• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হৰিদ্বাৰৰ পৰা ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ পৰা নদীত পৰিল বাছ, কমেও ৮ জনৰ মৃত্যু

ঋষিকেশ-বদ্ৰীনাথ ঘাইপথেৰে যাওঁতে গুলাৰ অঞ্চলৰ সমীপত এখন দলং পাৰ হোৱাৰ সময়ত বাছখন খাৱৈত বাগৰি পৰে। প্ৰায় ১০০ মিটাৰ তললৈ নামি বাছখন খাৱৈৰ তলত নদীত পৰে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 17, 2026 11:13 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন যাত্ৰীবাহী বাছ দলঙৰ পৰা চিধাই নদীত বাগৰি পৰে। তাৰ আগতে বাছখন কমেও ১০০ মিটাৰ খাৱৈৰ পৰা তললৈ চুচুৰি গৈছিল। উত্তৰাখণ্ডৰ ঋষিকেশ-বদ্ৰীনাথ ঘাইপথত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বাতৰি মতে, বাছখনত কমেও ৩০ৰ পৰা ৩৫জন যাত্ৰী আছিল। ইয়াৰে ৮ জনৰ ইতিমধ্যে মৃত্যু হৈছে। দুৰ্যোগ ব্যৱস্থাপনা দলে আহতসকলক উদ্ধাৰৰ কাম আৰম্ভ কৰিছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

জানিব পৰা মতে, বাছখন হৰিদ্বাৰৰ পৰা আহি আছিল। মঙলবাৰে পুৱতি নিশা প্ৰায় ৩:৩০ বজাত হৰিদ্বাৰৰ পৰা কৰ্ণপ্ৰয়াগ অভিমুখে আহিছিল বাছখন। দুৰ্ঘটনাটোৰ সঠিক সময় এতিয়াও স্পষ্ট হোৱা নাই।

Apply Now

ঋষিকেশ-বদ্ৰীনাথ ঘাইপথেৰে যাওঁতে গুলাৰ অঞ্চলৰ সমীপত এখন দলং পাৰ হোৱাৰ সময়ত বাছখন খাৱৈত বাগৰি পৰে। প্ৰায় ১০০ মিটাৰ তললৈ নামি বাছখন খাৱৈৰ তলত নদীত পৰে। থিতাতে কমেও ৮ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা দলে উদ্ধাৰ অভিযান আৰম্ভ কৰে। বাছখন নদীত পৰি যোৱাৰ পিছত বহু যাত্ৰী আবদ্ধ হৈ পৰে বাছখনত। তেওঁলোকক এজন এজনকৈ ঋষিকেশ এইমছলৈ লৈ যোৱা হয়। তাত কমেও ২৬জন যাত্ৰী চিকিৎসাধীন হৈ আছে। সম্প্ৰতি কোনো যাত্ৰী নদীত উটি গৈছে নেকি সেয়া উদ্ধাৰকাৰীয়ে পৰীক্ষা কৰি আছে। ঘটনাৰ কেইবা ঘণ্টা পাৰ হৈ গ’লেও উদ্ধাৰ অভিযান পূৰ্ণগতিত চলি আছে।

জানিব পৰা মতে, যাত্ৰীসকলৰ ভিতৰত কলকাতা, বিহাৰ, অসম, দিল্লী, উত্তৰ প্ৰদেশৰ বাসিন্দাও আহত হৈছে। আহত যাত্ৰীসকলৰ অধিকাংশই ঝাৰখণ্ডৰ বাসিন্দা। বাছখনত উত্তৰাখণ্ডৰ একাংশ বাসিন্দাও আছিল। অৱশ্যে মৃত লোককেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। আহতসকলৰ ভিতৰত  সংকটজনক অৱস্থাৰ লোকসকলৰ পৰিচয়ো এতিয়াও জানিব পৰা হোৱা নাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এক্স হেণ্ডেলত এই মৰ্মান্তিক ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ উপৰিও আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰিদ্বাৰৰ পৰা ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ পৰা নদীত পৰিল বাছ, কমেও ৮ জনৰ মৃত্যু

হৰিদ্বাৰৰ পৰা ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ পৰা নদীত পৰিল বাছ, কমেও ৮ জনৰ মৃত্যু

November 17, 2026 11:13 am
ছোনিয়া গান্ধীৰ ‘Belonging’য়ে গঢ়িলে একাধিক অভিলেখ; এসপ্তাহ নৌহওঁতেই কিতাপখনৰ কিমান বিক্ৰী?

ছোনিয়া গান্ধীৰ ‘Belonging’য়ে গঢ়িলে একাধিক অভিলেখ; এসপ্তাহ নৌহওঁতেই কিতাপখনৰ কিমান বিক্ৰী?

November 17, 2026 10:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd