত বিশ্ব অভিলেখ ভাৰতৰ! দীপাৱলীৰ পিছত বিশ্বৰ ১০০খন প্ৰদূষিত চহৰৰ ৯৯খনেই এই দেশৰ; কি অৱস্থা গুৱাহাটীৰ?

November 9, 2026 2:53 pm
চীনা গুপ্তচৰৰ সৈতে প্ৰেম! ভাৰতীয়ৰ পৰা ১০০ কোটি টকা ‘চুৰি’ কৰা টেক সংস্থাৰ চিইঅ’ক লৈ আলোড়ন

চীনা গুপ্তচৰৰ সৈতে প্ৰেম! ভাৰতীয়ৰ পৰা ১০০ কোটি টকা ‘চুৰি’ কৰা টেক সংস্থাৰ চিইঅ’ক লৈ আলোড়ন

November 9, 2026 12:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd