• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘বায়ু প্ৰদূষণ ডাঙৰ কথা নহয়, সময়ৰ লগে লগে নিজেই কমি যাব’! দীপাৱলীত আতচবাজি ফুটোৱাক লৈ অদ্ভুদ যুক্তি যোগী আদিত্যনাথৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2026 3:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ বায়ু প্ৰদূষণে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সময়তে দীপাৱলীত আতচবাজি ফুটোৱা আৰু প্ৰদৰ্শনীৰ পক্ষত মুকলিকৈ থিয় হ’ল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। ধনতেৰাচ আৰু দীপাৱলীত দেশবাসীয়ে ব্যাপকভাৱে আতচবাজি ফুটাই উৎসৱ পালন কৰা কাৰ্যক প্ৰশংসা কৰি ইয়াক অতি আনন্দদায়ক দৃশ্য বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। একে সময়তে উৎসৱৰ সময়ত আতচবাজিৰ ফলত বায়ু প্ৰদূষণ বৃদ্ধি পোৱা বুলি উদ্বেগ প্ৰকাশ কৰা লোকসকলকো তীব্ৰ সমালোচনা কৰে তেওঁ।

যোগী আদিত্যনাথে কয়, নিজৰ দুৰ্নীতিগ্ৰস্ত কাৰ্যকলাপেৰে সমগ্ৰ প্ৰশাসনীয় ব্যৱস্থা আৰু সমাজখন প্ৰদূষিত কৰা লোকসকলক লৈ কোনেও প্ৰশ্ন নকৰে। কিন্তু দেশৰ সাধাৰণ মানুহে যদি বছৰৰ এটা দিন আতচবাজি ফুটাই আনন্দ কৰে, তেতিয়াই চৌদিশে বায়ু প্ৰদূষণৰ কথা উত্থাপন হ’বলৈ ধৰে। বায়ু প্ৰদূষণক লৈ মানুহে অত্যধিক চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে সাময়িকভাৱে প্ৰদূষণ বৃদ্ধি পালেও সময়ৰ লগে লগে সেয়া নিজে নিজেই স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব।

Apply Now

দীপাৱলীত দেশবাসীয়ে ব্যাপক উলহ-মালহেৰে আতচবাজি ফুটাই উৎসৱ পালন কৰাত সন্তুষ্টি প্ৰকাশ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁৰ মতে, বিজেপি চৰকাৰে উৎসৱ পালনৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা আৰোপ কৰা নাই, বৰং সকলোকে মুক্তভাৱে উৎসৱ উদযাপনৰ বাবে উৎসাহিত কৰিছে। অযোধ্যাত নিজে দীপাৱলী উদযাপন কৰাৰ কথাও উল্লেখ কৰি যোগীয়ে কয় যে তেওঁ নিজেও সেই বৰ্ণাঢ্য আতচবাজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। উৎসৱৰ সময়তহে একাংশ লোকৰ বায়ু প্ৰদূষণৰ কথা মনত পৰে বুলিও কটাক্ষ কৰে তেওঁ।

কিন্তু পৰিসংখ্যাই দেখুৱাইছে এক উদ্বেগজনক ছবি। দীপাৱলীৰ পূৰ্বেই অৰ্থাৎ ৮ নৱেম্বৰৰ পৰা দেশৰ কেইবাখনো চহৰৰ বায়ুৰ গুণমান যথেষ্ট অৱনমিত হৈছিল। বিশেষকৈ ৰাজধানী দিল্লী আৰু ইয়াৰ কাষৰীয়া নয়ডা, গুৰুগ্ৰামৰ দৰে অঞ্চলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। এই অঞ্চলসমূহৰ আধাতকৈও অধিক বায়ুৰ গুণমান নিৰীক্ষণ কেন্দ্ৰত বায়ুৰ গুণমান সূচকাংক (AQI) ৪০০ৰ সীমা অতিক্ৰম কৰি অতি সংকটজনক পৰ্যায়ত উপনীত হৈছিল।

৯ নৱেম্বৰৰ পুৱাও দিল্লীৰ বায়ুৰ গুণমান সূচকাংক যোৱা বছৰৰ একে সময়ৰ তুলনাত যথেষ্ট বিপজ্জনক অৱস্থাত আছিল। এনে পৰিস্থিতিত বায়ু প্ৰদূষণক লৈ দেশজুৰি উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে আতচবাজি ফুটোৱাৰ পক্ষত যোগী আদিত্যনাথৰ এই মন্তব্যই নতুনকৈ বিতৰ্কৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বায়ু প্ৰদূষণ ডাঙৰ কথা নহয়, সময়ৰ লগে লগে নিজেই কমি যাব’! দীপাৱলীত আতচবাজি ফুটোৱাক লৈ অদ্ভুদ যুক্তি যোগী আদিত্যনাথৰ

‘বায়ু প্ৰদূষণ ডাঙৰ কথা নহয়, সময়ৰ লগে লগে নিজেই কমি যাব’! দীপাৱলীত আতচবাজি ফুটোৱাক লৈ অদ্ভুদ যুক্তি যোগী আদিত্যনাথৰ

November 11, 2026 3:49 pm
ককাৰ সম্পত্তিত সঁচাকৈয়ে নাতিৰ কোনো অধিকাৰ নাথাকে নেকি? পৈতৃক সম্পত্তিক লৈ উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়!

ককাৰ সম্পত্তিত সঁচাকৈয়ে নাতিৰ কোনো অধিকাৰ নাথাকে নেকি? পৈতৃক সম্পত্তিক লৈ উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়!

November 11, 2026 2:27 pm
বিশ্বগুৰুৰ ফোপোলা স্বৰূপ? কোটি কোটি ধনৰ বিনিময়ত ট্ৰাম্পৰ প্ৰশংসা ক্ৰয় কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে!

বিশ্বগুৰুৰ ফোপোলা স্বৰূপ? কোটি কোটি ধনৰ বিনিময়ত ট্ৰাম্পৰ প্ৰশংসা ক্ৰয় কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে!

November 11, 2026 12:08 pm
আপুনিও চৰকাৰী চাকৰি কৰে নেকি? সাৱধান, কাৰ্যক্ষমতা নাথাকিলে সময়ৰ আগতেই চাকৰি যাব পাৰে আপোনাৰো!

আপুনিও চৰকাৰী চাকৰি কৰে নেকি? সাৱধান, কাৰ্যক্ষমতা নাথাকিলে সময়ৰ আগতেই চাকৰি যাব পাৰে আপোনাৰো!

November 11, 2026 11:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বায়ু প্ৰদূষণ ডাঙৰ কথা নহয়, সময়ৰ লগে লগে নিজেই কমি যাব’! দীপাৱলীত আতচবাজি ফুটোৱাক লৈ অদ্ভুদ যুক্তি যোগী আদিত্যনাথৰ

‘বায়ু প্ৰদূষণ ডাঙৰ কথা নহয়, সময়ৰ লগে লগে নিজেই কমি যাব’! দীপাৱলীত আতচবাজি ফুটোৱাক লৈ অদ্ভুদ যুক্তি যোগী আদিত্যনাথৰ

November 11, 2026 3:49 pm
ককাৰ সম্পত্তিত সঁচাকৈয়ে নাতিৰ কোনো অধিকাৰ নাথাকে নেকি? পৈতৃক সম্পত্তিক লৈ উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়!

ককাৰ সম্পত্তিত সঁচাকৈয়ে নাতিৰ কোনো অধিকাৰ নাথাকে নেকি? পৈতৃক সম্পত্তিক লৈ উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়!

November 11, 2026 2:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd