• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ৰ অইলৰ টেঙাখাতস্থিত প্ৰকল্পৰ বিস্ফোৰণৰ মৃত্যুৰ সংখ্যা ৫লৈ বৃদ্ধি, ৪ কৰ্মচাৰী নিলম্বিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2026 7:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড়ৰ টেঙাখাতত অইল ইণ্ডিয়া লিমিটেডৰ প্ৰকল্পত সংঘটিত ভয়ংকৰ বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ঘটনাই অধিক কৰুণ ৰূপ ধাৰণ কৰিছে। এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পাইছে। মঙলবাৰে (১০ নৱেম্বৰ) চিকিৎসাধীন অৱস্থাত আন এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ পিছতে মৃতকৰ সংখ্যা পাঁচজন হয়। শেহতীয়াকৈ মৃত্যু হোৱা শ্ৰমিকজনক টেঙাখাতৰ দীঘলীয়া গাঁৱৰ ৪০ বছৰীয়া কুমুদ গগৈ বুলি জানিব পৰা গৈছে। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

উল্লেখ্য যে, যোৱা ৬ নৱেম্বৰৰ পুৱা প্ৰায় ৯.০৫ বজাত টেঙাখাতৰ অইলৰ Intermediate Tank Farm (ITF)ত ৰক্ষণাবেক্ষণৰ কাম চলি থকাৰ সময়তে সংঘটিত হৈছিল এই বিস্ফোৰণ। বিস্ফোৰণৰ পিছতে প্ৰকল্পটোত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। অইলৰ প্ৰাৰম্ভিক মূল্যায়ন অনুসৰি, ৰক্ষণাবেক্ষণৰ বাবে ৪ নৱেম্বৰৰ পৰা বন্ধ কৰি ৰখা টেংক ফাৰ্মৰ Indirect Bath Heater অঞ্চলত সংঘটিত হৈছিল বিস্ফোৰণটো। ঘটনাত অইলৰ সৈতে চুক্তিবদ্ধ মুম্বাইৰ Spectron Engineers Private Limited নামৰ প্ৰতিষ্ঠানটোৰ সাতজন কৰ্মচাৰী আহত হৈছিল।

Apply Now

এই দুৰ্ঘটনাত প্ৰথমে ৰাজু দত্তৰ ঘটনাস্থলীতে মৃত্যু হৈছিল। পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় তাপস গগৈ, ৰূপম গোহাঁই আৰু শৈলেন গগৈৰ। মঙলবাৰে কুমুদ গগৈৰ মৃত্যুৰ লগে লগে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পায়। আনহাতে, গুৰুতৰভাৱে আহত গোলাপ দত্ত বৰ্তমানেও ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আন এগৰাকী আহত শ্ৰমিক ইন্দ্ৰ গগৈক উন্নত চিকিৎসাৰ বাবে সোমবাৰে বিমান এম্বুলেন্সযোগে নতুন দিল্লীৰ এপ’ল’ হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে।

ইফালে, এই ঘটনাৰ পিছতে অইল ইণ্ডিয়া লিমিটেডে দায়িত্ব পালনত অৱহেলাৰ অভিযোগত প্ৰকল্পটোৰ সৈতে জড়িত চাৰিজন কৰ্মচাৰীক নিলম্বন কৰিছে। নিলম্বিতসকলৰ ভিতৰত তিনিজন বিষয়া আৰু এগৰাকী কৰ্মচাৰী আছে। কোম্পানীটোৰ মুখপাত্ৰ প্ৰণকুশ মল্ল বুজৰবৰুৱাই এই কথা সদৰী কৰিছে। লগতে দুৰ্ঘটনাটোৰ কাৰণ নিৰ্ধাৰণ কৰিবলৈ অইলে এক আভ্যন্তৰীণ তদন্ত সমিতিও গঠন কৰিছে।

আনহাতে, দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰতিগৰাকী কৰ্মচাৰীৰ পৰিয়াললৈ ১০ লাখ টকাকৈ আৰু আহতসকললৈ ৫ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে অইল কৰ্তৃপক্ষই। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আহতসকলৰ চিকিৎসাৰ অগ্ৰগতিৰ বুজ লৈছে। অৱশ্যে, ভয়ংকৰ বিস্ফোৰণটোৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। তদন্তৰ প্ৰতিবেদন প্ৰকাশৰ পিছতহে ঘটনাটোৰ আঁৰৰ প্ৰকৃত কাৰণ আৰু সম্ভাব্য সুৰক্ষাজনিত গাফিলতিৰ বিষয়ে স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিব্ৰুগড়ৰ অইলৰ টেঙাখাতস্থিত প্ৰকল্পৰ বিস্ফোৰণৰ মৃত্যুৰ সংখ্যা ৫লৈ বৃদ্ধি, ৪ কৰ্মচাৰী নিলম্বিত

ডিব্ৰুগড়ৰ অইলৰ টেঙাখাতস্থিত প্ৰকল্পৰ বিস্ফোৰণৰ মৃত্যুৰ সংখ্যা ৫লৈ বৃদ্ধি, ৪ কৰ্মচাৰী নিলম্বিত

November 10, 2026 7:00 pm
গুৱাহাটীত স্থাপন হ’ব বীৰ্য বেংক! নিঃসন্তান দম্পতীৰ মুখত আপুনিও বিৰিঙাব পাৰিব হাঁহি

গুৱাহাটীত স্থাপন হ’ব বীৰ্য বেংক! নিঃসন্তান দম্পতীৰ মুখত আপুনিও বিৰিঙাব পাৰিব হাঁহি

November 10, 2026 6:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd