মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাৱটি ধৰি নিজকে ‘বিশ্বগুৰু’ সজোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তথাকথিত আন্তঃৰাষ্ট্ৰীয় জনপ্ৰিয়তা আৰু বন্ধুত্বৰ ফোপোলা মুখাখন অৱশেষত বিশ্ববাসীৰ সন্মুখত খোল খালে খোদ আমেৰিকাৰ চৰকাৰী নথিয়ে। ভাৰতীয় দৰিদ্ৰ জনতাৰ কৰৰ ধন খৰচ কৰি নৰেন্দ্ৰ মোদী চৰকাৰে আমেৰিকাত ধনৰ বিনিময়ত ট্ৰাম্পৰ পৰা প্ৰশংসা আৰু অভিনন্দন ক্ৰয় কৰিছিল বুলি এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। আমেৰিকাৰ ‘ফৰেইন এজেন্টছ ৰেজিষ্ট্ৰেশ্যন এক্ট’ৰ (FARA) অধীনত দাখিল কৰা চৰকাৰী তথ্যত এই বিষয়টো উন্মোচিত হৈছে। যোৱা জুন মাহত ভাৰতৰ সৰ্বাধিক কাল কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী হিচাপে ড’নাল্ড ট্ৰাম্পৰ পৰা ‘ট্ৰুথ ছ’চিয়েল’ আৰু ‘এক্স’ত মোদীয়ে লাভ কৰা শুভেচ্ছা বাৰ্তাটো কোনো স্বতঃস্ফূৰ্ত বন্ধুত্বৰ চানেকি নাছিল; বৰঞ্চ ই আছিল ধনৰ বিনিময়ত কৰা এক ব্যৱস্থা।
ফাদিল হোৱা তথ্য অনুসৰি, মাহিলী ৭৫,০০০ মাৰ্কিন ডলাৰ (অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ৬৩ লাখ টকা) বিনিময়ত ভাৰা কৰা এটা মাৰ্কিন লবীং ফাৰ্মে এই প’ষ্টটো ট্ৰাম্পৰ দ্বাৰা লিখোৱাৰ ব্যৱস্থা কৰি দিছিল। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, ড’নাল্ড ট্ৰাম্প পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছতেই মোদী চৰকাৰে ট্ৰাম্পৰ ঘনিষ্ঠ মহলৰ দ্বাৰা পৰিচালিত ‘মাৰ্কাৰী পাব্লিক এফেয়াৰ্ছ’ নামৰ লবীং সংস্থাটোক এই বৃহৎ পৰিমাণৰ ধন দি ভাৰা কৰিছিল। ট্ৰাম্পৰ ট্ৰেঞ্জিশ্যন টিমৰ কমিউনিকেশ্যন ডাইৰেক্টৰ ব্ৰায়ান লাঞ্জা থকা এই সংস্থাটোতেই ২০২৪ চনৰ শেষলৈকে এজন পঞ্জীয়নভুক্ত লবীষ্ট হিচাপে কাম কৰিছিল ট্ৰাম্পৰ বিদায়ী চীফ অৱ ষ্টাফ চুজি ৱাইলছেও। মাৰ্কাৰী পাব্লিক এফেয়াৰ্ছে মাৰ্কিন চৰকাৰৰ ওচৰত দাখিল কৰা আনুষ্ঠানিক নথিত স্পষ্টভাৱে উল্লেখ কৰিছে যে ভাৰত চৰকাৰৰ পৰা পোৱা ধনৰ বিনিময়ত কৰা কামসমূহৰ ভিতৰত জুন মাহত মোদীক প্ৰশংসা কৰি ট্ৰাম্পৰ ছ’চিয়েল মিডিয়াত দিয়া প’ষ্টটোৰ ব্যৱস্থা কৰাটোও অন্যতম আছিল।
কেৱল সেয়াই নহয়, হোৱাইট হাউছৰ বিষয়াসকলৰ সৈতে ফোনত যোগাযোগ কৰোৱাৰ বাবেই মোদী চৰকাৰে ট্ৰাম্পৰ আন এজন ঘনিষ্ঠ সহযোগী জেছন মিলাৰৰ কোম্পানী ‘এছ এইচ ডব্লিউ পাৰ্টনাৰ্ছ এল এল চি’ক মাহিলী ১,৫০,০০০ ডলাৰ (প্ৰায় ১ কোটি ২৬ লাখ টকা) প্ৰদান কৰিছিল। ২০২৫ চনৰ এপ্ৰিল মাহত ৱাশ্বিংটনস্থিত ভাৰতীয় দূতাবাসে মিলাৰৰ এই কোম্পানীটোৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল আৰু চলিত বৰ্ষৰ এপ্ৰিলত ইয়াক পুনৰ এবছৰৰ বাবে বৃদ্ধি কৰা হৈছিল। পাছত জেছন মিলাৰে নিজেই ট্ৰাম্প প্ৰশাসনত চৰকাৰী বিষয়া হিচাপে যোগদান কৰাত যোৱা ২৩ জুনত এই চুক্তি বাতিল কৰা হয়।
FARA-ৰ তথ্যই উদঙাই দিছে যে এই বিপুল পৰিমাণৰ ধনৰ বিনিময়ত মিলাৰৰ কোম্পানীটোৱে যোৱা মে’ আৰু জুন মাহত মাৰ্কিন বৈদেশিক সচিব মাৰ্কো ৰুবিঅ’ৰ ভাৰত ভ্ৰমণৰ আগত আৰু পাছত ভাৰত চৰকাৰৰ সৈতে আমেৰিকাৰ কেইবাজনো শীৰ্ষ বিষয়াৰ মাজত মাত্ৰ ৮ টাকৈ ফ’ন কলৰ ব্যৱস্থা কৰি দিছিল। ইয়াৰ ভিতৰত কোষাগাৰ সচিব স্কট বেছেণ্ট, উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইকেল নিধাম, মাৰ্কিন বাণিজ্য প্ৰতিনিধি জেমিছন গ্ৰীয়াৰ আৰু হোৱাইট হাউছৰ যোগাযোগ সঞ্চালক ষ্টিভেন চুং অন্যতম। এফালে ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত বাণিজ্যিক শুল্ক জাপি দি দাদাগিৰি চলাইছে আৰু আনফালে সেইগৰাকী অহংকাৰী ট্ৰাম্পৰ চাটুকাৰ বাহিনীক মাহে কোটি কোটি টকাৰ ভেটি দি মোদীয়ে ফোনত কথা পতাৰ লগতে ছ’চিয়েল মিডিয়াৰ এটা প’ষ্ট ভিক্ষা মাগিবলগীয়া হোৱা ঘটনাই প্ৰধানমন্ত্ৰী মোদীৰ তথাকথিত বিশ্বগুৰুৰ ফোপোলা ডংকাক আজি বিশ্ব দৰবাৰত সম্পূৰ্ণৰূপে উলংগ কৰি পেলাইছে।


